বিজেপিৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা একপ্ৰকাৰ চূড়ান্ত কৰা হৈছে। নতুন দিল্লীত অনুষ্ঠিত দলটোৰ নিৰ্বাচনী সমিতিৰ বৈঠকত এই তালিকাত চূড়ান্ত ছীল মোহৰ মৰা হয় যদিও কাইলৈ নাইবা পৰহি পুৱাহে বিজেপিৰ তালিকা প্ৰকাশ কৰা হব বুলি মুখ্যমন্ত্ৰীয়ে দিল্লীৰ বৈঠকৰ অন্তত জানিবলৈ দিয়ে।
মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি, বিজেপিয়ে এইবাৰ ৮৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। মিত্ৰ দল অগপই ২৬খন আসনত আৰু বিপিএফে ১১খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।
উল্লেখযোগ্য যে এই আসন বন্টন এনডিএ মিত্ৰজোঁটৰ ভিতৰত চূড়ান্ত কৰা হৈছে আৰু ইয়াক আগন্তুক নিৰ্বাচনৰ বাবে গুৰুত্বপূৰ্ণ কৌশল হিচাপে ধৰা হৈছে।
এই ঘোষণাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি অধিক তীব্ৰ হৈ উঠাৰ সম্ভাৱনা দেখা গৈছে।
ডিজিটেল ডেস্ক, ১৭ মাৰ্চ