নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাচিত দিৱস : নাহৰকটীয়াত প্ৰীতি ক্ৰিকেট খেল

বিশেষ বাৰ্তা, ২৪ নৱেম্বৰ : মহাবীৰ লাচিত বৰফুকনৰ ৪০০ জন্ম জয়ন্তী উপলক্ষে আজি নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া কায্যালয়ৰ উদ্যোগত অনুষ্ঠিত হয় এখনি প্ৰীতি ক্ৰিকেট খেল। নাহৰকটীয়া মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এই খেলখনত প্ৰতিদ্বন্দ্বিতা কৰে ৰাজহ চক্ৰ বিষয়া একাদশ আৰু নাহৰকটীয়া প্ৰেছ গীল্ড একাদশে। খেলখনত টছত জিকি প্ৰথমে বেটিং কৰা প্ৰেছ গীল্ড একাদশে ৰবি ঘাটোৱাৰৰ ৫৩ ৰান, দীপাংকৰ কাকতিৰ ২১ ৰান আৰু প্ৰাঞ্জল ভূঞাৰ ৭ ৰানৰ সহায়ত নিৰ্ধাৰিত ১০ অভাৰত এটা উইকেট হেৰুৱাই ১০২ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ৰাজহ চক্ৰ বিষয়া একাদশ দলে নিৰ্ধাৰিত অভাৰত ৫টা উইকেট হেৰুৱাই মাত্ৰ ৬১ ৰানহে কৰিবলৈ সক্ষম হয়। প্ৰেছ গীল্ড একাদশৰ হৈ প্ৰাঞ্জল ভূঞা, জ্যোতিষ্মান বৰঠাকুৰ, দীপাংকৰ কাকতী, ৰবি ঘাটোৱাৰ আৰু চন্দ্ৰজিত বৰুৱাই এটাকৈ উইকেট দখল কৰে। খেলৰ শেষত বিজয়ী দলক বঁটা বিতৰণ কৰে ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈয়ে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like