নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেৰগাঁৱৰ তক্ষশীলা সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নাট্যানুষ্ঠানত মঞ্চস্থ ‘জীৱন আৰু কাৰাগাৰ’

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰ: ভেৰগাঁৱৰ সমীপৱৰ্ত্তী চেউনী কাকাৰামাৰীৰ তক্ষশীলা সাংস্কৃতিক বিশ্ববিদ্যালয়ে কালিৰে পৰা দুদিনীয়াকৈ আয়োজন কৰা নাট প্ৰদৰ্শনৰ অনুষ্ঠানলৈ দৰ্শক, শুভাকাংক্ষী ৰাইজৰ ব্যাপক সহাঁৰি পৰিলক্ষিত হৈছে। প্ৰথম নিশাৰ নাট উপভোগ কৰিবলৈ কালি প্ৰতিষ্ঠান খনৰ প্ৰাংগণত নিৰ্মিত অস্থায়ী প্ৰেক্ষাগৃহত সহশ্ৰাধিক দৰ্শকে ভিৰ কৰে। বিশ্ববিদ্যালয় খনৰ নাট বিভাগে যোৱা নিশা মঞ্চস্থ কৰা তাৰিণী ৰঞ্জন ডেকা ৰচিত আৰু পৰিচালিত জীৱন আৰু কাৰাগাৰ নামৰ মননশীল, সামাজিক নাট খনে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। নাট উপভোগ কৰা দৰ্শকে নাটৰ কাহিনীৰ লগতে শিল্পী সকলৰ অভিনয়ত আপ্লুত হোৱা বুলি মন্তব্য কৰিছে। উল্লেখ্য যে তক্ষশীলা সাংস্কৃতিক বিশ্ববিদ্যালয়ে স্থানীয় কেইগৰাকীমান অপেচাদাৰী শিল্পী, কলা- কুশলীক লৈ দুখন পূৰ্ণাংগ সামাজিক নাট পৰিৱেশনৰ জৰিয়তে প্ৰতিষ্ঠানখনৰ বাবে অৰ্থ সংগ্ৰহৰ উদ্যোগ লৈছে। কালি নিশা দুদিনীয়াকৈ আয়োজিত এই নাট প্ৰদৰ্শনৰ কাৰ্যসূচী প্ৰতিষ্ঠানখনৰ মুখ্য উপদেষ্টা পখিলা কলিতাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰে ওদালগুৰি জিলা বিজেপিৰ সম্পাদক জৌশ্ৰাং বড়োৱে । উল্লেখ্য যে তক্ষশীলা সাংস্কৃতিক বিশ্ববিদ্যালয়ে প্ৰদৰ্শন কৰা নাট উপভোগ কৰিবলৈ কাকাৰামাৰীত উপস্থিত হৈছে নেছনেল পাৰফৰ্মিং আৰ্ট এছোচিয়েচন অৱ ইণ্ডিয়াৰ উপ -সভাপতি অশোক শৰ্মা। তেৱোঁ উদ্বোধনী অনুষ্ঠানত চমু ভাষণ দিয়ে। নাট্য দলটোৱে আজি অন্তিম নিশা মঞ্চস্থ কৰিব যশস্বী নাট্যকাৰ মহেশ কলিতা ৰচিত আৰু তাৰিণী ৰঞ্জন ডেকা পৰিচালিত পৰিয়ালৰ উপভোগ্য, বলিষ্ঠ সামাজিক নাট তেজ লগা মৰম।প্ৰণিধানযোগ্য যে নাট দুখনত অভনয় কৰা আটাইকেইগৰাকী শিল্পীৰ লগতে কলা কুশলী সকলো জনজাতীয়। নাট দুখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে মাধৱ ৰাভা, কুমুদ ৰাভা, ৰত্নকান্ত ৰাভা, ৰাতুল বৰ্মন, দেৱ, জিণ্টুজিৎ বড়ো, ৰাতুল ৰাভা, জয়ন্ত ৰাভা, জনাৰাম ৰাভা, ধনেশ্বৰ ৰাভা, জৌনমছা বড়ো, সৰলা কছাৰী, পুতুলী ৰাভা, জ্যোতিষ্মা বড়ো, মনজিৎ কছাৰী, হেমলতা ৰাভা, জিতেন ৰাভা, দিবাকৰ ৰাভা, বুলু কছাৰী আৰু তাৰিণী ৰঞ্জন ডেকা আদি ন- পুৰণি শিল্পী সকলে। নাট্য দলটোৰ মুখ্য পৃষ্ঠপোষক নাট্যাচাৰ্য পখিলা কলিতা। তদুপৰি পৃষ্ঠপোষক সকল ক্ৰমে ধৰ্মেশ্বৰ ৰাভা, প্ৰসন্ন ৰাভা, জৌনমছা বড়ো, ৰাতুল বৰ্মণ আৰু দিবাকৰ ৰাভা। সামগ্ৰিক ব্যৱস্থাপনাৰ দায়়িত্বত আছে নাৰায়ণ ৰাভা আৰু জনাৰাম ৰাভা। কণ্ঠশিল্পী হৃতি সুন্দৰ ৰাভা আৰু কৃষ্ণাপ্ৰিয়া ৰাভাই গীত পৰিৱেশন কৰা নাট দুখনৰ সংগীত পৰিচালনা অজিৎ ৰাভা আৰু ৰাকেশ ৰোচন বড়োৰ। আনহাতে নৃত্যশিল্পী বিজয় ৰাভা, হৰিপ্ৰিয়া ৰাভা, সুমিতা ৰাভা , বনশিখা ৰাভা , তৰালী ৰাভা , যুস্মিতা ৰাভা ,তৃষ্ণা ৰাভা ,মধুস্মিতা ৰাভা ,অপ্সৰা ডেকা ,তৃষা শইকীয়া ,পঞ্চমী ৰাভা, আৰু দ্বীপান্বিতা ৰাভাই নৃত্য নাটিকা দুখনত অভিনয় কৰিছে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like