নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ধৰ্মীয় স্থানত চুৰি

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰ :– ৰঙিয়াত ধৰ্মীয় স্থানত চুৰি । ধৰ্মীয় স্থানত চুৰি কৰিবলৈ আহি হাতে-লোটে ধৰা পৰিল চোৰ । ৰঙিয়া নগৰৰ টাউন জামে মছজিদৰ দানপাত্ৰ চুৰি কৰিবলৈ অহা যুৱকক হাতে-লোটে ধৰিলে ৰাইজে । দিন দুপৰতে মছজিদৰ ভিতৰত থকা তিনিটাকৈ দানপাত্ৰ ভাঙি পেলাই চোৰজনে । মছজিদটোৰ সমীপতে থকা একাংশ লোকে দানপাত্ৰ ভাঙি থকাৰ শব্দ শুনিবলৈ পায় । লগে লগে মছজিদ পৰিচালনা সমিতিক অৱগত কৰাত চোৰজনক হাতে-লোটে কৰায়ত্ব কৰিবলৈ সক্ষম হয় । পিছত এচামে চোৰজনক লপা থপা দি আৰক্ষীক গতাই দিয়ে । ধৃত চোৰজন হৈছে ৰঙিয়াৰ ইচ্ছাপুৰৰ নজৰুল আলী ।

You might also like