নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ জালাহত বি এচ এফ জোৱানৰ মৃত্যুঃ ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্ত সম্পন্ন

নিয়মীয়া বাৰ্তা, ৯অক্টোবৰঃ বাক্সাৰ জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত ভেৱলা কেওঁট চুপাৰ  কন্দৰ্প দাস (৫৪) নামৰ সীমান্ত সুৰক্ষা বাহিনীৰ হেড কনিষ্টবলজনৰ যোৱা ৭ অক্টোবৰৰ পুৱা  চিকিৎসাধীন অৱস্থাত জম্মু আৰু কাশ্মীৰৰ উধমপুৰ কাত্ৰাৰ নাৰায়না মেডিকেলত   মৃত্যু হয় । পৰিয়ালৰ লোকে জনোৱা মতে তেওঁ দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত আছিল । কালি (৮ অক্টোবৰ ) নিশা তেওঁৰ নশ্বৰ দেহ জালাহ আহি পোৱাত নিশাটো বিভাগীয়ভাবে জালাহ আৰক্ষী পহৰা চকীত ৰাখে আৰু আজি পুৱা পৰিয়ালৰ লোকক দিয়ে । পিছত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে তেওঁৰ শেষকৃত্ত জালাহৰ শ্মশানত সম্পন্ন কৰে । ভেৱলা কেওঁটচুপা নিবাসী প্ৰয়াত অনাদী মোহন দাস আৰু প্ৰয়াত অন্নদা দাসৰ জ্যেষ্ঠ পুত্ৰ কন্দৰ্পই ১৯৯০ চনত সীমান্ত সুৰক্ষা বাহিনীত যোগদান কৰিছিল। তেওঁৰ নশ্বৰ দেহ সীমান্ত সুৰক্ষা বাহিনীয়ে পৰিয়ালক সমজাই দিয়াৰ পাছত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। অতি অমায়িক কন্দৰ্পৰ মৃত্যুত গাঁওবাসীক শোকাচ্ছন্ন কৰি তোলে। পত্নী, এগৰাকী কন্যা, এজন পুত্ৰ, দুগৰাকী ভাতৃ আৰু চাৰিগৰাকী ভগ্নী এৰি অকালতে মৃত্যুবৰণ কৰা সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানজনৰ   এই শেষকৃত্ত অনুষ্ঠানত বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত ও অতিৰিক্ত জিলা দণ্ডাধীশ  ডঃ আশ্ৰাফুল আমিন , বাক্সা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ভাস্কৰজ্যোতি বৰা , শিমলা থানাৰ চি আই গণেশ বৰ্মন , শিমলা থানাৰ অ চি বি ডেকা ,  জালাহ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুনন্দ দাস । সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান সহিতে ইন্সপেক্টৰ প্ৰশান্ত শইকীয়াও উপস্থিত থাকে ।শেষকৃত্ত সম্পন্ন কৰাৰ আগতে বাক্সা জিলা প্ৰশাসন আৰু আৰক্ষীয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে টোপধ্বনিৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

প্ৰেৰক দিগন্ত দাস

You might also like