নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ দদৰাত ড০ হিমন্ত বিশ্ব শর্মাক সর্বাধিক ভোটত জয়ী কৰোৱাৰ সংকল্প

বিজেপিৰ সাংগঠনিক সভাত প্রিয় নেতাৰ বাবে অংগীকাৰ কর্মীৰ

নিয়মীয়া বাৰ্তা ২৩ ফেব্ৰুৱাৰীঃ জালুকবাৰী সমষ্টিৰ ভাৰতীয় জনতা পার্টীৰ শুৱালকুছি মণ্ডলৰ অন্তর্গত দদৰা গাঁও পঞ্চায়তৰ উদ্যোগত কালি বিজেপিৰ সাংগঠনিক সভা এখন অনুষ্ঠিত হয়৷ দদৰা গাঁও পঞ্চায়তৰ সভাপতি মনেশ্বৰ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত সভাত দলৰ সাংগঠনিক দিশৰ বিষয়ে বিস্তৃতভাৱে আলোচনা হয়৷ সভাত দুই শতাধিক ভিন্ন দলৰ বিষয়ববীয়া আৰু সদস্য–সদস্যাই বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ উক্ত সভাত ভৱগিৰি কলিতাই জননেতা ড০ হিমন্ত বিশ্ব শর্মাক লৈ লিখি বাণীবদ্ধ কৰা এটা গীতৰ শ্রাব্য চিডিৰ লগতে জননেতাগৰাকীক লৈ লিখা এটা কবিতা সংকলন উন্মোচন কৰে বিশিষ্ট মহিলা ৰিণিকি ভূঞা শর্মাই৷ সভাত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জালুকবাৰীক ভাৰতবর্ষৰ ভিতৰতে শ্রেষ্ঠ বিধানসভা সমষ্টি হিচাপে নির্মাণৰ বাবে যি ভূমিকা গ্রহণ কৰিছে, সেয়া সঁচাকৈয়ে সকলোৰে বাবে আদৰণীয় বুলি উপস্থিত সকলোৱে উল্লেখ কৰে৷ দলৰ কর্মীসকলে আগন্তুক বিধানসভা নির্বাচনত মন্ত্রী ড০ শর্মাক সর্বাধিক ভোটত বিজয়ী কৰোৱাৰ সংকল্প গ্রহণ কৰে৷ সভাত শুৱালকুছি মণ্ডল বিজেপিৰ সভাপতি হেমচন্দ্র বৈশ্য, শুৱালকুছি জিলা পৰিষদৰ সদস্যা নন্দিতা কলিতা, সমাজসেৱিকা নীলাক্ষি বৰা প্রমুখ্যে বিজেপিৰ কেইবাজনো বিষয়ববীয়া আৰু কর্মকর্তা উপস্থিত থাকে৷

You might also like