নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায় জনপ্রতিনিধি অসমৰ ২১ বিধায়ক মেট্রিক উত্তীৰ্ণ

আছাম ইলেকচন ৱাটচৰ প্রতিবেদনত ডক্টৰেটৰ তালিকাত মাথোঁ হিমন্ত বিশ্ব শর্মা–ৰফিকুল ইছলাম

নিয়মীয়া বাৰ্তা ২৩ ফেব্ৰুৱাৰীঃ অসম বিধানসভাৰ ১১৯গৰাকী বিধায়কৰ ভিতৰত ৩৭ শতাংশ বিধায়ক পঞ্চমৰ পৰা দ্বাদশ শ্রেণী উত্তীর্ণ৷ আনহাতে, ৬২ শতাংশ বিধায়কৰ শিক্ষাগত অর্হতা স্নাতক বা ততোধিক৷ এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফর্মে আজি প্রকাশ কৰা আছাম ইলেকচন ৱাট্চৰ প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷ প্রতিবেদনখনত প্রকাশ পোৱা তথ্য অনুসৰি, বিধানসভাত পঞ্চম শ্রেণী উত্তীর্ণ এগৰাকী বিধায়ক আছে৷ কংগ্রেছ দলৰ পৰা নির্বাচিত হোৱা জামালউদ্দিন আহমেদ সমগ্র বিধানসভাৰ ভিতৰত আটাইতকৈ কম শিক্ষাগত অর্হতা থকা বিধায়ক৷ অষ্টম শ্রেণী উত্তীর্ণ হোৱা বিধায়ক দুগৰাকী হ’ল দক্ষিণ কৰিমগঞ্জৰ আজিজ আহমেদ খান আৰু আলগাপুৰৰ নিজাম উদ্দিন চৌধুৰী৷ দুয়োগৰাকীয়ে এ আই ইউ ডি এফ দলৰ প্রতিনিধি৷ ২১গৰাকী বিধায়ক দশম শ্রেণী উত্তীর্ণ, ২০গৰাকী দ্বাদশ শ্রেণী উত্তীর্ণ, ৩৮গৰাকী স্নাতক উত্তীর্ণ, কাৰিকৰী স্নাতক ৯গৰাকী, ২৫গৰাকী স্নাতকোত্তৰ, ২গৰাকী ডক্টৰেট আৰু ১গৰাকী ডিপ্ল’মাধাৰী৷ দল হিচাপত এ আই ইউ ডি এফৰ ১৪গৰাকীৰ ভিতৰত ৬গৰাকী, বিজেপিৰ ৫৯গৰাকীৰ ভিতৰত ২৪গৰাকী, কংগ্রেছৰ ২০গৰাকীৰ ভিতৰত ৭গৰাকী, বিপিএফৰ ১২গৰাকীৰ ভিতৰত ৪গৰাকী আৰু অগপৰ ১৩গৰাকীৰ ভিতৰত ২গৰাকীৰ শিক্ষাগত অর্হতা পঞ্চমৰ পৰা দ্বাদশ শ্রেণী উত্তীর্ণ৷ আনহাতে, পি এইচ ডি লাভ কৰা জনপ্রতিনিধি দুগৰাকী হ’ল জনিয়াৰ এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলাম আৰু জালুকবাৰীৰ বিজেপি বিধায়ক হিমন্ত বিশ্ব শর্মা৷

You might also like