নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাপৰমুখ ৰে’লৱে জংচনত আৰপিএফৰ অভিযানঃ ৫ লক্ষাধিক টকাৰ মূল্যৰ ব্ৰাউন চুগাৰ সহ আটক এজন

ডিমাপুৰৰ পৰা কামপুৰ কচুৱালৈ বুলি আনিছিল ধৃত ছফিকুৰ ৰহমানে

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ চাপৰমুখ ৰেলৱে জংচনত কালি নিশা ৰেলৱে সুৰক্ষা বাহিনীয়ে অভিযান চলাই এক বৃহত পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত খবৰমতে ধৃত ব্যক্তিজন কচুৱা আৰক্ষী থানাৰ লুটুমাৰীৰ ছফিকুৰ ৰহমান।

ঘটনাৰ বিবৰণী মতে, শুক্ৰবাৰে নিশা ডিব্ৰুগড়-ৰঙিয়া নামনিমুৱা যাত্ৰীবাহী ৰেলখনত যাত্ৰীৰূপে অহা ধৃত  ছফিকুৰ ৰহমান নামৰ ব্যক্তি জনে চাপৰমুখ ৰেলৱে জংচন পোৱাৰ আগতে লগত অনা এটি বেগ ৰেলপথৰ কাষত পেলাই দিয়া বুলি খবৰ পোৱাত চাপৰমুখ ৰেলৱে সুৰক্ষা বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়া বিপুল শৰণীয়াৰ নেতৃত্বত আৰপিএফৰ এটি দলে অভিযান চলাই চাপৰমুখ ৰেল ষ্টেচনত ছফিকুৰ ৰহমানক চিনাক্ত কৰি আটক কৰে।

লগে লগে আৰপিএফৰ দলটোৱে ধৃত ছফিকুৰক লগত লৈ চলন্ত ৰেলৰ পৰা পেলাই দিয়া বেগটোৰ সন্ধানত নামি পৰে। নিশা এনেকৈ অনুসন্ধান চলাই পাছত বেগটো উদ্ধাৰ কৰি পৰীক্ষা কৰাত বেগৰ ভিতৰত কিছু ৰঙা-বগা পাউদাৰ জাতীয় দ্ৰব্য ভৰ্তি দূটাকৈ প্লাষ্টিকৰ সৰু বাকচ উদ্ধাৰ কৰে।

পাছত আৰপিএফৰ দলটিয়ে পৰীক্ষা কৰি উক্ত পাউদাৰ জাতীয় দ্ৰব্য খিনি ব্ৰাউন ছূগাৰ বুলি জানিব পাৰি ধৃত ছফিকুৰ ৰহমানক আটক কৰে। আৰক্ষীৰ জেৰাত ধৃত ছফিকুৰে তেঁৱৰ ঘৰ কচুৱা আৰক্ষী থানাৰ লুটুমাৰীত বুলি প্ৰকাশ কৰা লগতে ডিমাপুৰত থেলা চলোৱা কাম কৰি উপাৰ্জন কৰে বুলি কয়।

লগতে ডিমাপুৰৰ এজন যুৱকে উক্ত ব্ৰাউন ছুগাৰ খিনি কচুৱাৰ এজন ব্যক্তিক দিবলৈ বুলি পঠাই দিছিল বুলিও ছফিকুৰে মন্তব্য কৰিছে। আৰক্ষীৰ সূত্ৰে জানিব দিয়া মতে, ২৮ গ্ৰাম ওজনৰ ব্ৰাউন ছুগাৰ খিনিৰ বৰ্হি বজাৰৰ মূল্য প্ৰায় পাঁচ লাখ টকা। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

You might also like