নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰৰ বুঢ়াত চোৰ তিনি চোৰ গ্ৰেপ্তাৰ : উদ্ধাৰ চুৰি সামগ্ৰী 

ছিপাঝাৰৰ বুঢ়া আৰক্ষীচকীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে তিনিটা কুখ্যাত চোৰ।দিনদূপৰতে চুৰি কাৰ্যৰে আতংকিত কৰি ৰখা চোৰৰ দলটোক গ্ৰেপ্তাৰ কৰাৰ লগতে চোৰৰ জিম‌্মাৰ পৰা উদ্ধাৰ হৈছে চুৰি সামগ্ৰীও।

উল্লেখ্য যে পশ্চিম দৰঙৰ জয়পুৰৰ এটা পৰিয়ালত দুপৰতে সংঘটিত হৈছিল এটা চুৰিকাণ্ড। চোৰে লুটি নিছিল পৰিয়ালটোৰ  প্ৰায় পাঁচ লাখ টকাৰ অলংকাৰ আৰু কাঁহ-পিতলৰ সামগ্ৰী। দিনদূপৰতে সঁংঘটিত হোৱা এই ঘটনাই স্বাভাৱিকতে ৰাইজক আতংকিত কৰি ৰাখিছিল।যাৰ বাবে ৰাইজে আৰক্ষীক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল।

যাৰ বাবে ঘটনাৰ ২৪ ঘন্টা নৌ হঁওতেই আৰক্ষীয়ে অভিযান চলাই চুৰিকাণ্ডৰ লগত জড়িত চোৰ জেহেৰুল ইছলাম ওৰফে মণিপুৰীক গ্ৰেপ্তাৰ কৰে অৱশ্যে পলাতক হৈ আছে আন  এজন চোৰ। চোৰৰ জিম্মাৰ পৰা উদ্ধাৰ কৰা হৈছে চুৰি কৰা কিছু সা সামগ্ৰী। লক্ষণীয় যে ধৃত জেহেৰুল ইছলামে দীৰ্ঘদিন ধৰি চুৰিকাণ্ড সংঘটিত কৰি অঞ্চলটোত চলাই আহিছিল সন্ত্ৰাস। চোৰটোৰ ঘৰ বুঢ়া আৰক্ষীচকীৰ অধীনৰ বিষ্ণুপুৰত।

আনহাতে ধৃত জেহেৰুলৰ ভাষ্যৰ ভিত্তিত  শেহতীয়াকৈ আৰু দুটা চোৰ জালত পৰিছে বুঢ়া আৰক্ষীৰ৷ আৰক্ষীৰ অভিযানত পুনৰ গ্ৰেপ্তাৰ দুজন চোৰ । গ্ৰেপ্তাৰ হৈছে ধুবুৰীৰ তামাৰহাটৰ চালাম শেখ (২২) আৰু ৰঙিয়া চিৰাখুন্দিৰ ৰাকেশ আহমেদ(২২) ৷

দুয়োজন বুঢ়া আৰক্ষী চকী এলেকাৰ কেইবাটাও  চুৰিকাণ্ডত জড়িত আছিল ।দুয়োজনৰ পৰা ১ লাখ ৮০ হাজাৰ টকাৰ সোণ উদ্ধাৰ ৷বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি দাসে ৰঙিয়াৰ পৰা আটক কৰে দুয়োজনক ৷ উল্লেখযোগ্য যে পুৱাৰ ভাগত বিষ্ণুপুৰ নখুন্দাৰ পৰা চুৰি কাণ্ডৰ মাষ্টৰমাইণ্ড জিয়াউল ইছলামক আটক কৰিছিল  বুঢ়া আৰক্ষীয়ে ৷

নিয়মীয়া বাৰ্তা, ছিপাঝাৰ, ১৭ ডিচেম্বৰ

You might also like