নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিপলাইত প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতাঃ ৰংজুলি ৩-০গ’লত জয়ী হৈ ফাইনেলত প্ৰৱেশ

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: টিপলাই ক্ৰীড়া সন্থাৰ উদ্যোগত টিপলাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা প্ৰথমখন ছেমিফাইনেল খেলত ৰংজুলি এফচি দলে মেঘালয়ৰ ৰাজাশিমলা এফচিক ৩-০গ’লত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে।

তীব্ৰ উত্তেজনাপূৰ্ণ খেলখন প্ৰথমাৰ্ধত গ’ল শূণ্য হিচাপে সমাপ্ত হোৱাত দ্বিতীয়াৰ্ধত ৰংজুলি এফচি দলে ৰাজাশিমলাএফচি দ’লক ৩-০ গ’লত পৰাস্ত কৰে। ১১ অক্টোবৰ সোমবাৰে বাটাবাৰী এফচি আৰু বুঢ়াবুঢ়ী এফচিৰ মাজত দ্বিতীয়খন ছেমিফাইনেল খেল অনুষ্ঠিত হ’ব।

Input: জ্যোতিষ নাথ, টিপলাই

You might also like