নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘিলামৰাত আত্ম সহায়ক গোটৰ উৎপাদিত সামগ্ৰী বিক্ৰী কেন্দ্ৰ মুকলি

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্ভুক্ত ঘিলামৰা  উন্নয়ন খণ্ডৰ অন্তৰ্গত  তিনিখন পঞ্চায়তৰ মহিলা আত্মসহায়ক গোটৰ  ২৪ টা গ্ৰাম্য সংগঠনেৰে গঠিত ত্ৰিবেনী মণ্ডলৰ সৌজন্যত ঘিলামৰা সামূহিক স্বাস্থ্যৰ কেন্দ্ৰৰ  সমীপত মহিলা আত্মা সহায়ক গোট  দ্বাৰা উৎপাদিত সামগ্রী, বয়ন শিল্প , পিঠা পনা, ওখেৱা চাউল, বৰা চাউল ,ঘৰুৱা মিঠাতেল আৰু অন্যান্য সামগ্রী বিক্রি কেন্দ্রটি শুভাৰম্ভ কৰা হয়।

ঘিলামৰা উন্নয়ন খণ্ড  খণ্ড সমন্বয়ক নৰোত্তম কোঁছে আঁত ধৰা অনুষ্ঠানটিত কেন্দ্র টি শুভাৰম্ভ কৰে ঘিলামৰা গাওঁ  পঞ্চায়তৰ সভানেত্রী দিপাঞ্জলী গগৈয়ে।

You might also like