নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশত বিহু গাই দর্শকক মুহিলে তেজপুৰৰ তৃষাণু–হিমাংশুৱে

নিয়মীয়া বাৰ্তা, ৯অক্টোবৰঃ ৩০ ছেপ্টেম্বৰৰ পৰা দুই অক্টোবৰলৈকে তিনিদিনীয়াকৈ মালয়েছিয়াৰ কুৱালালামপুৰৰ ইণ্টাৰনেচনেল য়ুথ চেণ্টাৰত বর্ণাঢ্য কার্যসূচীৰে অনুষ্ঠিত হৈ যোৱা ১৫ সংখ্যক আন্তঃৰাষ্ট্রীয় যুৱ শান্তি মহোৎসৱত অংশ লয় ৰাজ্যৰ দুই প্রতিভাশালী যুৱক তৃষাণু ভূঞা আৰু হিমাংশুৰাজ বৰাই৷

উল্লেখযোগ্য যে এই আন্তঃৰাষ্ট্রীয় যুৱ শান্তি মহোৎসৱৰ সময় তিনি অক্টোবৰৰ অতিৰিক্ত দিনলৈ বৃদ্ধি কৰা হয়৷ দৰং মহাবিদ্যালয়ৰ ছাত্র সংসদৰ প্রাক্তন সভাপতি তৃষাণু আৰু মহাবিদ্যালয়খনৰ প্রাক্তন সাংস্কৃতিক সম্পাদক হিমাংশুৱে পৰৱর্তী সময়ত বিভিন্ন সামাজিক আৰু সাংস্কৃতিক কার্যৰে জডিত থাকে৷ দুই প্রতিভাশালী যুৱকে ছিকিম কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ দুয়োজনে বিভিন্ন সময়ত ৰাজ্যৰ সামাজিক কর্মৰে জডিত হৈ কৰা কামৰ বাবেই এই আন্তঃৰাষ্ট্রীয় কার্যসূচীলৈ আমন্ত্রণ লাভ কৰে৷

উল্লেখ্য যে এই অনুষ্ঠানত দেশৰ বিভিন্ন ৰাজ্যৰ সামাজিক ক্ষেত্রখনত অগ্রণী ভূমিকা পালন কৰাব্যক্তি তথা যুৱ প্রতিনিধিয়ে অংশগ্রহণ কৰাৰ উপৰি মালয়েছিয়া, ফিলিপাইনছ, চিৰিয়া, ছুডান,বাংলাদেশ, পাকিস্তান, শ্রীলংকা, ইণ্ডোনেচীয়া, মালদ্বীপ, থাইলেণ্ড, নেপাল আদিকে ধৰি প্রায় ১৫খনৰো অধিক আফ্রিকা আৰু এছিয়াৰ দিশৰ যুৱক–যুৱতীয়ে অংশ লয়৷ মালয়েছিয়াৰ যুৱ আৰু ক্রীডা মন্ত্রালয়ৰ সচিবপ্রধান জানা শান্তিৰাম মুনিয়ানৰ লগতে মালেছিয়া মন্ত্রালয় আৰু প্রশাসনিক বিভাগৰ উচ্চপদস্থ বিষয়াই অংশগ্রহণ কৰা এই অনুষ্ঠানত সামাজিক ক্ষেত্রখনৰ বহুকেইজন আগশাৰীৰব্যক্তিও উপস্থিত থাকে৷এই সন্মিলনত বিশ্বজুৰি যুৱকসকলৰ মাজত সামাজিক কার্যাৱলীক কেনেদৰে আগবঢ়াই নিব পাৰি সেই বিষয়েও বিশেষভাৱে আলোচনা কৰা হয়৷

উল্লেখ্য যে দুই অক্টোবৰত গান্ধী জয়ন্তীৰ দিনটোত সমগ্র দেশতে হোৱা ‘স্বচ্ছ ভাৰত অভিযান’ কার্যসূচীৰ উদাহৰণেৰে তেজপুৰৰ সন্তান তৃষাণুৱে সামাজিক কর্ম আৰু যুৱপ্রজন্মৰ দায়িত্ব আৰু কর্তব্যৰ ওপৰত বিশেষ ব্যক্তব্য আগবঢ়াই উপস্থিত সকলোৰে দৃষ্টি আকর্ষণ কৰাৰ লগতে বিশ্বনাথ জিলাৰ গহপুৰৰ যুৱক হিমাংশুৱে সামাজিক তথা সাংস্কৃতিক বিভিন্ন দিশ সামৰি মন্তব্য আগবঢ়ায়৷ এই অনুষ্ঠানৰ দ্বিতীয় দিনটোত মালয়েছিয়া ইণ্টাৰনেচনেল ইছলামিক ইউনিভার্ছিটীত বিভিন্ন সমাজ কর্ম বিষয়ক আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷ বিশ্ববিদ্যালয়খনৰ অধ্যাপক আৰু ছাত্র–ছাত্রীৰ সৈতে সন্মিলনত অংশগ্রহণকাৰীসকলৰ এক বার্তালাপ অনুষ্ঠানো ইয়াত অনুষ্ঠিত হয়৷ ইয়াত সাংস্কৃতিক বিনিময় অনুষ্ঠানত ৰাজ্যৰ দুই যুৱকে বিহুগীত পৰিৱেশন কৰে৷ উপস্থিত সকলোৱে বিহুৰ আনন্দ উপভোগ কৰে৷ আনহাতে শাৰদীয় দুর্গাপূজাৰ সময়তে অনুষ্ঠিত এই আন্তঃৰাষ্ট্রীয় মহোৎসৱত দেশ তথা ৰাজ্যক সফলতাৰে প্রতিনিধিত্ব কৰি আজি দুই যুৱক ৰাজ্যত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে প্রকাশ কৰে৷

You might also like