নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰত দলঙৰ ৰেলিং ভাগি শাকতোলা নৈত পৰিল ট্রাক

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ ছিপাঝাৰৰ শাকতোলাৰ ১৫ নং ৰাষ্ট্রীয় ঘাইপথত বৃহস্পতিবাৰে পুৱতিনিশা সংঘটিত হয় এটা ভয়ংকৰ দুর্ঘটনা৷ ৰাষ্ট্রীয় ঘাইপথৰ শাকতোলা নৈৰ দলঙৰ ৰেলিং ভাগি এখন গধুৰ ট্রাক নৈত পৰে৷

ঘটনাৰ বিৱৰণী মতে, তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত এন এল ০১ জি ৬৩২৮ নম্বৰৰ ওঠৰ চকাৰ ট্রাকখন উল্লিখিত স্থানত থকা দলঙৰ ৰেলিং ভাগি শাকতোলা নৈত পৰে৷ ঘটনাটোত ট্রাকখনৰ চালক আৰু হেণ্ডিমন দুয়ো গুৰুতৰভাৱে আহত হোৱাত চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷

স্থানীয় ৰাইজৰ অভিযোগ মতে ৰাষ্ট্রীয় পথ হিচাপে এই দলংখন যথেষ্ট ঠেক৷ সেয়ে দুর্ঘটনাটো সংঘটিত হৈছে৷ লক্ষণীয় যে নৈখন প্রায় শুকান হৈ থকাৰ বাবেই কোনোমতে ৰক্ষা পৰে চালক আৰু হেণ্ডিমেনজন৷

You might also like