নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জত বন্দুকসহ ধৃত ২ ডকাইত

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ কৰিমগঞ্জৰ বাৰৈগ্রামত ডকাইতি কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল দুই ডকাইত৷ ধৃত ডকাইতৰ পৰা হাতে সজা বন্দুক উদ্ধাৰ কৰা হয়৷ যোৱানিশা ৯ মান বজাত কৰিমগঞ্জ জিলাৰ বাৰৈগ্রামৰ অসম–ত্রিপুৰা ৮নং ৰাষ্ট্রীয় ঘাইপথত চাৰিজনীয়া ডকাইতৰ দল অহাৰ খবৰ পোৱাৰ পিছত আৰক্ষীয়ে অসামৰিক পোছাকত অভিযান চলায়৷

আৰক্ষীয়ে এ এছ–১০ চি–৯৩৪০ নম্বৰৰ এখন এল্ট’ গাডীসহ আব্দুল কুদ্দুছ আৰু আবুল হুছেইন নামৰ দুই ডকাইতক আটক কৰে৷ অৱশ্যে চালক পলাই যায়৷ ডকাইতৰ পৰা এটা বন্দুক আৰু দুখন তৰোৱাল উদ্ধাৰ কৰে আৰক্ষীয়ে৷ ধৃত দুই ডকাইতৰ ঘৰ পাথাৰকান্দি এলেকাৰ মোহাম্মদপুৰত৷

You might also like