ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কমলেশ পাছোৱান দুদিনীয়া ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত হৈ জিলাখনৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু স্বাস্থ্য খণ্ডৰ অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনা কৰে। সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত তেওঁ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে মিলিত হৈ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ ৰূপায়ণ আৰু অগ্ৰগতিৰ বিষয়ে বুজ লয়।
চৰকাৰী আঁচনি সময়মতে আৰু সুচাৰুৰূপে কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি যিসমূহ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই, সেইসমূহ ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও উদ্যমিতা আঁচনিৰ অধীনত আৰ্থিক সহায় লাভ কৰা মহিলাসকলৰ সৈতে মত-বিনিময় কৰি আঁচনিৰ প্ৰভাৱ আৰু ক্ষেত্ৰভিত্তিক সমস্যাসমূহৰ বিষয়ে অৱগত হয়।
সাংবাদিকৰে মুখামুখি হৈ মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক বিকাশত কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। সেই অনুসৰি বিভাগীয় দায়িত্ব পালন কৰিবলৈ মাজুলীত উপস্থিত হৈ বিভিন্ন বিভাগৰ কামৰ বস্তুনিষ্ঠ পৰ্যালোচনা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।
দিশা কমিটিৰ বৈঠক অনুষ্ঠিত নোহোৱাৰ সন্দৰ্ভত তেওঁ অভিযোগ উত্থাপন কৰি কয় যে, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে প্ৰায় ডেৰ বছৰে এখনো দিশা বৈঠক অনুষ্ঠিত নকৰাটো দুৰ্ভাগ্যজনক। জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনাত সাংসদৰ সক্ৰিয় ভূমিকা প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰি কয় সাংসদ গৌৰৱ গগৈ থাকে কত? নিজৰ সমষ্টিত নাথাকে, গুৱাহাটীটো নাথাকে, দিল্লীতো দেখা নাপাওঁ, তেওঁ কি পৰিকল্পনা কৰি থাকে তেওঁহে জানে বুলি তীব্ৰ সমালোচনা কৰে।
ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন কৰি উপভোক্তাসকলৰ সৈতে কথা-বতৰা কৰে আৰু বাস্তৱ ক্ষেত্ৰত আঁচনি ৰূপায়ণৰ অৱস্থা পৰ্যবেক্ষণ কৰে। লগতে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আদি কেন্দ্ৰীয় উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে।
ইফালে কাইলৈ “বিকশিত ভাৰত অভিযান-গ্ৰামাঞ্চলত কৰ্মসংস্থান আৰু জীৱিকাৰ নিশ্চয়তা অভিযান (ভি বি-গ্ৰাম জি)” শীৰ্ষক এক বিশেষ আলোচনা চক্ৰতো তেওঁ অংশগ্ৰহণ কৰিব। দুদিনীয়া ভ্ৰমণৰ অংশ হিচাপে আজি মন্ত্ৰীগৰাকীয়ে মাজুলী শ্ৰীশ্ৰীপীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয় পৰিদৰ্শন কৰি স্বাস্থ্য খণ্ডৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়।
চিকিৎসালয়খনত থকা বিভিন্ন অভাৱ-অভিযোগৰ বিষয়ে অৱগত হৈ সেইসমূহ সোনকালে পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰে। লগতে মাজুলীত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বিষয়টো চৰকাৰৰ বিবেচনাত আছে বুলি মন্তব্য কৰে। চিকিৎসকৰ অভাৱ সন্দৰ্ভত তেওঁ কয় যে, চৰকাৰে এই অভাৱ পূৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আছে আৰু স্বাস্থ্য খণ্ডৰ উন্নয়নত ৰাজ্য চৰকাৰে সক্ৰিয়ভাৱে আগবঢ়াই লৈ গৈছে।
উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ ক্ষেত্ৰত ৰেল, স্বাস্থ্যসেৱা বিস্তাৰ, উৰাজাহাজ সেৱা আৰু গ্ৰাম চড়ক যোজনাৰ দৰে বিভিন্ন খণ্ডত উল্লেখযোগ্য অগ্ৰগতি সাধন হোৱা বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে। পৰিদৰ্শনৰ সময়ত তেওঁ জিলা চিকিৎসালয়ৰ নাৰ্চিং স্কুলৰ ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰি মাজুলীৰ স্বাস্থ্য ব্যৱস্থাৰ সামগ্ৰিক অৱস্থাৰ বুজ লয়।
নিয়মীয়া বাৰ্তা , বনগাঁও , ২৪ ফেব্ৰুৱাৰী