অভয়াপুৰীত বিৰোধীক টিপ্পনী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ
যেনেকৈ বাৰিষাত পানী হলে ভেকুলী ওলাই৷ তৰ্তৰ কৈ মাতে ঠিক তেনেকৈ নিৰ্বাচনৰ সময়ত এইবোৰ বিৰোধী ঐক্য, বিৰোধী মঞ্চ গঠন হয়। এইদৰে বিৰোধীক বাৰিষাৰ ভেকুলীৰ লগত ৰিজালে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷
আজি অভয়াপুৰী সমজিলাৰ অন্তৰ্গত বিভিন্ন কামৰ শুভ উদ্বোধনী কাৰ্যসূচীত উপস্থিত থকা মন্ত্ৰী দাসে সাংবাদিকৰ আগত বিৰোধীক কটাক্ষ কৰি কয় যে আগতেও এনেকৈ বিৰোধী ঐক্য, বিৰোধী মঞ্চ গঠন হৈছে ৷ কিন্তু একো কৰিব পৰা নাই ৷ এইবাৰো বিৰোধী মিত্ৰতাই এনডিএক একো ক্ষতি কৰিব নোৱাৰে।
উল্লেখ্য যে কাৰ্যসূচীৰ অংশ হিচাপে আজি অভয়াপুৰী পৌৰসভাৰ অন্তৰ্গত চহৰৰ মাজমজিয়াত অৱস্থিত ৰাজবাৰী পুখুৰী পাৰ্কত এটা মুক্ত ব্যায়ামাগাৰ, সমূহীয়া খোৱা পানীৰ প্ৰকল্প আৰু আধুনিক শৌচালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
অভয়াপুৰী সম জিলা আয়ুক্ত শান্তা কাৰ্কী চেত্ৰী, বিষয়া-কৰ্মচাৰী,স্থানীয় ৰাইজ আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলৰ উপস্থিতিত আয়োজিত উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী দাসে কয় যে ৰাজবাৰী পুখুৰী পাৰ্ক অঞ্চলটোৰ এক গুৰুত্বপূৰ্ণ জনসমাগমস্থলী। ইয়াত মুক্ত ব্যায়ামাগাৰ স্থাপনৰ জৰিয়তে চহৰৰ যুৱ-প্ৰজন্মৰ লগতে বয়োজ্যেষ্ঠ নাগৰিকসকলে নিয়মিত ব্যায়াম কৰাৰ সুবিধা লাভ কৰিব।
তেওঁ উল্লেখ কৰে যে স্বাস্থ্যৱান সমাজ গঢ়াৰ ক্ষেত্ৰত নিয়মীয়া ব্যায়াম অতি জৰুৰী, আৰু চৰকাৰে জনস্বাস্থ্যৰ উন্নয়নৰ দিশত সদায় গুৰুত্ব আৰোপ কৰি আহিছে। উল্লেখযোগ্য যে নতুনকৈ স্থাপন কৰা মুক্ত ব্যায়ামাগাৰত একেলগে ৩৫ জন লোকে ব্যায়াম কৰিব পাৰিব। ইয়াত বিভিন্ন আধুনিক ব্যায়াম সঁজুলি সংযোজন কৰা হৈছে, যিয়ে সকলো বয়সৰ লোকৰ বাবে উপযোগী। এই ব্যৱস্থাই নাগৰিকসকলক সুস্থ-সবল জীৱনধাৰণত সহায়ক হ’ব বুলি সচেতন ৰাইজে আশা প্ৰকাশ কৰিছে।
ইয়াৰ লগতে পাৰ্ক খনত ১০টা চিচি টিভি সংস্থাপন কৰা হৈছে। সমূহীয়া পানীয় জল প্ৰকল্পটোৱে পাৰ্কত অহা লোকসকলক বিশুদ্ধ পানীৰ সুবিধা প্ৰদান কৰিব ৷ আনহাতে, আধুনিক শৌচালয় স্থাপন কৰাৰ ফলত পৰিস্কাৰ-পৰিচ্ছন্নতা ৰক্ষা আৰু মহিলা-জ্যেষ্ঠ নাগৰিকসকলৰ সুবিধা নিশ্চিত হ’ব বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰে। ইয়াৰ পিছতে তেওঁ অভয়াপুৰী চহৰৰ পাচদুৱাৰত এটা আধুনিক সুবিধাসম্পন্ন মডেল অংগনৱাড়ী কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
নিয়মীয়া বাৰ্তা, সৃজনগ্ৰাম, ২৪ ফেব্ৰুৱাৰী