নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুব্ৰত সমিতি, গুৱাহাটীৰ দ্বাৰা বিদ্যা ভাৰতী উত্তৰ অসম প্ৰান্তৰ সংগঠন মন্ত্ৰীক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: অনুব্ৰত সমিতি, গুৱাহাটীৰ এটা সজাতি দলে আজি শিশু শিক্ষা সমিতি, অসমৰ প্ৰান্তীয় কাৰ্যালয়ত বিদ্যা ভাৰতী উত্তৰ অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী হেমন্ত ধিং মজুমদাৰক সাক্ষাত কৰে। দলটোৱে অসমৰ শৈক্ষিক জগতত শিশু শিক্ষা সমিতিয়ে আগবঢ়োৱা অৱদানক প্ৰশংসা কৰে। অনুব্ৰত সমিতি, গুৱাহাটীৰ অধ্যক্ষ ছত্তৰ সিংহ চৌৰড়িয়া, অনুব্ৰত উদ্ভাৱনীমূলক প্ৰতিযোগিতাৰ অহ্বায়ক বজৰংগ বৈদ্য আৰু প্ৰাক্তন অধ্যক্ষ নিৰ্মল সামসুখাই তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। লগতে তেওঁলোকে আগন্তুক দিনত অনুষ্ঠিত হ’ব লগীয়া অনুব্ৰত উদ্ভাৱনীমূলক প্ৰতিযোগিতা নামেৰে এলানি অনলাইন প্ৰতিযোগিতাৰ বিষয়েও আলোচনা কৰে।

উল্লেখ্য যে অনুব্ৰত সমিতিয়ে চিত্ৰাঙ্কন, ৰচনা লিখন, গীত আৰু ভাষণৰ এলানি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। তৃতীয় শ্ৰেণীৰ পৰা পঞ্চমলৈকে, ষষ্ঠৰ পৰা অষ্টমলৈকে আৰু নৱমৰ পৰা দ্বাদশলৈকে তিনিটা শাখাত অনুষ্ঠিত হ’ব লগীয়া প্ৰতিযোগিতা লানি ইংৰাজী আৰু হিন্দী ভাষাত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে গুগল এপ্প স্ট’ৰৰ পৰা https://play.google.com/store/apps/details?id=jpsoft.avbcontest এই এপ্পটো ডাউনলোড কৰি নাইবা ৱেবচাইটৰ লিংক http://www.anuvibha.org/acc ৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰে। প্ৰতিযোগিতাৰ অন্তিম তাৰিখ ৩০ নবেম্বৰ ২০২০। সবিশেষ জানিবলৈ উপৰোক্ত এপ্প বা লিংকৰ সহায় ল’ব পাৰে বুলিও উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

সৌহাৰ্দ্যপূৰ্ণ আলোচনাত শ্ৰী মজুমদাৰে শিশু শিক্ষা সমিতি, অসমে বৰ্তমান ৫৫৬ খন নিকেতনৰ জৰিয়তে ৰাজ্যৰ প্ৰায় দুই লক্ষাধিক ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীন বিকাশৰ বাবে সংস্কাৰযুক্ত তথা গুণগত শিক্ষা প্ৰদান কৰাৰ কথা অৱগত কৰে। লগতে তেখেতে আটাইকেখন নিকেতনলৈ প্ৰতিযোগিতাৰ বাৰ্তা প্ৰেৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ অংশ গ্ৰহণ সুনিশ্চিত কৰাৰ আশ্বাস প্ৰদান কৰে।

You might also like