নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি গোসাঁইগাঁৱত বিটিচি নির্বাচনৰ ৰণডংকা ড০ হিমন্ত বিশ্ব শর্মাৰ

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: বিটিচি নির্বাচনত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱতো এক বিশাল নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিব৷

গোসাঁইগাঁও মহকুমাৰ ২ নং গুমা সমষ্টিৰ প্রার্থী নিলেশ্বৰ ৰায়, ৫ নং শৰাইবিলৰ দলীয় প্রার্থী উইলিয়াম নার্জাৰীৰ লগতে ৩নং শ্রীৰামপুৰ সমষ্টিৰ বিজেপিৰ সমর্থিত প্রার্থী সঞ্জীৱ দত্তৰ হৈ নির্বাচনী প্রচাৰ চলাব মন্ত্রীগৰাকীয়ে৷

উল্লেখ্য যে এই বিশাল নির্বাচনী প্রচাৰ সভা গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হৈছে৷

You might also like