নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত অন্ত পৰিল ভোটগ্ৰহণৰ

অসমত বিধানসভা নিৰ্বাচন ২০২৬ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে চলি সন্ধিয়া ৫ বজাৰৰ লগে লগে অন্ত পৰিল। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণত প্ৰতিটো ভোটকেন্দ্ৰত পুৱাৰে পৰা ভোটাৰৰ দীঘলীয়া শাৰী দেখা গল। গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ উৎসাহেৰে ওলাই আহিল ভোটাৰ।

তথাপি ঠায়ে ঠায়ে কেইবাটাও ভোটকেন্দ্ৰত ইভিএম বিকল হোৱাৰ ঘটনা সংঘটিত হয়। যাৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়াত বিলম্ব ঘটে যদিও পিছত পুনৰ স্বাভাৱিকভাৱে ভোটগ্ৰহণ আৰম্ভ কৰা হয়। আৰু সন্ধিয়া ৫ বজাৰ লগে লগে ৰাজ্যজুৰি ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰে।

উল্লেখযোগ্য যে এইবাৰ ১২৬টা বিধানসভা সমষ্টিত মুঠ ৭২২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৰাজ্যৰ ২.৫ কোটি ভোটাৰে।

ডিজিটেল ডেস্ক, ৯ এপ্ৰিল

You might also like