নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূব গোৱালপাৰাৰ চকচকীত তালিবানী শাসন

নিয়মীয়া বাৰ্তা ২৯ জুুলাইঃ তালিবানী শাসনতকৈও কঠোৰ সামাজিক শাসন ব্যৱস্থা চলিছে এইখন মুলুকৰে এখন গাঁৱত৷ গোৱালপাৰা জিলাৰ পূব প্রান্তৰ ধূপধৰা আৰক্ষী থানাৰ অন্তর্গত চকচকী গাঁৱত চলিছে তালিবানী শাসন৷ গাঁওখনৰ একাংশ লোকৰ লগতে গাঁওপ্রধান তথা মুখিয়াল ব্যক্তিয়ে সভ্য সমাজ ব্যৱস্থাক ভৰিৰে মোহাৰি চলাই গৈছে তালিবানী সমাজ ব্যৱস্থা৷ গাঁওখনৰ এটা মছজিদ আৰু কবৰস্থানৰ সীমাক লৈ হোৱা বিবাদৰ বাবে মজমুল হক, নছিম উদ্দিন আৰু মহব্বত আলীৰ পৰিয়ালক এঘৰীয়া কৰে৷ ২০০৯ চনৰ পৰাই তিনিওটা পৰিয়ালক এঘৰীয়া কৰাই নহয়, পৰিয়ালকেইটাৰ ওপৰত জাৰি কৰে তালিবানী নিষেধাজ্ঞা৷ লোকৰ ঘৰত প্রৱেশ নিষিদ্ধ কৰাৰ লগতে মছজিদ, মাদ্রাছা, উৎসৱ–পার্বণ, বিয়া–সবাহ, মৃতকৰ সৎকাৰ আদিত অংশগ্রহণত জাৰি কৰিছে নিষেধাজ্ঞা৷

পৰিয়াল তিনিটাৰ শিশু, কিশোৰ–কিশোৰীসকলৰ্ ওপৰতো অমানৱীয়ভাৱে জাৰি কৰিছে একেই নিষেধাজ্ঞা৷ পৰিয়াল তিনিটাৰ স্কুলীয়া ছাত্র ছাত্রীৰ লগতো গাঁৱৰ অইন ছাত্র–ছাত্রীৰ কথা–বতৰাত জাৰি কৰা হৈছে নিষেধাজ্ঞা৷ আনকি গাঁওখনত থকা দোকানে পৰিয়ালকেইটাক সামগ্রী বিক্রী নকৰে৷ তদুপৰি গাঁৱৰ কোনো লোকে পৰিয়াল তিনিটাৰ কোনো সদস্যৰ সৈতে কথা পাতিলেই ভৰিব লাগে ৫০০ টকাৰ জৰিমনা৷ বিগত ১২ বছৰে পৰিয়ালকেইটাক সামাজিক শাসনৰ নামত চলাই আহিছে মানসিক নির্যাতন৷ পৰিয়ালৰ একাংশ সদস্যই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে জে’ল–হাজোতৰ জীৱনতকৈও কঠোৰ শাস্তি ভোগ কৰাৰ পিছতো ১২ বছৰে গাঁওবাসীৰ মন নগলিল৷ গাঁওবাসীৰ এনে অন্যায়ৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ লগতে জিলা প্রশাসনক ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী পৰিয়ালকেইটাই৷ সভ্য সমাজ ব্যৱস্থাক ভৰিৰে মোহাৰি, সভ্যতাক কলংকিত কৰা এনে তালিবানী সমাজ ব্যৱস্থাক সমালোচনা কৰি স্থানীয় আঞ্জুমান সমিতি, আমছুৰ লগতে পার্শ্বৱর্তী সমাজৰ একাংশ শিক্ষিত যুৱকে গোৱালপাৰা জিলা উপায়ুক্তক শীঘ্রে ব্যৱস্থা গ্রহণৰ দাবী জনাইছে৷

You might also like