নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজৰ দলৰ পৰা সমৰ্থন প্ৰত্যাহাৰৰ ইংগিত বীৰ লাচিত সেনাৰ

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ মৰিয়নি সমষ্টিৰ পৰা অখিল গগৈৰ মনোনয়ন পত্যাহাৰ কৰাক কেন্দ্ৰ কৰি ক্ষুণ্ণ হৈ পৰিছে বীৰ লাচিত সেনা।

ৰাইজৰ দলৰ পৰা সমৰ্থন প্ৰত্যাহাৰৰ ইংগিত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। অহা ১৫ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত ল’ব চূড়ান্ত সিদ্ধান্ত।

“মই ব্যক্তিগত ভাৱে ৰাইজৰ দলৰ দল গঠন প্ৰক্ৰিয়াৰ সৈতে জড়িত আছিলো। কিন্তু পৰৱৰ্তী পৰ্যায়ত ৰাজনৈতিক দলৰ অংশীদাৰ হোৱা নাছিলো। আমাৰ কথা এটাই আছিল যে আমি কোনো ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ ওচৰত আঠু নলও। এই বিযয়ে অহা ১৫ তাৰিখে মৰাণত আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আছে, তাতেই সকলো সিদ্ধান্ত আমি জনাম।”– বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এইদৰে সংবাদ মাধ্যমক কয়।

ইয়াৰোপৰি শিৱসাগৰ সমষ্টিত অখিল গগৈৰ প্ৰাৰ্থিত্বক লৈ তেওঁ কয় যে শিৱসাগৰ সমষ্টিত এজন যোগ্য মানুহ বিধায়ক হিচাপে সকলোৱে বিচাৰিছে। গতিকে আটাইকেইটা দলৰ প্ৰাৰ্থীসকলৰ ভিতৰত অখিল গগৈয়ে যোগ্য। লগতে শিৱসাগৰবাসী ৰাইজে অখিল গগৈক ভোট দি জয়যুক্ত কৰিব বুলি তেওঁ মন্তব্য কৰে।

You might also like