নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰৰ বাকৰিদলনিত এটা খঙাল গঁড়ৰ ভয়ংকৰ আক্ৰমণঃ কথমপি প্ৰাণৰক্ষা বনকৰ্মীৰ

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ গহপুৰৰ দক্ষিণাঞ্চলৰ বাকৰিদলনি গাঁও পঞ্চায়তৰ খাৰৈ নৈৰ সমীপত গঁড়ৰ মুক্ত বিচৰণ। গঁড় খেদিবলৈ যোৱা বনকৰ্মী গাড়ীত আক্ৰমণ কৰে খঙাল গড়টোৱে৷ গড়ৰ আক্ৰমণত কথমপি প্ৰাণৰক্ষা কৰে বনকৰ্মীসকলে৷

অঞ্চলটোৰ বৰদলনি, তলতলি, ডাঠকলা, ভলুকাগুৰি ঘাট, ঠোতেচাপৰি আদি অঞ্চলৰ কৃষিভূমিত মুক্ত বিচৰণ কৰি থকা গড়টোৱে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। কাজিৰঙাৰ ষষ্ঠ সংজোনৰ দিশৰ পৰা জনাঞ্চললৈ ঢাপলি মেলা গঁড়টোৱে শনিবাৰে পুৱাৰে পৰা বিচৰণ কৰি আছে অঞ্চলকেইটাত।

গহপুৰৰ বন বিভাগ আৰু আৰক্ষীয়ে গঁড়টো কাজিৰঙা ষষ্ঠ সংযোজনৰ দিশলৈ খেদি পঠোৱাৰ বাবে অপ্ৰাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

You might also like