নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদৌ অসম জাগৃতি মহিলা সমিতি সংগঠনৰ উদ্যোগত বকোত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

 

নিয়মীয়া বাৰ্তা ; ৮ মাৰ্চ – আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে কামৰূপ জিলাৰ বকোতো আয়োজন কৰে বিশেষ অনুষ্ঠান। উল্লেখ্য যে ; সদৌ অসম জাগৃতি মহিলা সমিতি সংগঠনৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে এই বৰ্ষও আয়োজন কৰে নাৰী দিৱস। এই বেলি ষষ্ঠ সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা নাৰী দিৱস উদযাপনত বিশেষ ভাৱে সক্ষম কেৱাজনো শিশুক সহায় ; সাহাৰ্য্য আৰু সম্ভাষণ জনোৱা হয়। ইফালে সদৌ অসম জাগৃতি মহিলা সমিতি সংগঠনৰ সভানেত্ৰী মেঘালী দাস ; সম্পাদিকা চন্দ্ৰমা কলিতাই জনোৱা মতে গ্ৰামাঞ্চলৰ নাৰী সমাজ সাৱলীকৰণৰ কৰাৰ লগতে অঞ্চলটোৰ বিশেষ ভাৱে সক্ষম শিশু আৰু পুৰুষ মহিলাক সহায় সাহাৰ্য্য কৰিবলৈ গঠিত জাগৃতি মহিলা সমিতিয়ে দীৰ্ঘদিন ধৰি কাম কাজ কৰি আহিছে। বকোতো একেই লক্ষ্য উদ্যেশ্যৰে কাম কৰি আহিছোঁ বুলি জানিব দিয়ে বকো আঞ্চলিক সমিতিৰ সভানেত্ৰী নীলিমা বায়ন কলিতা ; সম্পাদিকা অৰ্পনা ডেকাই। অনুস্থানত নাম প্ৰসংগ আৰু বিবিধ কাৰ্য্যসুচী ৰূপায়ণ কৰা হয়। ইফালে সদৌ অসম জাগৃতি মহিলা সমিতি সংগঠনৰ নেত্ৰীবৃন্দই জনোৱা মতে ছয়গাঁও সমষ্টিৰ গৰৈমাৰী আৰক্ষী সীমান্ত শাখাৰ এইছ/চি জয়নাল আবেদিন ডাঙৰীয়াই মহিলা সংগঠনটোৰ দহ গৰাকী কৰ্মীক সাজ পাৰ যোগান ধৰিছে। দিনযোৰা কাৰ্য্যসুচীৰে আয়োজন কৰা নাৰী দিৱসৰ কাৰ্য্যসূচী সন্ধিয়া সামৰণি পৰে। বকোত নাৰী দিৱসৰ কাৰ্য্যসূচীত সহযোগ কৰে মৰমী কলিতা ; বিজুলী কলিতা ; ৰোহিনী বড়োকে ধৰি বহু কেইজন মহিলাই সহযোগ আগবঢ়াই।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like