নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিনৰ সংগীতানুষ্ঠানত একাংশ দর্শকৰ উদ্ভণ্ডালি; সাংস্কৃতিক কার্যসূচী শেষ হোৱাৰ পাছতেই চলালে তাণ্ডৱ

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ বঙাইগাঁৱত অনুষ্ঠিত ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়াত কপিল দেৱক মৃত্যু ঘটা বুলি ঘোষণা কৰি নৱপ্রজন্মৰ হার্ট থ্রব জুবিন গার্গে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ প্রাক্তন ক্রিকেটাৰজনৰ মৃত্যুৰ উৰা–বাতৰিয়ে প্রচাৰ হোৱাৰ সময়তে বিহু মঞ্চতে জুবিনে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ নিজৰ সংগীতানুষ্ঠানৰ মাজতে হঠাতে জুবিনে মঞ্চৰ পৰা কৰা এই ঘোষণাই স্তম্ভিত কৰি তোলে দর্শকক ৷ নৱপ্রজন্মৰ হার্ট থ্রব জুবিন গার্গে প্রাক্তন ক্রিকেটাৰজনক শ্রদ্ধা জ্ঞাপন কৰি পুনৰ আৰম্ভ কৰিলে নিজৰ সংগীতানুষ্ঠান৷ কিন্তু প্রাক্তন ক্রিকেটাৰজনৰ মৃত্যুৰ বাতৰি প্রকৃততে সত্য নহয়৷ প্রাক্তন ক্রিকেটাৰজনৰ মৃত্যু হোৱা বুলি শেহতীয়াভাৱে এক উৰা–বাতৰি প্রচাৰ হয়৷

ইয়াৰ ফলতে জুবিন গার্গেও বিভ্রান্ত হৈ প্রাক্তন ক্রিকেটাৰজনৰ দেহাৱসান ঘটা বুলি ঘোষণা কৰা বুলি সন্দেহ কৰা হৈছে৷

ইফালে, বঙাইগাঁৱত আয়োজিত এই সাংস্কৃতিক সন্ধিয়া শেষ হোৱাৰ পাছত একাংশ উদণ্ড যুৱকে তাণ্ডৱ সৃষ্টি কৰে৷ একাংশ দর্শকে বহু চকী ভাঙি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷

উল্লেখ্য যে ৰাজ্যৰ আটাইতকৈ জনপ্রিয় কণ্ঠশিল্পী জুবিন গার্গে যোৱানিশা বঙাইগাঁও কেন্দ্রীয় ৰঙালী বিহু সন্মিলনীৰ দ্বিতীয় দিনৰ মঞ্চত গীত পৰিৱেশন কৰে৷ চৰকাৰৰ নীতি–নির্দেশনাক সম্পূর্ণ সন্মান জনাই বিহু সন্মিলনীৰ অনুৰোধ মতে নিশা ৮.৩৫ বজাত মঞ্চত প্রৱেশ কৰি ১১ বজাত অনুষ্ঠান সামৰে শিল্পীজনে৷ এটাৰ পাছত এটা জনপ্রিয় গীতেৰে দর্শকক মোহাচ্ছন্ন কৰি ৰাখে শিল্পীজনে৷ দুবাৰকৈ শব্দযন্ত্রৰ যান্ত্রিক বিজুতিয়ো জুবিনৰ সংগীতানুষ্ঠানত যতি পেলাব নোৱাৰিলে৷ ১৫ হাজাৰৰো অধিক দর্শকে জুবিনৰ সংগীতানুষ্ঠান উপভোগ কৰে৷ অনুষ্ঠান শেষ হোৱালৈ সকলোখিনি ঠিকেই আছিল৷ কিন্তু অনুষ্ঠান শেষ হোৱাৰ পাছতে একাংশ উদণ্ড দর্শকে বিহুতলীত চলায় তাণ্ডৱ৷

কোনো কাৰণ নোহোৱাকৈ এফালৰ পৰা ভাঙিবলৈ আৰম্ভ কৰে প্লাষ্টিকৰ চকী৷ সুৰাৰ ৰাগিত মাতাল হৈ এইদৰে এফালৰ পৰা চকী ভাঙিবলৈ আৰম্ভ কৰে৷ সংগীতানুষ্ঠানৰ মাজতে একাংশই বাঁহৰ আৰু টিনপাতৰ বেৰ ভাঙিও হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ অতি শান্তি তথা শৃংখলাবদ্ধভাৱে চলি থকা সাংস্কৃতিক অনুষ্ঠান এখনত এইদৰে একাংশ উদণ্ড যুৱকে কোনো কাৰণ নোহোৱাকৈ তাণ্ডৱ চলোৱা ঘটনাই সকলোকে ভবাই তুলিছে৷ বিহু সন্মিলনীৰ সদস্যই অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা দুই –তিনিজন যুৱকক কৰায়ত্ত কৰিলেও পাছত এৰি দিয়ে৷

উল্লেখ্য যে বঙাইগাঁৱৰ গান্ধী ময়দানত অনুষ্ঠিত কেন্দ্রীয় ৰঙালী বিহু সন্মিলনীৰ তিনি দিনীয়াকৈ ৰঙালী বিহু উদযাপন কৰিছে৷ গৰু বিহুৰ দিনা পতাকা উত্তোলনেৰে কার্যসূচীৰ শুভাৰম্ভ কৰে বয়োজ্যেষ্ঠ নাগৰিক ৰমণীমোহন গোস্বামীয়ে৷ ইয়াৰ পাছতে স্মৃতি তর্পণ কৰে শ্বহীদ পৰিয়ালৰ সদস্য ৰণজিত ৰায়ে৷

আনহাতে, স্মৃতিগ্রন্থ উন্মোচন কৰে বঙাইগাঁও মহাবিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষা ড০ ৰূপাঞ্জলী দেৱীয়ে৷ বিগত দুটা দিনৰে সাংস্কৃতিক সন্ধিয়া চৰকাৰী নির্দেশনা মানি নিশা ১১ বজাৰ ভিতৰত শেষ ঘোষণা কৰা হয়৷

You might also like