নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে শিক্ষার্থীৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষৰ কেতবোৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শুকুৰবাৰে বিশ্ববিদ্যালয়ৰ প্রধান প্রৱেশদ্বাৰ আৰু প্রশাসনিক ভৱনৰ সন্মুখত শতাধিক ছাত্র–ছাত্রীয়ে প্রতিবাদী কার্যসূচী পালন কৰে৷ দিনৰ ১১ বজাৰ পৰা বিয়লি ২ বজালৈ অনুষ্ঠিত তিনিঘণ্টীয়া প্রতিবাদী কার্যসূচীত ভাগ লোৱা বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন স্বীকৃতিপ্রাপ্ত মহাবিদ্যালয়ৰ ছাত্র–ছাত্রীসকলৰ অভিযোগ– ফেব্রুৱাৰী মাহত পাঠদান আৰম্ভ কৰি এপ্রিল মাহত চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ কর্তৃপক্ষই পৰীক্ষাৰ সূচী জাৰি কৰিছে৷

বিশেষকৈ ১৯ এপ্রিলৰ পৰা কেইবাটাও বিভাগৰ প্রথম ষাণ্মাসিকৰ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ ছাত্র–ছাত্রীসকল ভীষণ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ যাৰ বাবে প্রতিবাদী কার্যসূচীত ভাগ লোৱা ছাত্র–ছাত্রীসকলে তেওঁলোকৰ শৈক্ষিক ভৱিষ্যতৰ প্রতি লক্ষ্য ৰাখি ১৯ এপ্রিলৰ পৰা অনুষ্ঠিত হ’বলগীয়া স্নাতক পাঠ্যক্রমৰ প্রথম ষাণ্মাসিকৰ পৰীক্ষাৰ সময়সূচী পিছুৱাই দিবলৈ বিশ্ববিদ্যালয় কর্তৃপক্ষক দাবী জনাইছে৷

You might also like