নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অযোধ্যাৰ ৰাম মন্দিৰ

ভাৰতবৰ্ষৰ ইতিহাসত ৰাজনৈতিকভাৱে অতি স্পৰ্শকাতৰ ৰূপে চিহ্নিত অযোধ্যা ভূমি বিবাদ গোচৰৰ শুনানি একেৰাহে ৪০ দিন ধৰি গ্ৰহণ কৰাৰ অন্তত যোৱা ১৬ অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে ৰায় সংৰিত ৰখাৰ পিছৰ ৰা একপ্ৰকাৰ ৰুদ্ধশ্বাস উৎকণ্ঠাৰ সৃষ্টি হৈছিল । ৰাম জনমভূমি ৰাম মন্দিৰ নে বাবৰি মছজিদ- এই প্ৰশ্নটোৱে বিগত দিনকেইটাত সৰ্বত্ৰে ব্যাপক চৰ্চা লাভ কৰিছিল । দেশবাসী নিশ্চিত হৈছিল যে অহা ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণৰ পূৰ্বে ৫ জনীয়া সাংবিধানিক বিচাৰপীঠৰ নেতৃত্বত থকা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অযোধ্যাকে ধৰি উত্তৰ প্ৰদেশৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা, দেশজুৰি সতৰ্কতা জাৰি কৰা আদি ঘটনাক্ৰমে অযোধ্যা ভূমি বিবাদ গোচৰৰ ৰায় যে যিকোনো মুহূৰ্ততে দিয়া হ’ব; তাৰ পূৰ্ণ ইংগিত দিছিল । অৱশেষত এনেধৰণৰ সকলো উৎকণ্ঠা তথা জল্পনা-কল্পনাৰ অৱসা ঘটাই যোৱা ৮ নৱেম্বৰৰ নিশাৰ ভাগত উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা ঘোষণা কৰা হ’ল- পিছদিনা অৰ্থাৎ ৯ নৱেম্বৰৰ পুৱা ১০.৩০ বজাত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত সাংবিধানিক বিচাৰপীঠে প্ৰদান কৰিব অযোধ্যা ভূমি বিবাদ গোচৰৰ বহু প্ৰতীক্ষিত ৰায় । সেইমৰ্মেই পাঁচ শতিকাজোৰা বিতৰ্ক তথা ১৩৪ বছৰীয়া আইনী যুঁজৰ অৱসান ঘটাই ৰাজনৈতিক ভাৱে অতি স্পৰ্শকাতৰ গোচৰটোৰ এক ঐতিহাসিক ৰায় প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে । বৈচিত্ৰৰ মাজত ঐক্যৰ বাৰ্তা দিয়া ১,০৪৫ পৃষ্ঠাজোৰা ৰায়টোত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ মত ব্যক্ত কৰি কয় যে কেৱল বিশ্বাসৰ ভিত্তিত কোনো অধিকাৰ দাবী কৰিব পৰা নাযায় । মাটিৰ মালিকীস্বত্ব আইনৰ ভিত্তিতেই ঠিক কৰা উচিত । পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠখনে এলাহাবা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগে দাখিল কৰা প্ৰতিবেদন অনুসৰি মছজিদটোৰ তলত আৰু এটি প্ৰাচী নিৰ্মাণকাৰ্যৰ আন্তঃগাঁথনি আছিল, যিটো কোনো ইছলামিক স্থাপত্য নহয় । সেইদৰে মছজিদৰ তলত থকা পৰিকাঠামো যে মন্দিৰেই আছিল, সেইটোও ভাৰতীয় পুৰাতাত্তিক জৰীপ বিভাগৰ প্ৰতিবেদনত স্পষ্ট হোৱা নাই । পিচে সেই স্থানডোখৰক যে হিন্দুসকলে ৰামৰ জন্মস্থান হিচাপে বিশ্বাস কৰে, তাক লৈ কোনো সংশয় নাই । এনেধৰণৰ বহু গুৰুত্বপূৰ্ণ তথা প্ৰাসংগিক বিষয় সন্নিৱিষ্ট কৰি পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠখনে বিবাদমান ২.৭৭ একৰ ভূমি ৰাম জন্মভূমি ন্যাসে পোৱাটো নিশ্চিত কৰিছে । য’ত ৰাম মন্দিৰ নিৰ্মাণতো কোনো বাধা নাথাকিব ।

উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ পূৰ্বেই শাসকীয় বিজেপিৰ লগতে বিভিন্ন ৰাজনৈতিক দল আৰু আৰ এছ এছ, জমিয়ত উলেমা-ই-হিন্দ আদি সংগঠনে দেশবাসীক শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছিল । ইপিনে দল সংগঠনসমূহৰ প্ৰতি দেশবাসীয়ে সঁহাৰি আগবঢ়োৱাটো ইতিমধ্যে বাস্তৱত প্ৰতিফলিত হৈছে । দুই-এটা মুষ্টিমেয় সংগঠক বাদ দি সকলোৱে উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছে । এইটোৱেই পুনৰ প্ৰমান কৰিলে দেশৰ ন্যায় ব্যৱস্থাৰ প্ৰতি থকা জনসাধাৰণৰ গভীৰ আস্থা, বিশ্বাস আৰু সন্মান । এটা কথা ঠিক যে উচ্চতম ন্যায়ালয়ৰ ৰায়ে কোনো সম্প্ৰদায়ৰে ধৰ্মীয় আৱেগ-অনুভূতিত বিন্দুমাত্ৰও আঘাত কৰা নাই; বৰঞ্চ সমন্বয়ৰ বাৰ্তাহে প্ৰদান কৰিছে । এই সমন্বয়ৰ বাৰ্তাক বিশ্ববাসীৰ সন্মুখত অধিক মজবুত কৰি অযোধ্যাৰ পুণ্যভূমিত ৰাম মন্দিৰৰ সমান্তৰালভাৱে নিৰ্মাণ হৈ উঠক মছজিদো । এইক্ষেত্ৰত হিন্দু-মুছলমান উভয়ে আগবঢ়াওক পাৰস্পৰিক সহযোগিতা ।

You might also like