নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি আইন বাতিলৰ শেষ সময়সীমা ২ অক্টোবৰ

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত অটল প্রতিবাদী কৃষক সংগঠনে জনোৱা ৰাষ্ট্রজোৰা তিনিঘণ্টীয়া ‘চাক্কা জাম’ কার্যসূচী শান্তিপূর্ণভাৱে সামৰণি পৰে৷ দেশৰ ৰাজধানী দিল্লী, উত্তৰ প্রদেশ আৰু উত্তৰাখণ্ডক চাক্কা জামৰ পৰা বাদ দি ৰাষ্ট্রজোৰা আহ্বান জনোৱা প্রতিবাদী কার্যসূচীৰ সময়ত পঞ্জাব আৰু হাৰিয়ানাৰ সকলো ৰাষ্ট্রীয় পথ–ঘাইপথ কৃষক প্রতিবাদকাৰীয়ে অৱৰোধ কৰি যাতায়াত ব্যৱস্থা বিঘ্ণিত কৰি তোলে৷ ৰাজধানী দিল্লীৰ সমীপৱর্তী অঞ্চল এন চি আৰতো কৃষকসকলে সকলো পথ অৱৰোধ কৰে৷

ইপিনে ‘চাক্কা জাম’ৰ কার্যসূচীত অংশগ্রহণ কৰিবলৈ লোৱা প্রতিবাদকাৰীক দিল্লী আৰু বাংগালুৰুত আৰক্ষীয়ে আটক কৰে৷ লক্ষণীয় যে প্রতিবাদী কৃষক সংগঠনৰ চকাবন্ধ কার্যসূচীৰ পৰিপ্রেক্ষিতত দিল্লীৰ ৯টা মেট্র’ ষ্টেচন দিনৰ ১২ বজাত বন্ধ কৰি দি বিয়লি ৩ বজাত মুকলি কৰি দিয়ে৷ এন চি আৰৰ গুৰুগ্রামৰ কৃষ্ণা চ’কতো কৃষক প্রতিবাদীয়ে পথ অৱৰোধ কৰি কার্যসূচী ৰূপায়ণ কৰে৷

হাৰিয়ানাৰ শ্বাহিদী পার্কত প্রতিবাদকাৰীক আটক কৰি পিছলৈ ৩ বজাত মুকলি কৰি দিয়ে৷ আনপিনে ৰাজস্থান আৰু মধ্যপ্রদেশত কৃষকৰ চকাবন্ধ কার্যসূচীক পূর্ণ সমর্থন আগবঢ়াই কংগ্রেছ কর্মীয়েও প্রতিবাদত অংশগ্রহণ কৰে৷ গুৰুত্বপূর্ণ যে নতুন দিল্লীৰ সীমান্ত সিংঘু, গাজীপুৰ আৰু টিক্রীৰ প্রতিবাদস্থলীত আজি মাজনিশালৈকে ইণ্টাৰনেট সেৱা বন্ধ কৰিছে৷ প্রতিবাদী কৃষক সংগঠনে উত্থাপন কৰা অভিযোগ মর্মে প্রতিবাদস্থলীত বিদ্যুৎ সেৱাও ব্যাহত কৰা হৈছে৷ কেন্দ্রীয় চৰকাৰৰ তিনি কৃষি আইন প্রত্যাহাৰৰ দাবী ৭১ দিন ধৰি চলি থকা কৃষক সংগঠনৰ আন্দোলনৰ আজিৰ চকাবন্ধ কার্যসূচী পঞ্জাব আৰু হাৰিয়ানাত ব্যাপক প্রভাৱ পৰাৰ বিপৰীতে দেশৰ আন প্রান্তত বিশেষ প্রভাৱ পৰিলক্ষিত নহ’ল৷

ইপিনে তিনিঘণ্টীয়া ‘চাক্কা জাম’ কার্যসূচী শান্তিপূর্ণভাৱে সামৰণি পৰাৰ পাছত ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকেইতে দিল্লীৰ সীমান্ত গাজীপুৰত কৃষক আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰিছে৷ কৃষক নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মতে, দিল্লী–উত্তৰ প্রদেশ সীমান্ত গাজীপুৰত ২ অক্টোবৰলৈ কৃষকৰ আন্দোলন অব্যাহত থাকিব৷ কেন্দ্রীয় চৰকাৰক তিনি কৃষি আইন প্রত্যাহাৰৰ অন্তিম সময়সীমা ২ অক্টোবৰ বান্ধি দিয়া বুলিও কয় কৃষক নেতা টিকেইতে৷ আনপিনে কৃষক আন্দোলনক সমর্থন কৰি পপ ষ্টাৰ ৰিহানাই মন্তব্য দি কৃষকৰ আন্দোলনক আন্তর্জাতিক পর্যায়ত বর্ধিত কৰাৰ অন্তৰালত বৃহৎ পুঁজি লেনদেনৰ তথ্য সংবাদ মাধ্যমত প্রচাৰ হৈছে৷

পপ ষ্টাৰ ৰিহানাই টুইটৰ বিনিময়ত খালিস্তানী সম্পর্কিত জনসম্পর্কৰক্ষী সংস্থাৰ পৰা ১৮ কোটি টকা লোৱাৰ অভিযোগ চর্চিত হৈছে৷ কানাডাস্থিত পোয়েটিক জাষ্টিচ ফাউণ্ডেচনৰ (পি জে এফ) লগতে ৱ’ল্ড শিখ অর্গেনাইজেচনে ভাৰতৰ কৃষক আন্দোলনক আন্তর্জাতিক পর্যায়ত প্রচাৰ চলাই আছে৷ এই সংগঠন দুটাৰ পৰাই কৃষক আন্দোলনক সমর্থনেৰে টুইটাৰত মন্তব্য প্রকাশ কৰাৰ বাবে পপ ষ্টাৰ ৰিহানাক ১৮ কোটি টকা প্রদান কৰা বুলি চর্চিত হৈছে৷ লক্ষণীয় যে তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত কৃষক সংগঠনে চলাই থকা আন্দোলনক লৈ বিশ্বজুৰি ব্যাপক চর্চাৰ মাজতে আজি ৰাষ্ট্রসংঘত মানৱ অধিকাৰ কার্যালয়ৰ পৰা চৰকাৰ আৰু কৃষক প্রতিবাদকাৰীক সংযমী হ’বলৈ আহ্বান জনাইছে৷

ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰৰ টুইটাৰত প্রকাশ কৰা মতে, চৰকাৰ আৰু প্রতিবাদকাৰীয়ে আন্দোলনৰ সময়ছোৱাত সংযমী হওক৷ অফলাইন আৰু অনলাইন উভয়তে শান্তিপূর্ণভাৱে অধিকাৰ সাব্যস্ত কৰক৷ মানৱ অধিকাৰক সন্মান জনাই সকলোৱে সঠিক সমাধানৰ বাবে আগবাঢ়ি যাওক৷

You might also like