‘মোৰ মুখখন বন্ধ, কাৰণ মই ঘোচ লৈছোঁ’
১৯৭৩ চনৰ কথা৷ সেই সময়ত তুৰস্কৰ চৰকাৰে কেইবাখনো ভাৰতীয় কিতাপ সেই দেশত নিষিদ্ধ কৰিছিল বুলি বাতৰি ওলাইছিল৷ নিষিদ্ধ কিতাপকেইখনৰ ভিতৰত হিন্দুসকলৰ সর্বশ্রেষ্ঠ ধর্মগ্রন্থ গীতা আৰু ড০ ৰাধাকৃষ্ণনৰ A Hindu View of life) নামৰ কিতাপ দুখনো আছিল৷ তুৰস্কত এই ভাৰতীয় কিতাপকেইখন নিষিদ্ধ হোৱাৰ ফলত স্বাভাৱিকতেই ভাৰতত প্রতিবাদৰ ধুমুহা উঠিছিল৷ সংসদত প্রশ্ণ উঠিছিল৷ বাতৰিকাকতত বহুতো প্রতিবাদ–পত্র প্রকাশ হৈছিল৷
যিসকল লোকে চিন্তাৰ স্বাধীনতা আৰু ভাবৰ আদান–প্রদানৰ অবাধ সুবিধা বৌদ্ধিক বিকাশৰ এটা প্রধান চর্ত আৰু সভ্য জীৱনৰ এটা মৌলিক অধিকাৰ বুলি গণ্য কৰে, তেওঁলোকে কোনো দেশতেই কোনো কিতাপ নিষিদ্ধ হোৱাটো কেতিয়াও বাঞ্ছা নকৰে৷ তুৰস্কৰ চৰকাৰে গীতা বাA Hindu View of Life নিষিদ্ধ কৰাত ভাৰতীয়সকলৰ খং উঠাটো অতি স্বাভাৱিক৷ কিন্তু ভাৰতীয়সকলে এই কথা গম পায়নে যে তুৰস্কই ভাৰতীয় কিতাপ নিষিদ্ধ কৰাৰ আগৰ ২৫টা বছৰত প্রায় ৩০খনতকৈ বেছি অতি মূল্যৱান বিদেশী কিতাপ ভাৰতত নিষিদ্ধ বুলি ঘোষণা কৰি থৈছিল? এই নিষিদ্ধ কিতাপবোৰৰ ভিতৰত অব্রি মেনেনৰRama Retolled, স্বামী অগেহানন্দৰOchre Robe আৰু আর্থাৰ কয়েষ্টলাৰৰThe Robot and the Lotus নামৰ কিতাপো আছিল৷ নিষিদ্ধ বুলি ঘোষণা কৰাৰ আগতে স্বামী অগেহানন্দ আৰু আৰু কয়েষ্টলাৰৰ কিতাপ দুখন পঢ়িবলৈ পোৱাৰ সৌভাগ্য মোৰ হৈছিল৷ এই কিতাপ দুখন নিষিদ্ধ কৰাৰ একো যুক্তিতো নায়েই, বৰং ভাৰতীয় সভ্যতা আৰু সংস্কৃতিত এনে মর্মভেদী সমালোচনাৰ পৰা ভাৰতীয় পাঠকসকলক বঞ্চিত কৰি ৰখাটো এটা অপৰাধ বুলিহে গণ্য কৰিব পাৰি৷ আনকি যোৱা দুবছৰৰ ভিতৰতো দুগৰাকী বিদেশী লেখকে লিখা দুখন অতি মূল্যৱান কিতাপ ভাৰতত নিষিদ্ধ কৰা হৈছে ঃ এখন শিৱাজীৰ সমালোচনামূলক জীৱন চৰিত আনখন মার্কিন ঐতিহাসিক ডোৰিংগাৰে লিখা হিন্দু ধর্মৰ সমালোচনা৷
প্রসংগতঃ স্বামী অগেহানন্দৰ চমু পৰিচয় দিয়াটোও দৰকাৰী কথা বুলি ভাবিছোঁ, কাৰণ তেওঁৰ নামটো শুনি ভাৰতীয় স্বামীজী বুলি ভুল কৰাৰ অৱকাশ আছে৷ তেওঁ আছিল বেলজিয়ামৰ মানুহ৷ নাম লিওপ’ল্ড ফিশ্বাৰ৷ ১৬ বছৰ বয়সৰ পৰা তেওঁ হিন্দু ধর্মৰ প্রতি এনে প্রগাঢ় অনুৰাগ অনুভৱ কৰিছিল যে অৱশেষত তেওঁ ভাৰতলৈ আহিল আৰু হিন্দু ধর্ম গ্রহণ কৰি স্বামী অগেহানন্দৰূপে পৰিচিত হ’ল৷ তেওঁৰOchre Robe নামৰ কিতাপখন মই জীৱনত পঢ়া সকলো কিতাপৰ ভিতৰত অবিস্মৰণীয় কিতাপ বুলি মই ভাবোঁ৷ ভাৰতীয় সমাজত আৰু হিন্দু ধর্মৰ বহুতো কথা তেওঁ কঠোৰভাৱে সমালোচনাও কৰিছিল৷ জীৱনৰ শেষ দিন পর্যন্ত তেওঁ ভাৰতত থাকিব নোৱাৰিলে৷ আমেৰিকা যুক্তৰাষ্ট্রলৈ গৈ তেওঁ তাৰ কোনোবা এখন বিশ্ববিদ্যালয়ত নৃ–তত্ত্বৰ অধ্যাপক হৈছিল৷ তাৰ পিছৰ খবৰ মই নাজানো৷
সি যি কি নহওক, তুৰস্কৰ চৰকাৰে ভাৰতীয় কিতাপ নিষিদ্ধ কৰাত প্রতিবাদৰ ধুমুহা উঠিছিল, কিন্তু ভাৰত চৰকাৰেও এতিয়ালৈকে কিমান মূল্যৱান বিদেশী কিতাপ নিষিদ্ধ কৰিছে তাৰ খবৰ ভাৰতীয় বুদ্ধিজীৱীসকলে ৰখা নাই৷ স্বর্গীয় চর্দাৰ কে এম পানিক্কৰে এবাৰ পেৰিছত (সেই সময়ত তেওঁ ফ্রান্সত ভাৰতৰ ৰাষ্ট্রদূত আছিল৷) এজন বিখ্যাত ভাৰতীয় লেখকক এনেকুৱা ২০খন নিষিদ্ধ কিতাপৰ তালিকা দি কৈছিল– ‘এই কিতাপবোৰ ভাৰতত চৰকাৰী নির্দেশত নিষিদ্ধ, অথচ তাৰ বিৰুদ্ধে কোনো ভাৰতীয় মনীষীয়ে এতিয়ালৈকে প্রতিবাদ কৰা নাই৷’ ভাৰতীয় লেখকজনে পানিক্কৰক প্রশ্ণ কৰিলে– ‘আপুনি নিজে কিয় প্রতিবাদ কৰা নাই? সকলো জানিও আপুনি নিজে কিয় নীৰৱ হৈ আছে?’
চর্দাৰ পানিক্কৰে অকপটভাৱে স্বীকাৰ কৰিলে– ‘মই প্রতিবাদ কৰা নাই, কাৰণ মই ভাৰত চৰকাৰৰ পৰা সন্মান আৰু চাকৰিৰ ঘোচ লৈছোঁ৷ বাকী ভাৰতীয় বুদ্ধিজীৱীসকলেও প্রতিবাদ কৰাৰ কোনো আশা নাই৷ কাৰণ তেওঁলোকৰ প্রত্যেকেই কোনো নহয় কোনো এটা চৰকাৰী বা আধা চৰকাৰী প্রতিষ্ঠানৰ লগত জড়িত, অথবা তেওঁলোকে পদ্মশ্রী জাতীয় উপাধি লাভ কৰিছে, অথবা অকাডেমি পুৰস্কাৰ আৰু অন্যান্য ৰাষ্ট্রীয় সন্মান পোৱাৰ আশাত তেওঁলোক নিজৰ গোঁফত তেল মখাত ব্যস্ত৷’