বাৰেচহৰীয়া ভাওনাঃ আমাৰ ঐতিহ্য, আমাৰ অহংকাৰ
- নিত্য বৰা
বিৱর্তনৰ মাজেদি পৰিশীলিত জীৱনবোধৰ উৎকর্ষ সাধনৰ নামেহ সংস্কৃতি৷ মানৱ সংস্কৃতিৰ উত্তৰণ সম্ভৱ হৈছে নিৰন্তৰ সংগ্রাম–সংঘর্ষৰ পথ অতিক্রমি হোৱা নির্মাণৰ মাজেদি৷ সংস্কৃতিৰ সংগ্রাম–সংঘর্ষ হয় দুষৃকতিৰ লগত৷ জ্যোতিপ্রসাদে তাহানিতে দেখিছিল দুষ্কৃতিৰ ভয়ংকৰ ৰূপ৷ অনুমান কৰিছিল দুষ্কৃতিৰ এই কালান্তক ৰূপে মনুষ্য জাতিলৈ অশনি সংকেত কঢ়িয়াব পাৰে৷ কিন্তু সংগ্রাম আৰু সংঘর্ষৰ অন্তত তেওঁ মুক্তিৰ সোপানো দেখিছিল–
‘পৃথিৱীৰ এটা মহাসংক্রান্তি উপস্থিত আৰু এই মহাসংক্রান্তিৰ মাজেদি এক নতুন সংস্কৃতি মানৱ জীৱনত প্রতিফলিত হৈ উঠিব খুজিছে৷’ (ভাবীকালৰ সংস্কৃতি)
একে উশাহতে তেওঁ বিপদ মুক্তিৰ পথো অন্বেষণ কৰিছে–
‘মানুহ হৈছে এটা সাংস্কৃতিক জীৱ৷ মানুহৰ ক্রমবিকাশৰ বুৰঞ্জী হৈছে মানুহৰ সংস্কৃতিৰ আৰু বৈপ্লৱিক ৰূপান্তৰৰ বুৰঞ্জী৷’ (ওপৰোক্ত গ্রন্থ)
এনে সনাতন উক্তি কৰিব পাৰে জ্যোতিপ্রসাদৰ দৰে শিল্পীয়েহে সংঘর্ষ আৰু নির্মাণৰ এহ অভিঘাতৰ মাজত সকলো সময়তে যে সংস্কৃতিৰে জয় ঘোষিত হৈছে এনে নহয়৷ মাজে মাজে কালধুমুহাহ সংস্কৃতিৰ মূধচ উৰুৱাহ অপ–সংস্কৃতিৰ নগ্ণ ৰূপো প্রদর্শন কৰে৷ আজি আমাৰ সমাজো তেনে এক কালধুমুহাৰ মাজত সোমাহ পৰিছে নেকি? সংগ্রাম–সংঘর্ষৰ মাজত আমাৰ পৰিশীলিত জীৱনবোধ, আমাৰ মনুষ্যত্ব দিশহাৰা হৈছে নেকি? প্রশ্ণবোৰ এৰাহ চলিলে আমাৰ অৱস্থা হ’ব ধুমুহাৰ মাজত মৰুভূমিৰ উটপক্ষীৰ নিচিনা ঃ বালিত মূৰ গুঁজি বাহিৰৰ ধুমুহাক উপেক্ষা কৰা৷
ভাবিলে পৰম বিস্ময়ত হতবাক হ’ব লাগে, দুহ শতিকাৰো ওপৰ কাল বাৰেচহৰীয়া ভাওনাৰ হতিহাস, ঐতিহ্য–পৰম্পৰাৰ উত্তৰাধিকাৰ লাভ কৰিছে জামুগুৰিহাটৰ গঞা ৰাহজে এহ দীর্ঘদিনৰ সংগ্রাম–সংঘর্ষৰ হতিহাস সমুজ্জ্বল কৰিছে কেহহেজাৰমান চহা পৰিয়ালে কথিত আছে ১৭৯৭ চনত মহাপুৰুষ শংকৰদেৱৰ অংকীয়া ভাওনাৰ আধাৰত প্রথমবাৰলৈ অনুষ্টুপীয়াকৈ আৰম্ভ হৈছিল বাৰেচহৰীয়া ভাওনা৷ আজি এহ বাৰেচহৰীয়া ভাওনা দেশৰ ভিতৰতে এক সর্ববৃহৎ সাংস্কৃতিক অনুষ্ঠানত পৰিণত হৈছে৷ কেৱল আকাৰ–আয়তনত নহয়, গুণগত দিশতো পৰিৱেশ্য কলাৰ এনে বিশাল আয়োজন বিৰল– যাৰ ৰূপকাৰ গাঁৱৰ চহা ৰাহজ৷ বাৰেচহৰীয়া ভাওনাৰ মণ্ডপ আৰু ৰভা নির্মাণৰ কাৰিকৰী কৌশলৰ ‘আর্কিটেক্ট হঞ্জিনীয়াৰ’ গাঁৱৰ ৰাহজেহ৷ এহবোৰ নির্মাণৰ সা–সঁজুলি, কেঁচামাল, বাঁহ–বেত–খেৰ–কাঠ আদি ক্রমে দুষ্প্রাপ্য হৈ আহিছে৷ বিকল্পৰ কথা নিশ্চয় আহিব বা আহিছেহ৷ ৰাহজে আলচ কৰিব৷ উপায়ো ওলাব৷ চিন্তা–ভাবনা তথা কার্যক্রমত সততা, নিষ্ঠা আৰু গণতান্ত্রিকতা একধৰণৰ সাংস্কৃতিক উপাদান৷ এনে উপাদান গুৰুজনাৰ সংস্কৃতি–চিন্তাৰ অবিচ্ছেদ্য অংগ৷ মৃত্যুৰ পাছত শংকৰদেৱক যিমানেহ ঈশ্বৰত্ব আৰোপ নকৰক কিয়, প্রকৃতার্থতে তেওঁ আছিল এক অসাধাৰণ গুণসম্পন্ন তেজ–মঙহৰ মানুহ৷ তেওঁৰ পাণ্ডিত্যৰ বিশালতা হমান ব্যাপক আছিল যে সেয়া সাধাৰণ দৃষ্টিত বুজিব নোৱাৰি৷ বহু সময়ত চৰিতকাৰসকলে গুৰুজনাৰ কাম–কাজ, গুণ–গৰিমাত অলৌকিকত্ব আৰোপ কৰি তেওঁক ভগৱানৰ অন্য এক অৱতাৰ বুলিও প্রতিপন্ন কৰিবলৈ প্রয়াস কৰিছিল৷ গুৰুজনাক ‘ভগৱান’ সজালে এচাম মুখিয়াল মানুহৰ দুহ ধৰণেৰে সুবিধা হৈছিল– শংকৰদেৱ ‘অৱতাৰী পুৰুষ’ হ’লে মাতব্বৰসকলে গুৰুৰ আসনত বহিব পাৰে৷ সেয়া হ’লে ভক্তমণ্ডলীয়ে মহাপুৰুষজনাক ভগৱানৰ থাপনাত থৈ এহ নব্য ‘গুৰু’সকলৰ ওচৰত আঁঠু কাঢ়ি থাকিব৷ সাধাৰণ মানুহ ‘ভগৱান’ শংকৰদেৱৰ পৰা নিলগত থাকিলে যিসকল আটাহতকৈ বেছি উপকৃত হয়, সেহসকলৰে আধুনিক সংস্কৰণ হ’ল অসমীয়া মধ্যবিত্ত সমাজৰ প্রতাপী অংশটো৷ সেহ প্রতাপীসকলৰ মাজত আছে শাসনত অধিষ্ঠিত মন্ত্রী, আমোলা–বিষয়া, বৌদ্ধিক জগতৰ মুৰব্বী, ধর্মীয় বা সাধাৰণ দল–সংগঠনৰ বিষয়ববীয়া আদিৰ সেনাপতি–পালি সেনাপতিবৃন্দ৷ এহ প্রভাৱশালীসকলক একমুখে আমি ‘শাসক গোষ্ঠী’ৰ অন্তর্ভুক্ত বুলি চিনাক্ত কৰিম বা কৰিছোঁ৷ এহ শাসক গোষ্ঠীয়েহ আজি বিভাজনৰ কূট–কচালিৰে আমাৰ সমাজ জীৱন ভাঙি তচনচ কৰিব ধৰিছে– কেতিয়াবা ধর্মৰ নামত, আকৌ কেতিয়াবা জাত–পাতৰ নামত৷ আধুনিক ৰূপৰ ‘শাসক গোষ্ঠী’ নহ’লেও শংকৰদেৱৰ দিনতো অন্য ৰূপত এক ‘শাসক গোষ্ঠী’ আছিল৷ তেওঁলোক আছিল ৰজা আৰু তেওঁৰ পাৰিষদসকল৷ শংকৰদেৱ নানা প্রকাৰে এহ শাসক গোষ্ঠীৰ নিপীডনৰ বলি হৈছিল৷ শংকৰদেৱৰ পাণ্ডিত্য আৰু শাস্ত্র জ্ঞানে সেহ সময়ৰ উচ্চবর্গৰ ব্রাহ্মণ পণ্ডিতক ঈর্ষান্বিত কৰিছিল৷ তেওঁলোকে শংকৰদেৱৰ বিৰুদ্ধে সততে ৰজাঘৰত গোচৰ তৰিছিল৷ এহ সকলোবোৰ প্রতিকূলতাৰ বিৰুদ্ধে যুঁজিবলৈ শংকৰদেৱৰ ওচৰত এপাটেহ অস্ত্র আছিল৷ সেহ অস্ত্র হ’ল সাধাৰণ বর্গৰ মানুহৰ সক্রিয় সমর্থন৷ ব্রাহ্মণ পণ্ডিতসকল তেওঁৰ শাস্ত্র জ্ঞান আৰু তর্কবিদ্যাত বাৰে বাৰে পর্যুদস্ত হৈছিল৷ মহাপুৰুষজনে সমগ্র জীৱন কালত ভাৰতৰ সকলো তীর্থস্থান ভ্রমণ কৰিছিল৷ সেহ ভ্রমণত উপলব্ধ সকলো পুথি–পাঁজি, শাস্ত্র, বেদ–বেদান্ত আদি অধ্যয়ন কৰিছিল৷ তেওঁ নিজে এজন সংস্কৃত ভাষাৰ পণ্ডিত আছিল৷ একে সময়তে তেওঁ আছিল ভক্তপ্রাণ৷ তেওঁৰ বাবে ভক্ত আৰু ভগৱানৰ মাজত কোনো পার্থক্য নাছিল৷ শংকৰদেৱৰ সমকালীন নৱবৈষৱ সংস্কাৰবাদী ধর্ম আন্দোলনে হিন্দু ধর্মৰ নতুন দিগন্ত মুকলি কৰিছিল৷ অন্ধবিশ্বাস আৰু গোড়ামিৰ স্থান লৈছিল মুক্ত চিন্তা আৰু নান্দনিক সংস্কৃতি– চর্চাহ৷ নামঘৰ আছিল নৱবৈষৱ সংস্কৃতি চর্চাৰ অভিকেন্দ্র৷ অসমীয়া সংস্কৃতিৰ ভেটি নির্মাণ হৈছিল এই নামঘৰৰ মজিয়াতে৷ হৰিনামৰ মাহাত্ম্য প্রচাৰৰ সমান্তৰালকৈ নামঘৰবোৰতে নৃত্য–গীত, নাট–ভাওনা আদিৰ চর্চাও চলিছিল চহা শিল্পীৰ৷ এহ পৃষ্ঠভূমিতে জন্ম হৈছিল জামুগুৰিহাটৰ ঐতিহাসিক বাৰেচহৰীয়া ভাওনাৰ৷ গণ–সংস্কৃতিৰ এহ পৰম্পৰা আমাৰ এতিহ্য, আমাৰ অহংকাৰ৷ এহ ঐতিহ্য, এহ অহংকাৰ আমি কিমান দিনলৈ অক্ষত অৱস্থাত ৰাখিম বা ৰাখিব পাৰিম? এনে প্রশ্ণৰ চমু বা সহজ উত্তৰ নাহ৷ যোৱাটো শতিকাৰ শেষভাগৰ পৰা দেখিছোঁ আমাৰ ৰাহজে আতোলতোলকৈ ৰখা এহ আপুৰুগীয়া অনুষ্ঠানৰ মজিয়াত ৰাজনৈতিক নেতাৰ দপদপনিৰ মাত্রা বাঢ়িছে৷ আমি আপত্তি কৰিছেছা৷ কিন্তু আমাৰ আপত্তি শুনিব কোনে? আমাৰ আপত্তি অগ্রাহ্য কৰিব পৰা যুক্তিও প্রতিপক্ষৰ আছে যদি কু–যুক্তি আৰু অযুক্তিক মান্যতা দিয়া হয়৷ কোৱা হয়– অনুষ্ঠানৰ জাকজমকতা বাঢ়িছে৷ সেহ অনুপাতে বাঢ়িছে অর্থব্যয়৷ সেহ অর্থ লৈ আগবাঢ়ি আহিব পাৰে শাসকীয় পক্ষহহে৷ এতিয়া দেশত বা এনে অনুষ্ঠান–প্রতিষ্ঠানৰ্ সংখ্যা আঙুলি মূৰত গণিত পাৰি, যি শাসকীয় পক্ষৰ পৃষ্ঠপোষকতা অবিহনে চলিব পাৰে৷ আমি কিন্তু সততে পাহৰি যাওঁ যে চৰকাৰী পৃষ্ঠপোষকতাৰ নামত যি অর্থ ব্যয় কৰা হয়, সেয়া প্রকৃততে কৰ–কাটলৰ যোগেৰে সংগ্রহ কৰা ৰাহজৰে অর্থ৷ আমি সচেতন দৃষ্টিৰে কথাবোৰ ভাবিব নোৱাৰোঁ বা নাভাবোঁ বাবেহ সকলো পৰিক্ষেত্রতে গণতকৈ গণপ্রতিনিধিৰ আগ্রাসী ভূমিকা গ্রাহ্য কৰা হৈছে৷ গণপ্রতিনিধি বা শাসকৰ সক্রিয় সহযোগিতা নিশ্চয় লাগিব৷ তেনে সক্রিয়তা আদৰণীয়ও৷ কিন্তু এহ সক্রিয়তাহ গাঁৱৰ বুঢ়া–মেথা বা শ্রদ্ধেয়সকলৰ প্রতি যেন কাহানিও অসন্মান প্রদর্শনৰ কাৰক নহয়৷ নহ’লে বাৰেচহৰীয়া ভাওনাক লৈ আমাৰ গৌৰৱ সীমাহীন গ্লানিলৈ ৰূপান্তৰিত হ’ব পাৰে৷ বাৰেচহৰীয়া ভাওনাক লৈ আমাৰ অনুভৱ মুকলিকৈ প্রকাশ কৰিছোঁ৷ দায়–দোষ হ’লে গণদেৱতাৰ ওচৰত ক্ষমাপ্রার্থী৷