নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–অষ্ট্রেলিয়াৰ চতুর্থ টেষ্টঃ নৰেন্দ্র মোদী ষ্টেডিয়ামত খেল চাব মোদীয়ে

নিয়মীয়া বাৰ্তা, ৮মাৰ্চ: আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত ৯ মার্চৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্রেলিয়াৰ চতুর্থ টেষ্ট৷ সেইদিনা দর্শকৰ আসনত উপস্থিত থাকিব দুই বিশিষ্ট অতিথি৷ অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী এন্থনী আলবেনিজৰ সৈতে খেল উপভোগ কৰিব ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ অহা ৮ মার্চত চাৰি দিনৰ ভাৰত ভ্রমণলৈ আহিব অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী৷ ভাৰতত কেইবাটাও কার্যসূচীত অংশগ্রহণ কৰাৰ লগতে আলবেনিজে উপভোগ কৰিব ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া চতুর্থ টেষ্টৰ প্রথমদিনাৰ খেল৷ নিজৰ নামাংকিত ষ্টেডিয়ামত বহি আলবেনিজৰ সৈতে মোদীয়ে উপভোগ কৰিবলগীয়া খেলখনত কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে৷

উল্লেখ্য যে ২০২১ চনত ম’টেৰা ষ্টেডিয়ামৰ নাম সলনি কৰি মোদীৰ নামত ৰখা হয়৷ ইয়াৰ পিছত সেইখন ষ্টেডিয়ামত দুখন টেষ্ট খেলি দুয়োখনতে বিজয়ী হৈছে ভাৰত৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত খেলাটো নিশ্চিত কৰিবলৈ হ’লে চতুর্থ টেষ্টত অষ্ট্রেলিয়াক পৰাজিত কৰিবই লাগিব ভাৰতে৷ ইন্দোৰত অনুষ্ঠিত তৃতীয় টেষ্টত জয়লাভ কৰি ইতিমধ্যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল নিশ্চিত কৰিছে আলহী দলটোৱে৷ অৱশ্যে শৃংখলাত পৰাজয়ৰ পৰা হাত সাৰিবলৈ হ’লে আহমেদাবাদত অষ্ট্রেলিয়া বিজয়ী হ’বই লাগিব৷ সেইবাবে দুয়োটা দলৰ অগ্ণি পৰীক্ষাস্বৰূপ হৈ পৰিছে চতুর্থ টেষ্ট৷ ইয়াৰ লগতে দুয়োখন দেশৰ প্রধানমন্ত্রীৰ উপস্থিতিত আহমেদাবাদ টেষ্টৰ আকর্ষণ অধিক বৃদ্ধি পাব৷

You might also like