নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিকোডিং জীৱনঃ মই অপিনিয়ন মেকাৰ হ’ব খোজোঁ

  •  পার্থসাৰথি মহন্ত

আমাৰ মানে সাধাৰণ ৰাইজৰ প্রতিটো ইছ্যু বা বিষয়ৰ ওপৰত এটা নিজা মত থাকে৷ আমি তেনেকৈয়ে ভাবোঁ৷ এই মতটো কিমান আমাৰ নিজৰ মত? কাৰণ ইছ্যুটো প্রথম বনাওঁতেই বা কথাটো হওঁতেই কিছুমান নলেজ লৈহে খবৰটো আমাৰ ওচৰ পায়হি৷ এই মানুহখিনিয়ে নিজা ধৰণেহে খবৰটো আমাৰ কাণত পেলায়৷ কিবা কাৰণে যদি খবৰটো কেঁচাকেই ওলাই গ’ল, তাৰ পাছতো এনে ধৰণে কথা ক’ব বা লিখিব যে আমি বুজি পোৱাৰ আগতেই সেই মতকে আমাৰ মত বুলি ভাবি লওঁ৷
অপিনিয়ন মেকাৰ৷ মত সৃষ্টি কৰে৷ আমাৰ দৰে সাধাৰণ মানুহবোৰৰ মতক গঢ় দিয়ে, আকৃতি দিয়ে, প্রকৃতি দিয়ে, গতি দিয়ে, শক্তি দিয়ে৷ এনে মত যিকোনো বিষয়ে হ’ব পাৰে, সমাজ, জীৱন, ৰাজনীতি, অর্থনীতি, ব্যক্তিগত, ৰাজহুৱা যিকোনো৷ যি অপিনিয়ন মেকাৰখিনি বিশেষ বিশেষ ক্ষেত্রত দক্ষ, অভিজ্ঞ, পণ্ডিত লোক৷ সেয়েহে তেওঁলোকৰ কথাক মানুহে গুৰুত্ব দিয়ে৷ এওঁলোকক মানুহে আস্থাত লয়৷ এই বিশ্বাসৰ বাবেই এওঁলোকৰ কথাই মানুহক প্রভাৱিত কৰে৷ জানিতভাৱে, আৰু অজানিতভাৱেও৷ তেওঁলোক অপিনিয়ন লীডাৰ৷
অপিনিয়ন লীডাৰৰ কেৰিচ্মা, অনুৰাগী জনমতক প্রভাৱিত কৰিব পৰা ক্ষমতা দেখি আমাৰো অপিনিয়ম মেকাৰ হ’বলৈ মন যায়, আৰু আজিৰ দিনত তাৰ আটাইতকৈ সহজ উপায় হ’ল সামাজিক মাধ্যম৷ ইয়াৰ বাবে প্রথম আৱশ্যকতা হ’ল মই দৃশ্যমান হ’ব লাগিব৷ মই যে আছোঁ মানুহে গম পাব লাগিব, মোৰ অস্তিত্ব মানুহে উপলব্ধি কৰিব লাগিব৷ মই সামাজিক মাধ্যমত সক্রিয় হৈ পৰোঁ৷ কিবা এটা হ’ব লাগে মাত্র, মোৰ প’ষ্ট, কমেণ্ট আহি যাব৷ কেইজনে পঢ়িলে, চালে–নাচালে কথা নাই, মই কিন্তু নিজকে এক সাংঘাটিক বুদ্ধিজীৱী বুলি ভাব এটা লৈয়ে ল’লোঁ৷
মোৰ জ্ঞানৰ দৌৰ কিমান আনে জানক বা নাজানক মই নিজেতো জানো৷ বিষয়টোৰ ওপৰত এটা বিস্তৃত লেখা মোৰ দ্বাৰা সম্ভৱ নহয়৷ কিতাপ দূৰৰে কথা, প্রবন্ধ এটা কিবাকৈ লিখিলেও প্রকাশ হ’ব বা পাব লাগিব৷ মই ঢুকি পোৱা বা ঢুকি পাওঁ বুলি ভবা কাম এটাই আছে, কমেণ্ট৷ মই কমেণ্ট দিওঁ৷
ভাষাৰ কথাও ভাবিবলগীয়া নাই৷ বানান–ব্যাকৰণ শুদ্ধ হৈছে নাই, চিন্তা কৰিবলগীয়া নাই৷ ভুলকৈ লিখাটোৱেই য’ত ইন থিং, মোৰ সঁচাকে হোৱা ভুলবোৰো ষ্টাইল বুলি চলি যায়৷
কোনো ৰিছার্চ Research) কৰিবলগীয়া নাই৷ একো তথ্য–পাতি গোটাবলগীয়া নাই৷ জাষ্ট এটা কমেণ্ট৷ মই হৈ পৰোঁ গুণ–জ্ঞানৰ আকৰ৷ মানে তেনেকৈ আনক আভুৱা ভাঁৰিব পাৰিছোঁ বুলি মই ভাবোঁ৷ কোনো মানুহে একো নকয়৷ নলগা জেঙত কোনেনো লাগি ল’ব৷
অথচ অপিনিয়ন মেকাৰৰ ভূমিকা কিমান গুৰুত্বপূর্ণ৷ জনমত গঠন আৰু প্রভাৱিত কৰাৰ ক্ষেত্রত থকা আৰু লোৱা ভূমিকাৰ বাবেই সংবাদ মাধ্যম গণতন্ত্রৰ চতুর্থ স্তম্ভ৷ ইফালে কোনো আগ নাই, গুৰি নাই আৰু আমি ভূমিকা আৰু গুৰুত্ব বিচাৰোঁ চতুর্থ স্তম্ভৰ৷ ছ’চিয়েল মিডিয়াই এয়া সহজ কৰি দিলে৷
মানুহক কেনেকৈ প্রভাৱিত কৰিব লাগে সেই মনোবিজ্ঞান খুব ইণ্টাৰেষ্টিং৷ কথাটো আচলতে একেবাৰে ছিম্পল৷ যিকোনো মানুহকে প্রভাৱিত কৰিব পাৰি৷ এই সৰল সত্যটোক কেন্দ্র কৰিয়েই অর্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক সাম্রাজ্যতে হাহাকাৰ লাগি যায়, তোলপাৰ লাগি যায়, তল–ওপৰ হৈ যায়৷ মন প্রভাৱিত হয় অৱচেতন অৱস্থাত৷ কোনেও গমকে নাপায়, উপলব্ধি নকৰে৷ সেইটোৱেই ছিক্রেট৷ মানুহৰ প্রভাৱিত হৈ যায়৷
মানুহ আনতকৈ পৃথক হ’ব বিচাৰে, নিজৰ এটা পৰিচয় বিচাৰে৷ একে সময়তে আকৌ সামূহিক একাত্মতাও বিচাৰে৷ সামূহিক পছন্দ বা সিদ্ধান্তৰ বিপৰীতে যাবলৈ ভয় এটাও কৰে৷ সেয়েহে যেতিয়া দেখা পায় যে এটা ট্রেণ্ড আহিছে, একে কামকে কৰি পেলায়৷ আনৰ ওপৰত নির্ভৰ নকৰাকৈ নিজাকৈ সিদ্ধান্ত এটা লোৱা সিমান সহজ নহয়৷ ভুল সিদ্ধান্তই যে কেৱল সময় আৰু টকা–পইচাই নষ্ট কৰে, তেনে নহয়, ই ইমেজো নষ্ট কৰে৷ এনে কষ্ট আৰু সম্ভাব্য বিপদৰ পৰা বাচি থকাৰ এটা ৰাস্তা হ’ল আনে কৰাকে কৰা৷ ছ’চিয়েল মিডিয়াৰ কাৰণে আনে কি কৰিছে চাই থকাটো সহজ হৈ পৰিল বা সহজেই চকুত পৰা হ’ল৷ এজনে আনজনক অনুকৰণ কৰিবলৈ লোৱাৰ লগে লগে ই ট্রেণ্ডত পৰিণত হয়৷
আপুনি যদি কোনোবা এটা বিশেষ ক্ষেত্র বা বিষয়ৰ বিশেষজ্ঞ বা পণ্ডিত, মানুহে আপোনাক চাই সেই কাম কৰিব৷ আপুনি এজন জেনুইন ইন্ফ্লুৱেঞ্জাৰ, কিন্তু আপুনি পণ্ডিত নহয়৷ অথচ আপুনি ইন্ফ্লুৱেঞ্জাৰ হ’ব খোজে৷ কোনো কথা নাই৷ অলপ ধূর্ত, অলপ নিলাজ হ’ব পাৰিলেই হ’ল৷ এই ট্রেণ্ডটো ঠিক আৰম্ভ হওঁতেই ছ’চিয়েল মিডিয়াত এটা কমেণ্ট দিয়ক৷ ট্রেণ্ডটো সকলোৰে চকুত পৰা হোৱাৰ পাছত অথবা সার্বজনীন হৈ পৰাৰ পাছত আৰু এটা আপডেট দিয়ক কেনেকৈ আপুনি আগতেই এই ভৱিষ্যদ্বাণী কৰিছিল৷ আপুনি ইন্ফ্লুৱেঞ্জাৰ হৈ পৰিল, তথাকথিত৷ স্বয়ম্ভু৷ আৰু কিবা কাৰণে যদি ট্রেণ্ডটো নল’লে বিষয়টো বাদ দি দিয়ক৷ সেই বিষয়ে আৰু অধিক একো নক’ব৷ আন এটা এনেকুৱা বিষয় বা ইছ্যু আৰম্ভ কৰি দিয়ক যে মানুহে আগৰ ইছ্যুটো পাহৰি যায়৷
মানুহে ভাবে এজন মানুহেই ইমান কথা কেনেকৈ জানিব পাৰে সকলো ডাক্তৰেই (এম বি বি এছ) তথাপি নিজৰ স্পেচিয়েলাইজেচনৰ Specialization) বাহিৰত মাত নামাতে৷ এওঁ কেনেকৈ ইমান কথা জানে কি কৰিব মানুহৰ ভবা কাম ভাবিবই৷ আমাৰ শিক্ষাগত অর্হতা কিমান, আমাৰনো ৰিজাল্ট–মার্কছ কিমান আছিল ইত্যাদি প্রশ্ণও কেতিয়াবা উঠিব পাৰে৷ কি কি প্রশ্ণ এৰাই চলিব লাগে আমি জানিব লাগিব৷ প্রতিপত্তি বতাহত উৰি নুফুৰে৷ প্রতিপত্তিশালী হ’বলৈ অলপ কষ্ট, কিছু ত্যাগ লাগিব৷
অর্থাৎ কথাটো অতি সৰল৷ আমি এটা বিষয় বা ইছ্যু ল’ব লাগিব৷ সমস্যা নথকা ঠাইতো সমস্যা উলিয়াব লাগিব৷ কি হ’বগৈ ক’ব লাগিব৷ হৈ গ’ল যদিটো হৈয়েই গ’ল৷ যদি নহ’ল, বিষয়টো এৰাই বা পাহৰাই চলিব লাগিব৷ তথাপি যদি প্রশ্ণ উঠে, কিয় নহ’ল, এটা ব্যাখ্যা দিব পাৰিব লাগিব৷ আপুনি ছ’চিয়েল ইন্ফ্লুৱেঞ্জাৰ৷ আপুনি অপিনিয়ন মেকাৰ৷

You might also like