নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছত বিদ্রোহৰ উকমুকনিঃ বুমেৰাং হোৱাৰ পথত ভূপেন বৰাৰ বিৰোধী ঐক্য

  • বুমেৰাং হোৱাৰ পথত ভূপেন বৰাৰ বিৰোধী ঐক্য
  • আসন বুজাবুজিতেই কংগ্রেছত হ’ব মহাবিদ্রোহ
  • জনপ্রতিনিধি নথকা–অস্তিত্বহীন দলক আসন এৰি দিয়াৰ পক্ষত নাই গৰিষ্ঠসংখ্যক জ্যেষ্ঠ নেতা
  • সমষ্টি পুনৰ নির্ধাৰণ–মহাজোঁটক লৈ বিৰোধীৰ মহা বিভাজনে লোকসভা নির্বাচনত বিজেপিক নিষ্কণ্টক কৰাৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা, ১৩ মার্চ: কলিতেই বুমেৰাং হোৱাৰ সম্ভাৱনা প্রকট হৈছে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ বিৰোধী ঐক্য৷ নৱগঠিত বিৰোধী ঐক্যক লৈ ইতিমধ্যে কেৱল শাসক দল বিজেপিয়েই নহয়, বিৰোধী ঐক্যৰ আওতাৰ বাহিৰত ৰখা এ আই ইউ ডি এফ, তৃণমূল কংগ্রেছ আৰু আপেও এই প্রচেষ্টাক তুলাধুনা দিয়া আৰম্ভ কৰিছে৷ আনহাতে ৰাজ্যৰ ক্ষুদ্র ক্ষুদ্র তথা একপ্রকাৰ অস্তিত্বহীন ৯টা দলক লৈ ভূপেন বৰাই গঠন কৰা বিৰোধী ঐক্যক লৈ বিশেষ আশাবাদী হ’ব পৰা নাই ৰাজ্যৰ গৰিষ্ঠসংখ্যক কংগ্রেছ নেতৃত্ব৷ এই মুহূর্তলৈ আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ আগত কোনেও বিষয়টো সন্দর্ভত মুখ খুলিব বিচৰা নাই যদিও ভিতৰি ভিতৰি বহু জ্যেষ্ঠ কংগ্রেছ নেতা গুজৰি–গুমৰি আছে৷ এক কথাত ক’বলৈ গ’লে সভাপতি বৰাৰ সিদ্ধান্তত এই জ্যেষ্ঠ কংগ্রেছীসকল নাৰাজ৷ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, বিজেপিবিৰোধী শক্তিক একগোট কৰাৰ স্বার্থত সেইসকল জ্যেষ্ঠ কংগ্রেছী এতিয়ালৈ নীৰৱে আছে যদিও বিৰোধী ঐক্যলৈ অহা কোনো এটা দলকে আসন্ন লোকসভা নির্বাচনত এখনো আসন এৰি দিয়াৰ পক্ষত নাই৷

সূত্রটোৰ মতে, আসন বুজাবুজিৰ প্রক্রিয়া আৰম্ভ হ’লেই প্রকাশ্যে আসন এৰি দিয়াৰ বিৰোধিতা কৰিব৷ এই সন্দর্ভত সূত্রটোৱে কয় যে যোৱা বিধানসভা নির্বাচনৰ পাছত মহাজোঁট ভংগৰ সময়ত দলৰ তৰফৰ পৰা অতি স্পষ্টভাৱে দলক শক্তিশালী কৰাৰ স্বার্থত নিজৰ ভৰিত নিজে থিয় দিয়াৰ গুৰুত্ব আৰোপ কৰে৷ ইয়াৰ বাবে সেই সময়তে সংগঠন শক্তিশালী কৰাৰ পোষকতা কৰা হৈছিল৷ দলৰ সেই সিদ্ধান্ত অনুসৰিয়েই মহাজোঁটৰ পৰা এ আই ইউ ডি এফক আঁতৰাই পঠিয়ায়৷ শেহতীয়াকৈ যোৱা ১০ মার্চত এ আই ইউ ডি এফ, তৃণমূল কংগ্রেছ, আপক বাদ দি প্রদেশ কংগ্রেছে ৰাইজৰ দল, অজাপ, চি পি আই, চি পি আই (এম), চি পি আই (এম এল), এন চি পি, এল ডি পি, আৰ জে ডি আৰু অজিত ভূঞা নেতৃত্বাধীন জাতীয় দলৰ সৈতে এখন বৈঠকত মিলিত হৈ বিৰোধী ঐক্য গঠনৰ সিদ্ধান্ত গ্রহণ কৰে সভাপতি ভূপেন বৰাই৷ উক্ত দলকেইটাৰ সৈতে অহা ৯ এপ্রিলত এখন সন্মিলন অনুষ্ঠিত হ’ব৷

কংগ্রেছৰ সূত্রটোৰ মতে, উক্ত দলকেইটা বিজেপিক উৎখাটৰ বাবে কংগ্রেছৰ সৈতে ঐক্যবদ্ধ হোৱাত কংগ্রেছৰ নেতাসকলৰ আপত্তি কৰিবলগীয়া নাই৷ কিন্তু লোকসভা নির্বাচনত মিত্রদল হিচাপে তেওঁলোকক কোনো আসন এৰি দিয়া নহয়৷ বিগত বিধানসভা নির্বাচনত উজনি অসমৰ প্রায়বোৰ সমষ্টিতে ৰাইজৰ দল আৰু অজাপে প্রার্থিত্ব দি কংগ্রেছক যথেষ্ট ক্ষতি কৰে৷ সেই সময়ৰ কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ বিৰুদ্ধে প্রার্থিত্ব দিয়াৰ বাবে উজনি অসমৰ ১৭টাকৈ সমষ্টিত ৫ হাজাৰৰ পৰা ৭ হাজাৰ ভোটৰ ব্যৱধানত মহাজোঁটৰ প্রার্থী পৰাজিত হ’বলগীয়া হৈছে৷ যাৰ বাবে যোৱা বিধানসভা নির্বাচনত কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ’ল৷ তদুপৰি বিৰোধী ঐক্য স্থাপন কৰা ৯টাকৈ দলৰ ভিতৰত ৰাইজৰ দলৰ এজন আৰু চি পি আই (এম)ৰ এজনহে বিধায়ক আছে৷ বাকীকেইটা দলৰ কোনো বিধায়ক নাই৷ সেইদৰে তৃণমূল পর্যায়ত সংগঠন বুলিবলৈও সেই দলকেইটাৰ অৱস্থান শূন্য৷ কিন্তু অসমৰ প্রতিটো সমষ্টিতে উক্ত দলকেইটাৰ তুলনাত কংগ্রেছৰ বৃহৎ সংগঠন আছে৷ এনে অৱস্থাত কংগ্রেছে সেই দলকেইটাক আসন এৰি দিয়া মানে দল অধিক ক্ষতিগ্রস্তহে হ’ব৷ কংগ্রেছৰ ভিতৰচ’ৰাত চলা আলোচনা অনুসৰি বিগত উপ–নির্বাচনসমূহত অজাপ, ৰাইজৰ দলৰ সৈতে মিত্রতা কৰা হৈছিল যদিও তাৰ পৰাও কোনো ফলপ্রসূ ফলাফল অহা নাই৷ ইয়াৰ বিপৰীতে ৰাজ্যখনৰ ১৪টা লোকসভা সমষ্টিতেই কংগ্রেছৰ বহুকেইগৰাকী সবল প্রার্থী আছে৷

বিগত ৫ বছৰে তেওঁলোকে নিজ নিজ সমষ্টিত শক্তিশালীভাৱে কাম কৰি আহিছে৷ তদুপৰি যোৱা বিধানসভা নির্বাচনত অজিত ভূঞাৰ দলৰ সৈতে হোৱা মিত্রতা অনুসৰি দিছপুৰ সমষ্টিতো অজিত ভূঞাৰ অতিকে বিশ্বস্ত মনজিৎ মহন্তক এৰি দিয়া হৈছিল৷ কিন্তু মহন্তই শোচনীয়ভাৱে পৰাজিত হয়৷ সেয়ে কংগ্রেছৰ জ্যেষ্ঠ নেতাসকলে বিৰোধী ঐক্য গঠনত আপত্তি কৰা নাই যদিও সমষ্টি বুজাবুজিৰ ক্ষেত্রত সহমতত নাই৷ সূত্রটোৱে সদৰী কৰা অনুসৰি দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই ইতিমধ্যে তেওঁলোকৰ সেই স্থিতিৰ বিষয়ে যোৱা দুদিনত ভাগে ভাগে কেইবাখনো ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ প্রদেশ কংগ্রেছৰ নেতৃত্বক আগতীয়াকৈ অৱগত কৰিছে৷ তেওঁলোকে আনকি বিৰোধী ঐক্যত অন্তর্ভুক্ত হোৱা দলক আসন এৰি দিয়াৰ প্রক্রিয়া আৰম্ভ হ’লেই মুকলিকৈ বিদ্রোহ কৰাৰো হুংকাৰ দিছে৷ বিৰোধী ঐক্য গঠনৰ দুদিন পাছৰে পৰাই কংগ্রেছৰ ভিতৰত আৰম্ভ হোৱা এই ৰাজনীতিয়ে যে গজালিতেই ভূপেন বৰাৰ বিৰোধী ঐক্যক বুমেৰাং কৰিব, সেয়া এতিয়াই ক’ব পাৰি৷ ইপিনে সমষ্টি পুনৰ নির্ধাৰণ বিষয়টো অহা লোকসভা নির্বাচনৰ পূর্বে সম্পূর্ণ হোৱাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ ৰাজ্যখনত ১৪টা লোকসভা সমষ্টিয়ে থাকিব যদিও প্রায়বোৰ সমষ্টিৰ সীমা তথা অঞ্চলৰ পৰিৱর্তন হ’ব৷ সেইদৰে সংৰক্ষিত সমষ্টিও ইফাল–সিফাল হ’ব৷ ইয়াৰ সমান্তৰালভাৱে বিৰোধী ঐক্য গঠনক লৈ কংগ্রেছৰ ভিতৰত আৰম্ভ হোৱা বিদ্রোহৰ উকমুকনি, মিত্রতাক লৈ বিৰোধীৰ মাজত উদ্ভৱ হোৱা বিভাজনে আসন্ন লোকসভা নির্বাচনত বিজেপিক সম্পূর্ণৰূপে কণ্টকমুক্ত কৰাৰ সম্ভাৱনাই প্রকট হৈ পৰিছে৷

You might also like