নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠ্যপুথিৰ পৰা আঁতৰিল মহাত্মাৰ হত্যাকাৰী নাথুৰাম গডছেৰ ‘ব্রাহ্মণ’ পৰিচয়

বিশেষ বাৰ্তা, ২৫ এপ্ৰিলঃ এইবাৰ কেন্দ্রীয় চৰকাৰৰ সংস্থা এনচিইআৰটিৰ ইতিহাসৰ কিতাপৰ পৰা মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেৰ পৰিচয়ৰ সৈতে লাগি থকা ‘পুণেৰ ব্রাহ্মণ’ শব্দ দুটা বাদ দিয়া হ’ল। কেন্দ্রীয় শিক্ষা বোর্ডৰ বাবে পাঠ্যক্ৰম তৈয়াৰ কৰে এনচিইআৰটিয়ে। ১৯৪৮ চনৰ ৩০ জানুৱাৰীত দিল্লীত বিৰলা হাউছত প্রার্থনা কৰি থকাৰ সময়তে গান্ধীক গুলিয়াই হত্যা কৰে গডছেই। দুদিন আগেয়ে চিবিএছইৰ দশম শ্ৰেণীৰ পাঠ্যক্রমৰ পৰা ফৈজ আহমেদ ফৈজ‌ৰ কবিতা বাদ দিয়া হৈছে। বাদ পৰিছে গণতন্ত্র, ধর্মনিৰপেক্ষতা বিষয়ক অংশ। শীতল যুদ্ধাৰ প্ৰসংগও বাদ দিছে। এনচিইআৰটিয়ে কিয় পাঠ্যক্ৰমৰ পৰা গুৰুত্বপূর্ণ বিষয় আঁতৰাইছে? তেওঁলোকে জনাইছে ক’ভিডৰ পৰৱর্তী সময়ত পঢ়ুৱৈৰ ওপৰত পাঠ্যক্ৰমৰ বোজা কমাবলৈ এই উদ্যোগ লৈছে। গডছেৰ ব্রাহ্মণ পৰিচয় মচি দিয়াৰ কাৰণ হিচাবে তেওঁলোকৰ দাবী যে বহু মানুহে জাত পৰিচয়ক লৈ আপত্তি তুলিছে। সেয়ে এই সিদ্ধান্ত। এইখিনিতে উল্লেখনীয় যে যদিও চৰকাৰী- বেচৰকাৰী সকলো ৰচনা কিতাপত মহৎ আৰু অসাধু সকলো ধৰণৰ চৰিত্রৰ ক্ষেত্রতেই জাত উল্লেখ আছে। নিম্ন জাতৰ মানুহ হোৱাৰ কাৰণে অনেক মহৎ ব্যক্তিয়ে জীৱনত প্রতিষ্ঠা পোৱাত বিস্তৰ বাধা-বিপত্তি পাৰ কৰিবলগীয়া হৈছিল।

You might also like