নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন মুখ্যমন্ত্রী আমাৰ প্রত্যাশা

-বিনীতা গগৈ

অৱশেষত সকলো জল্পনা–কল্পনাৰ অন্ত পৰি নতুন মুখ্যমন্ত্রী হিচাপে অসমবাসীয়ে হিমন্ত বিশ্ব শর্মাক ডাঙৰীয়াক লাভ কৰিলে৷ অসমৰ ৰাজনীতিৰ এজন দুৰন্ত, দৃঢ়মনা আৰু কর্মঠ, ৰাজনৈতিকভাৱে বিচক্ষণ ৰাজনৈতিক নেতা৷ ইয়াৰ আগতে তেওঁ শিক্ষামন্ত্রী, স্বাস্থ্যমন্ত্রী হিচাপে নিজৰ পৰিচয় প্রতিগৰাকী অসমীয়াৰ মনত ৰাখি থৈছে৷ বহু ক্ষেত্রত বিতর্কিত হ’লেও কর্মপটুতা আৰু কর্মদক্ষতাৰ বাবে তেখেত জনতাৰ প্রিয় নেতালৈ পর্যবসিত হ’বলৈ সক্ষম হৈছিল৷ তেখেতৰ কর্মদক্ষতা আৰু কর্মস্পৃহাক সাত শতৰুৱেও স্বীকাৰ কৰিবলৈ বাধ্য৷ সেয়ে নতুন মুখ্যমন্ত্রীগৰাকীক লৈ আজি অসমবাসী বহুত আশাবাদী৷ তেখেতৰ নিজৰে সপোন আছিল অসমক শ্রেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত এখন কৰাৰ আৰু আজি সমগ্র অসমবাসীয়ে তেওঁক মুখ্যমন্ত্রী হিচাপে পাই সেই সপোনৰ সাকাৰ ৰূপ দেখিবলৈ উদগ্রীৱ হৈছে৷ অসমৰ ৰূপৰেখা সলনি কৰিব পৰাকৈ তেওঁৰ দূৰদর্শিতা আছে, প্রবল ইচ্ছাশক্তি আছে, কঠোৰ শ্রম কৰিব পৰাকৈ সক্ষমতা আছে আৰু আছে কর্মপটুতা৷ সেয়ে সমগ্র অসমবাসী আজি হিমন্ত বিশ্ব শর্মাক মুখ্যমন্ত্রী হিচাপে পাই যথেষ্ট উৎসাহী হৈ পৰিছে আৰু ইতিবাচক পৰিৱর্তনেৰে সমাজ তথা ৰাজ্য জাকতজিলিকা হৈ পৰিব বুলি সকলো আশাবাদী৷ এতিয়াৰ পৰা সকলোৰে দৃষ্টি নিবদ্ধ থাকিব মুখ্যমন্ত্রী হৈ তেখেতে কি পদক্ষেপ লৈছে বা কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছে অসমক আগুৱাই নিবলৈ৷
এই সময় দুঃসময়৷ ক’ৰোনা অতিমাৰীয়ে সমগ্র পৃথিৱীৰ লগতে অসমকো পিষ্ট কৰি তুলিছে৷ মৃত্যুৰ কিৰীলিয়ে জনগণক ভীতিগ্রস্ত আৰু শংকিত কৰিছে৷ হিমন্ত বিশ্ব শর্মাদেৱক মুখ্যমন্ত্রী হিচাপে পাই ৰাইজে হাততে সৰগ ঢুকি পাইছে৷ কাৰণ ৰাইজে স্বাস্থ্যমন্ত্রী হিচাপে শর্মা ডাঙৰীয়াৰ দক্ষতাক ইতিমধ্যেই চিনি পাইছিল৷ সেয়ে এনেকুৱা এজন ব্যক্তিক এতিয়া ৰাইজে ত্রাণকর্তাৰ ৰূপত আশা কৰাটো মুঠেই ভুল হ’ব নোৱাৰে৷ ক’ৰোনা অতিমাৰীয়ে সমাজ জীৱন, ব্যক্তি জীৱন আৰু অর্থনীতি সকলোতে আক্রমণ কৰিছে৷ ইয়াৰ উপৰি মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, বান–খহনীয়াৰ দৰে এশ এবুৰি জ্বলন্ত সমস্যাত অসমবাসীয়ে ককবকাই হাহাকাৰ কৰিছে৷ এই প্রত্যাহ্বানবোৰ সফলতাৰে আৰু সাহসেৰে মোকাবিলা কৰিব বুলি হিমন্ত বিশ্ব শর্মাৰ দৰে এজন ৰাজনৈতিকভাৱে অতি অভিজ্ঞ, বিচক্ষণ আৰু পৰিপক্ব নেতাক মুখ্যমন্ত্রী হিচাপে পাই আজি ৰাইজে আশা কৰে৷
Morning shows the day বুলি এষাৰ কথা আছে৷ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী হৈ যেনেকৈ সকলোকে লগত লৈ চৰকাৰৰ কাম আৰম্ভ কৰিছে, ই নিঃসন্দেহে এক ভাল লক্ষণ৷ মন্ত্রী বাছনি আৰু দপ্তৰ বিতৰণতে তেখেতৰ দূৰদর্শিতা প্রতিফলন হৈছে৷ বহুতে ভবাৰ দৰে কেৱল দাদা ব্রিগেডৰ মানুহেহে ইয়াত স্থান নাই পোৱা৷ বিমল বৰাৰ দৰে বিধায়কক মন্ত্রীসভাত স্থান দি তেওঁ নিজৰ পৰিপক্বতাক পুনৰ প্রমাণ কৰিছে৷ আনকি নলবাৰীৰ পৰা তেখেতৰ ঘনিষ্ঠ জয়ন্ত মল্ল বৰুৱাৰ পৰিৱর্তে চন্দ্রমোহন পাটোৱাৰীৰ দৰে পুৰণা আৰু জ্যেষ্ঠ নেতাক অন্তর্ভুক্ত কৰি তেওঁ সকলোকে লগত লৈ কাম কৰাৰ মানসিকতাক প্রতিপন্ন কৰিলে৷ দক্ষতাৰ ভিত্তিত অতি চতুৰতাৰে সকলোকে লগত লৈ তেওঁ মন্ত্রীসভাত দপ্তৰ বিতৰণ কৰিছে৷
সাম্প্রতিক সময়ৰ ৰাজনীতিত সংস্কাৰৰ প্রয়োজন, ইয়াক লৈ কাৰো নিশ্চয় দ্বিমত নাই৷ নির্বাচনী বৈতৰণী পাৰ হ’বলৈ আজি অসমৰ ৰাজনীতিত বোকা ছটিওৱাৰ ৰাজনীতি, উগ্র সাম্প্রদায়িক মন্তব্য তেনেই সুলভ৷ নেতাই নিজৰ কর্মৰে ভোট ভিক্ষা নকৰি বিৰোধী প্রার্থীজনক তীব্রভাৱে গালি পাৰিহে নিজক শ্রেষ্ঠ বুলি পতিয়ন নিয়াব চায়৷ লগতে ধর্মীয় মেৰুকৰণ কৰিও এই যুদ্ধত অৱতীর্ণ–উত্তীর্ণ হ’ব বিচাৰে, যি বৈচিত্র্য্যৰ মাজত ঐক্য বিৰাজিত অসমমুলুকত ভাঙোন আনিব পাৰে৷ উঠি অহা নতুন চামৰ বাবে এনে বাতাৱৰণ একেবাৰে অস্বাস্থ্যকৰ আৰু অস্বস্তিকৰ৷ আনকি বহুতো প্রতিভাসম্পন্ন যুৱ সম্পদে এনেকুৱা বিষবাষ্প সেৱন কৰি অতিষ্ঠ হৈ ভৱিষ্যতে বহিঃৰাজ্য গমনৰ চিন্তা নকৰাও নহয়৷ সমাজ কলুষিত কৰা এনেকুৱা কাম বা বচনবোৰে সমাজৰ গুণগত দিশত ব্যাপক ক্ষতি কৰে৷ ক্ষমতাই সর্বস্ব নহয়৷ ৰাজনীতিত সকলো সম্ভৱ বুলি ধৰি লৈ সস্তীয়া পদ্ধতিৰে ৰাজনৈতিক পৰীক্ষাত উত্তীর্ণ হোৱাটো গণতান্ত্রিক সমাজ জীৱনত মুঠেই শুভলক্ষণ নহয়৷ ক্ষমতা প্রতিষ্ঠাৰ বাবে হর্ছ ড্রেডিঙৰ দৰে অশুভ পৰম্পৰাও অসমৰ ৰাজনীতিত সহজ হৈ পৰিল৷ এইবোৰে উঠি অহা যুৱক–যুৱতীক হতাশ কৰে, ৰাজনীতিৰ প্রতি বিৰাগ জন্মায়৷ সেয়ে সাম্প্রতিক সমাজত সুস্থ বাতাৱৰণ প্রতিষ্ঠাৰ বাবে এই অপসংস্কাৰবোৰ দূৰ কৰি ৰাজনীতিৰ সংস্কাৰকৰণ খুবেই জৰুৰী আৰু আমি এইক্ষেত্রত মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়া তৎপৰ হৈ ব্যতিক্রমী ৰূপত জিলিকিব বুলি প্রবল বিশ্বাসী৷ যিহেতু কর্মই ধর্ম৷ যদি প্রতিজন জনপ্রতিনিধিয়ে ৰাইজৰ হৈ কাম কৰে, ৰাইজৰ অভাৱ, অভিযোগ, দাবী, সমস্যাক গুৰুত্ব দি তেওঁলোকৰ মনৰ কথা শুনে, প্রাক্–নির্বাচনী প্রতিশ্রুতিবোৰ সঠিকভাৱে ৰূপায়ণ কৰে, তেন্তে তেওঁ ৰাইজৰ মন জয় কৰিবলৈ এনেয়ো সমর্থ হ’ব৷ ৰাইজেও তেওঁৰ কর্মৰ ওপৰত ভিত্তি কৰি পুনৰ বাছনি কৰি আনিবলৈ বাধ্য হ’ব৷ সেয়ে আনক গালি পাৰি ভোট বিচৰাতকৈ নিজে কি কি কৰিলে বা কিয় কি কৰিব নোৱাৰিলে সুন্দৰভাৱে পর্যালোচনা কৰি ৰাইজৰ আস্থাভাজন হ’ব পৰাটোহে বেছি দৰকাৰী৷ আমিও আশা কৰিম দিল্লীৰ সন্মানীয় মুখ্যমন্ত্রী কেজৰিৱালৰ দৰে কেৱল নিজৰ ৰিপ’ট কার্ড বা কর্মদক্ষতাৰ আধাৰতে ভোটযুদ্ধত জয়ী হওক৷ কেজৰিৱালৰ দৰে কাম নকৰিলে ভোট নালাগে বুলি সততাৰে নির্বাচনী সভাত ক’ব পৰাকৈ প্রতিজন নেতা কর্মঠ হওক৷ আজমলক ফেক্টৰ কৰি ৰাজনৈতিক বৈতৰণী পাৰ হোৱাৰ পৰিৱর্তে সকলোকে একগোট কৰি সকলোকে লগত লৈ বিদ্বেষ ভাব নিবিয়পোৱাকৈ কেৱল কামৰ জৰিয়তে ভোটযুদ্ধত জয়ী হ’ব পৰাকৈ নিজকে প্রতিজন জনপ্রতিনিধিয়ে সক্ষম কৰি তোলক৷ হিমন্ত বিশ্ব শর্মাৰ দৰে এজন সম্ভাৱনাপূর্ণ দক্ষ নেতাৰ বলিষ্ঠ নেতৃত্বত এই সকলো সম্ভৱ বুলি আমি খুবেই আশাবাদী৷ অনাগত দিনত অসমৰ ৰাজনীতিৰ মলিন দিশবোৰ মূল্যবোধৰ আলোকেৰে পোহৰি উঠিব বুলি আমি বিশ্বাসী৷ মুখ্যমন্ত্রী নাম ঘোষিত হোৱাৰ পিছতে তেওঁ নিজেও কথা দিছে মূল্যবোধৰ ৰাজনীতি কৰিম বুলি আৰু হিমন্ত বিশ্ব শর্মা যিহেতু এগৰাকী ব্যতিক্রমী নেতা, সেয়ে আমি তেওঁৰ পৰা সেয়া নিশ্চয়কৈ বিচাৰিম৷
সুশৃংখলিত সমাজব্যৱস্থা প্রতিগৰাকী গণতন্ত্রক বিশ্বাসী লোকৰ কাম্য৷ নতুন মুখ্যমন্ত্রীক লৈ আজি সমগ্র অসমবাসীয়ে সপোন দেখিছে৷ সমাজ সংঘবদ্ধ হ’ব, সকলো স্তৰতে বিকাশ হ’ব, সকলোৱে একতাৰে আগবাঢ়িব৷ দৰিদ্রতা, নিবনুৱা আদিৰ দৰে সমাজ পংগু কৰা সমস্যাবোৰৰ উপশম ঘটাবলৈ হিমন্ত বিশ্ব শর্মাক ঈশ্বৰ প্রেৰিত দূত হিচাপে যেন ৰাইজৰ মাজলৈ পঠিয়াইছে৷ নিজৰ সুনিপুণ পৰিকল্পনা, দূৰদর্শী পদক্ষেপ আৰু ৰাজনৈতিক বিচক্ষণতাৰে অসাধ্যকো সাধন কৰিব পাৰিব বুলি এইজন নেতাৰ পৰা সকলোৱে আশা কৰে৷ ৰাজনৈতিক বিচক্ষণতাৰে কঠিন প্রত্যাহ্বানবোৰ তেখেতে হেলাৰঙে আৰু পর্যায়ক্রমে পাৰ হ’ব বুলিও সকলো বিশ্বাসী৷ ৰাইজৰ বিশ্বাসক তেওঁ নিজৰ কার্যদক্ষতাৰে নিশ্চয়কৈ সঁচা প্রমাণিত কৰিব পাৰিব৷
গণতান্ত্রিক মূল্যবোধ এখন সর্বাংগসুন্দৰ সমাজৰ চালিকাশক্তি৷ আত্মপর্যালোচনা আৰু গঠনমূলক সমালোচনাই গণতান্ত্রিক সমাজক শক্তিশালী কৰে৷ সেয়ে নেতাৰ মাজত এই গুণবোৰ কর্ষণ হোৱাটো প্রয়োজন৷ অৱশ্যে সাম্প্রতিক অসমৰ ৰাজনীতিত এইবোৰ দিশ মহঙা হৈ পৰিছে৷ ভোগসর্বস্ব ৰাজনীতিত গণতান্ত্রিক মূল্যবোধৰ অৱক্ষয় হোৱাটো সাধাৰণ হৈ পৰিছে৷ নেতাৰ আচাৰ–আচৰণ–ব্যক্তি গণতান্ত্রিক মূল্যবোধৰ প্রতিফলন হোৱাটো খুবেই দৰকাৰী৷ বাক্পটুতাৰ লগতে বাক্সংযমতাৰো গণতান্ত্রিক দেশৰ নাগৰিকৰ প্রয়োজন৷ নতুন মুখ্যমন্ত্রীক এজন গণতান্ত্রিক চিন্তাধাৰাৰে পৰিচালিত নেতা হিচাপে ৰাইজে বিচাৰে৷ গণতান্ত্রিক ৰক্ষাকৱচ বাক্স্বাধীনতা সুৰক্ষিত হৈ থাকিব পাৰিব বুলি এইজন প্রচুৰ সম্ভাৱনাপূর্ণ দক্ষ বিচক্ষণ নেতাৰ পৰা ৰাইজে আশা কৰে৷ ৰাইজৰ কণ্ঠত সমাজৰ প্রতিচ্ছবি নির্ণিত হ’ব বুলি হিমন্ত বিশ্ব শর্মাৰ পৰা আশা কৰোঁ৷ মুঠতে মূল্যবোধৰ ৰাজনীতিৰে অসমৰ সমাজ জীৱনলৈ ইতিবাচক আৰু শুভ বার্তা বিয়পোৱাত এইজন নতুন মুখ্যমন্ত্রীয়ে সবল আৰু বিশেষ পাৰদর্শিতা দেখুৱাব বুলি আজি অসমৰ জনতা সজাগ আৰু সচেতন৷ পৰিশেষত ৰাইজে বিচাৰিছে হিমন্ত বিশ্ব শর্মাৰ বলিষ্ঠ নেতৃত্বত অসমৰ চুকে–কোণে ইতিবাচক পৰিৱর্তন আহক, বিকাশক মূলমন্ত্র হিচাপে লৈ উন্নয়নৰ সবল ভেটি গঢ় লৈ উঠক, অসম আকৌ উন্নতিৰ পথত আগুৱাই যাওক আৰু গণতন্ত্রৰ জয়ধবনিৰে অসমৰ আকাশ–বতাহ মুখৰ হওক৷
শিৱসাগৰ, ফোন ঃ ৬০০২২–৩৯৭১০

You might also like