নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাট–ডিফুত দাহ বৃহৎ পৰিমাণৰ ড্রাগছ

নিয়মীয়া বাৰ্তা, ১৮ জুলাই: যুৱপ্রজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া বৰবিহ ড্রাগ্ছ শনিবাৰে ৰাজহুৱাভাৱে দাহন হ’ল৷ ৰাজ্যত প্রথমবাৰৰ বাবে ৰাজহুৱাকৈ এই বৰবিহক নিজহাতে দাহ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ড্রাগ্ছৰ বিৰুদ্ধে বিগত দুমাহে চলাই অহা কঠোৰ অভিযানত জব্দকৃত প্রায় ১৭০ কোটি টকাৰ হেৰ’ইন, গাঞ্জা, মৰফিন, অ’পিয়াম, নিচাযুক্ত টেবলেটকে ধৰি এক বৃহৎ পৰিমাণৰ ড্রাগ্ছ শনিবাৰে গোলাঘাট আৰু ডিফুত দাহ কৰি মুখ্যমন্ত্রীৰ স্পষ্ট মন্তব্য– ‘শূন্য সহনশীল নীতিৰে ড্রাগ্ছৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব৷ ড্রাগ্ছ পেডলাৰৰ বাবে এতিয়া সুৰক্ষিত নহয় অসম৷’

উল্লেখ্য যে বিগত সময়ছোৱাত অসম আৰক্ষীয়ে ৰাজ্যৰ চৌদিশে ড্রাগ্ছৰ বিৰুদ্ধে তীব্র অভিযান চলাই বৃহৎ পৰিমাণৰ ড্রাগ্ছ জব্দ কৰিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ স্পষ্ট নির্দেশত চলা এই অভিযানে লাভ কৰা কিছু সাফল্যৰ পাছতে জব্দকৃত ড্রাগ্ছসমূহ ৰাজহুৱাভাৱে জ্বলাই দিয়াৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্রীগৰাকীয়ে৷

সেই ঘোষণা অনুসৰিয়ে কালি গোলাঘাট আৰু ডিফুত দাহ কৰা হ’ল প্রায় ১৭০ কোটি টকাৰ ড্রাগ্ছ৷ প্রথমে শনিবাৰে গোলাঘাটৰ আৰক্ষী ছাউনীৰ বগৰিজেংস্থিত খেলপথাৰত আয়োজিত ড্রাগ্ছ দাহ কার্যসূচীত অংশ লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নিজহাতে দাহ কৰে ৮০২ গ্রাম হেৰ’ইন, ১,২০৫ কেজি গাঞ্জা–কেনাবিছ, ৩ কেজি অ’পিয়াম আৰু ১,০৬,১৭৭ আৰু ৮৪.৩৭৫ কেজি টেবলেট৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রীৰ ঘোষণা– ‘কোনো কাৰণতে ড্রাগ্ছ সৰবৰাহকাৰীক ৰেহাই দিয়া নহয়৷ আৰক্ষীক আইনৰ ভিতৰত থাকি ড্রাগ্ছৰ বিৰুদ্ধে কঠোৰ হ’বলৈ পূর্ণ স্বাধীনতা দিয়া হৈছে৷’

মুখ্যমন্ত্রী ড০ শর্মাই পুনৰ কয়– ‘পাকিস্তানৰ পৰা সৰবৰাহ হোৱা মাৰাত্মক ড্রাগ্ছে যেনেকৈ এদিন পঞ্জাবক ছানি ধৰিছিল, তেনেদৰে ট্রেনজিট ৰুট হিচাপে ব্যৱহূত অসমতো আজি ড্রাগ্ছৰ কৰাল গ্রাসে ছানি ধৰিছে৷ এসময়ত বিভিন্ন ৰাজ্যৰ পৰা দেশৰ ভিন্ন প্রান্তলৈ অসমৰ মাজেৰে ড্রাগ্ছৰ সৰবৰাহ হৈছিল৷ ৰাজ্যখনক সৰবৰাহকাৰীসকলে ট্রেনজিট ৰুট হিচাপে ব্যৱহাৰ কৰাৰ ফলত লাহে লাহে অসম ড্রাগ্ছৰ এক বৃহৎ বজাৰ ৰূপে পৰিগণিত হ’বলৈ লৈছে৷ ইয়াৰ পৰিণতিতে আমাৰ নৱপ্রজন্মক ড্রাগ্ছৰ দৰে সর্বনাশী ব্যাধিয়ে গ্রাস কৰিছে৷ অসমত আজি অতি কমেও বছৰি ২–৩ হাজাৰ কোটি টকাৰ ড্রাগ্ছৰ বৃহৎ বজাৰ গঢ়ি উঠিছে৷ অসম আৰক্ষীয়ে বিগত দুটা মাহত প্রায় ১৭০ কোটি টকাৰ ড্রাগ্ছ জব্দ কৰিছে৷ কিন্তু অসম আৰক্ষীয়ে জব্দ কৰা এই ড্রাগ্ছ ২০ শতাংশহে অর্থাৎ এতিয়াও ৮০ শতাংশ ড্রাগ্ছ ৰাজ্যত ঘূৰি আছে৷ অসম চৰকাৰে দায়িত্ব গ্রহণৰ পাছতেই এই ব্যাধিক সমুলঞ্চে নাশ কৰিবলৈ প্রচেষ্টা লৈছে৷’

মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণৰ পাছতে ড০ শর্মাই এখন ড্রাগ্ছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে অভিযান চলাবলৈ অসম আৰক্ষীক নির্দেশ দিছিল৷ ড্রাগ্ছমুক্ত অসম গঢ়াৰ বাবে অসম আৰক্ষীয়ে চলাই থকা অভিযানে ইতিবাচক ফল দেখুৱাবলৈ সক্ষম হৈছে৷ যাৰ ফলত বর্তমানলৈকে আৰক্ষীয়ে ১৬৮.৩৮ কোটি টকা মূল্যৰ ড্রাগ্ছ জব্দ কৰাৰ উপৰি ড্রাগ্ছ সৰবৰাহ আৰু ব্যৱসায়ৰ সৈতে জড়িত ১,৪৯৩জন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷

আনহাতে, ড্রাগ্ছ সৰবৰাহকাৰীক আটক কৰাৰ সময়ত বহু ঠাইত এই চোৰাং ব্যৱসায়ীৰ সৈতে আৰক্ষীৰ সংঘর্ষৰ সূত্রপাত হৈছে আৰু প্রয়োজনত কোনোজন আহত বা নিহতও হ’ব লগা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কালি কয়– ‘অসম আৰক্ষীক মুখ্যমন্ত্রী হিচাপে সম্পূর্ণ স্বাধীনতা দিছোঁ৷ আইনৰ গণ্ডীত থাকি ড্রাগ্ছৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লওক৷ বিধানসভাৰ মজিয়াত দুই–এজন বিধায়কে ড্রাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানক লৈ প্রশ্ণৰ অৱতাৰণা কৰিছে৷ তেওঁলোকক মই স্পষ্ট কৰি দিওঁ যে আইনৰ অধীনত আৰক্ষীয়ে অস্ত্র ব্যৱহাৰৰ অনুমতি পাইছে, তাত মুখ্যমন্ত্রী হিচাপে আমি বাধা দিয়াৰ অধিকাৰ নাই৷’

কালি ড্রাগ্ছ দাহৰ বিস্তৃত বিৱৰণী দাঙি ধৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– আগতে আৰক্ষীয়ে জব্দ কৰা ড্রাগ্ছসমূহ নষ্ট কৰা সন্দর্ভত সাধাৰণ ৰাইজ অৱগত নাছিল৷ আৰক্ষীয়ে ড্রাগ্ছবিৰোধী আইনৰ ভিত্তিত আদালতৰ নির্দেশ লৈ ড্রাগ্ছসমূহ ধ্বংস কৰিছিল৷ কিন্তু ড্রাগ্ছ আইন অনুসৰি গোচৰ নিষ্পত্তি হোৱাৰ পূর্বেও নিচাযুক্ত সামগ্রীসমূহ নীতি–নিয়মৰ মাজেৰে ধ্বংস কৰাৰ বাবে আইনে আৰক্ষীক অনুমতি দিছে৷ সেই অনুসৰিয়েই শনিবাৰে ড্রাগ্ছ দাহৰ এই কার্যসূচী লোৱা হৈছে৷ কালিৰ এই কার্যসূচীত বিত্তমন্ত্রী অজন্তা নেওগ, কৃষিমন্ত্রী অতুল বৰা, স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, জলসিঞ্চন মন্ত্রী অশোক সিংঘল, ৰাজহ আৰু দুর্যোগ প্রশমন বিভাগৰ মন্ত্রী যোগেন মহন, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, বিধায়ক প্রশান্ত ফুকন, ভৱেন ভৰালী, বিশ্বজিৎ ফুকন, স্বাস্থ্য বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেলকে ধৰি কেইবাজনো জ্যেষ্ঠ প্রশাসনিক বিষয়া উপস্থিত থাকে৷

You might also like