নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনকাউণ্টাৰঃ অসমত আইনৰ শাসন চলিবই

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ আৰক্ষীৰ এনকাউণ্টাৰক লৈ বিৰোধীয়ে কৰা মন্তব্যৰ লগতে অপৰাধীৰ প্রতি মানৱ অধিকাৰৰ দোহাই দি দেখুওৱা দৰদৰ তীব্র সমালোচনা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বৃহস্পতিবাৰে বিধানসভাত মুখ্যমন্ত্রী ড০ শর্মাই বিৰোধীৰ তেনে স্থিতিৰ কঠোৰ সমালোচনা কৰি কয় যে অসমত আইনৰ শাসন চলিছে আৰু চলিব৷ আইনে পুলিচক যি ক্ষমতা দিছে, সেয়া ব্যৱহাৰ কৰিব দিব লাগিব৷ আৰক্ষীয়ে কৰায়ত্ত কৰা সকলো অপৰাধীকে গুলীওৱা নাই৷ যোৱা দুটা মাহত গৰু সৰবৰাহৰ ব্যৱসায়ত জড়িত ৫০৪জন অপৰাধীক গ্রেপ্তাৰ কৰিছে৷ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰা চাৰিজনকহে গুলীওৱা হৈছে৷ সেইদৰে ড্রাগ্ছ সৰবৰাহৰ অপৰাধৰ সৈতে জড়িত ১,৮০০ লোকক গ্রেপ্তাৰ কৰা হৈছে৷ এই ১,৮০০ লোককো আৰক্ষীয়ে গুলীওৱা নাই৷ যোৱা দুটা মাহত মুঠ ২৩জন লোক গুলীবিদ্ধ হৈছে আৰু ১৫জনৰ মৃত্যু হৈছে৷ সেইসকলৰ ভিতৰত ইউনাইটেড পিপল্ছ ৰিভিউলেচনেৰী ফ্রণ্ট (ইউ পি আৰ এফ) উগ্রপন্থীও আছে৷

উল্লেখ্য যে বৃহস্পতিবাৰে সদনৰ শূন্যকালত বিৰোধী দলপতি দেৱব্রত শইকীয়াই কয় যে যোৱা দুটা মাহত আৰক্ষীৰ জিম্মাত ১২জন লোকৰ মৃত্যু হৈছে৷ ৩০টা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে৷ এই ঘটনাসমূহ চৰকাৰে দণ্ডাধীশৰ জৰিয়তে তদন্ত কৰিব লাগে৷ আইনৰ ক’ৰবাত সুৰুঙা থাকিলে আইনৰ সংশোধন কৰক৷ কিন্তু তদন্ত ব্যৱস্থাও শক্তিশালী হ’ব লাগিব৷ সদনত বিৰোধী দলপতি শইকীয়াই মুখ্যমন্ত্রীয়ে আৰক্ষী সন্মিলনত এফ আই আৰ নালাগে বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰি কয় যে তেনে মন্তব্য সংবিধানবিৰোধী৷ এফ আই আৰ লাগিবই বুলি উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নির্দেশনা আছে৷ তেওঁ চৰকাৰক মানৱ অধিকাৰ ৰক্ষা কৰাৰ বাবেও দাবী জনায়৷

ইয়াৰ উত্তৰত বিৰোধীক তুলাধুনা দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অপৰাধীৰ বিৰুদ্ধে চৰকাৰ শূন্য সহনশীল৷ অসমৰ মুখ্যমন্ত্রী হিচাপে তেওঁ সম্পূর্ণ দায়বদ্ধতাৰে গৰু সৰবৰাহকাৰী, ড্রাগ্ছ সৰবৰাহকাৰী, মানৱ সৰবৰাহকাৰী, মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত হোৱা সকলো অপৰাধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব৷ অসমত কোনো ব্যক্তিয়ে যদি যি জাতি–ধর্মৰেই নহওক কিয়, নাৰী–শিশুৰ ওপৰত অত্যাচাৰ কৰে, ৰাজ্যৰ বাহিৰলৈ নি নাৰী বিক্রী কৰিব খোজে, অসমত গৰুৰ ব্যৱসায় কৰিব বিচাৰে, ড্রাগ্ছৰ সৰবৰাহ কৰিব বিচাৰে, তেতিয়াহ’লে সেইসকল অপৰাধীয়ে বুজি পাব লাগিব অসমত এখন চৰকাৰ আছে, যাৰ বিশ্বাস আছে, সিদ্ধান্ত আছে আৰু মনৰ দৃঢ়তা আছে৷ চৰকাৰে আইন মানিব লাগিব আৰু আইনৰ শাসন চলিব লাগিব৷ এনকাউণ্টাৰ শব্দটো সাধাৰণ অর্থত যিধৰণে ব্যৱহাৰ কৰা হয় বা অসমত এসময়ত এনকাউণ্টাৰ দেখা গৈছিল, ইয়াৰ লগত আজিৰ এনকাউণ্টাৰৰ মিল নাই৷

সদনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যেতিয়া ডিমা হাছাও বা কার্বি আংলঙত ডিমাচা উগ্রপন্থী সংগঠনৰ লগত এনকাউণ্টাৰ হৈছিল, কুকি উগ্রপন্থী সংগঠন এটাৰ লগত এনকাউণ্টাৰ হৈছিল, তাত ৯–১০টা এ কে–৪৭ ৰাইফলকে ধৰি বৃহৎ অস্ত্র উদ্ধাৰ হৈছিল৷ সেই মুহূর্তত আৰক্ষীয়ে নিজক সুৰক্ষিত কৰিব লাগিব৷ অপৰাধীক গ্রেপ্তাৰ কৰিব যাওঁতে অপৰাধীয়ে যদি গুলীচালনা কৰে, আইনত আৰক্ষীৰ অধিকাৰ আছে গুলীচালনা কৰাৰ৷ ২০০১ চনৰ পৰা ২০১৪ চনলৈ বহুবাৰ তেনে ঘটনা সংঘটিত হৈছে৷ অসম তথা ভাৰতত তেনে ঘটনা নতুন নহয়৷ আৰক্ষীৰ ওপৰত যদি কোনোবাই আক্রমণ কৰে, তাৰ উত্তৰ দিব লাগিব৷ আৰ পি এফৰ এজন পৰিদর্শক ঘটনাক্রমত পৰি ড্রাগ্ছ সৰবৰাহত জড়িত হৈ পৰে৷ যেতিয়া ডিমাপুৰৰ পৰা তেওঁক ধৰি আনি খটখটিত সশস্ত্র আৰক্ষীক চমজাই দিয়ে, তেতিয়া তেওঁ আৰক্ষীৰ হাতৰ পৰা ৰিভলভাৰ কাঢ়ি ল’লে৷ পুলিচে সেই মুহূর্তত তেওঁক গুলীচালনা নকৰিলে সকলো পুলিচ মৰি থাকিলহেঁতেন৷ দুই কিলোগ্রাম হেৰ’ইনসহ এজন লোক গ্রেপ্তাৰ হ’লে তেওঁ জানে হয় তেওঁৰ ফাঁচি হ’ব, নহয় জে’ল হ’ব৷ সেই মুহূর্তত অপৰাধীজনে কেনেধৰণৰ আচৰণ কৰিব পাৰে, কোনেও ধাৰণা কৰিব নোৱাৰে৷ অপৰাধীজনে পলাব চেষ্টা কৰিলে বা আক্রমণৰ বাবে উদ্যত হ’লে চি আৰ পি চিৰ ৪৬নং দফা অনুসৰি আৰক্ষীয়ে অপৰাধীজনক দুর্বল কৰাৰ বাবে গুলীয়াব পাৰে৷

আৰক্ষীয়ে কাকো গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চি আৰ পি চিয়ে আৰক্ষীক যিমান অধিকাৰ দিছে, সেই অনুসৰি কাম কৰাৰ চেষ্টা কৰিছে৷ চি আৰ পি চিৰ ৪৬নং দফা অনুসৰি পলাবলৈ চেষ্টা কৰা বা আৰক্ষীৰ অস্ত্র কাঢ়িবলৈ চেষ্টা কৰা অপৰাধীক ভৰিতহে গুলীয়াই কৰায়ত্ত কৰে৷ তাৰ পাছত সেই আৰক্ষীয়েই তেনে অপৰাধীক উপযুক্ত চিকিৎসাৰ বাবে হাস্পতাললৈ নিয়ে, যাতে আদালতত হাজিৰ কৰাব পাৰে৷ গৰুৰ সৰবৰাহৰ সৈতে জড়িত মুঠ ৫০৪জন ব্যক্তিক যোৱা দুটা মাহত গ্রেপ্তাৰ কৰা হৈছে৷ আৰক্ষীয়ে সেইসকল অপৰাধীৰ আটাইকে গুলীওৱা নাই৷ আৰক্ষীৰ জিম্মাৰ পৰা পলোৱাৰ চেষ্টা কৰাত মোজাম্মিল হক, আখতাৰ ৰাজা খান ওৰফে টিকলু খান, চাহ জালাল এছ কে আৰু চৌৰাংগী সিনহা নামৰ চাৰিজন অপৰাধীকহে ভৰিত গুলীওৱা হয়৷ পাছত তেওঁলোকক চিকিৎসাও কৰা হয়৷ সেইখিনি কাম নকৰিলে মানুহক চৰকাৰে কি উত্তৰ দিব? কোটি কোটি টকা খৰচ কৰি আৰক্ষীক বন্দুক–পিষ্টল দিয়াৰ পাছতো আৰক্ষীৰ জিম্মাৰ পৰা অপৰাধী পলালে সদনত চৰকাৰকে সেই প্রশ্ণ কৰিব৷ যেতিয়া আৰক্ষীয়ে আইন উলংঘা কৰিব, চৰকাৰে নিশ্চিতভাৱে আৰক্ষীক প্রশ্ন কৰিব৷ এই সম্পর্কত মুখ্যমন্ত্রীয়ে বিৰোধী দলপতিক আৰক্ষীৰ হাতত কোনো নিৰপৰাধী লোক আক্রান্ত হোৱাৰ বিষয়ে জনাবলৈ আহ্বান জনাই কয় যে তেনে সুনির্দিষ্ট অভিযোগ দিলে চৰকাৰে নিশ্চিতভাৱে দণ্ডাধীশ পর্যায়ৰ তদন্ত ঘোষণা কৰিব৷

ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগে এনে কোনো নির্দেশ দিয়া নাই যে আৰক্ষীক গুলীয়াব বিচাৰিলে অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে গুলীচালনা নকৰিব৷ মৰিগাঁৱত ৯ বছৰীয়া ছোৱালী এজনীক হত্যা কৰি ধর্ষণ কৰা জঘন্য অপৰাধী পাঠাৰ প্রসংগ উত্থাপন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ঘটনাৰ দুদিন আগত ছোৱালীজনীয়ে এজনী চৰাই পুহিছিল৷ চৰাইজনীক খুৱাবৰ বাবে ছোৱালীজনীয়ে জামুক আনিব যোৱাৰ সময়ত পাঠাই প্রথমতে ছোৱালীজনীক হত্যা কৰি পাছত ধর্ষণ কৰে৷ সেইজন উন্মাদ পাঠাক লৈ আৰক্ষীয়ে ঘটনাস্থলীত তদন্ত কৰি থকা সময়ত অপৰাধীজন পলোৱাৰ চেষ্টা কৰাত ভৰিত গুলীয়াবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷ সেই মুহূর্তত আৰক্ষীয়ে একো নকৰিলে অপৰাধী পলাই গ’লহেঁতেন৷ তেতিয়া আমি ক’তো মুখ উলিয়াব নোৱাৰিলোঁহেঁতেন৷ বৰং আৰক্ষীয়ে টকা খাই পলাবলৈ দিছে বুলি ওলোটাই প্রশ্ণ উত্থাপন হ’লহেঁতেন৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সদনৰ পৰা আৰক্ষীক স্পষ্ট বার্তা এটা দিব লাগিব– অসমত ধর্ষণ বন্ধ কৰক, শিশুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, গৰুৰ বেহা, ড্রাগ্ছৰ বেহা, মানৱ সৰবৰাহ বন্ধ কৰক৷ এইটো কৰিব যাওঁতে আৰক্ষীক চি আৰ পি চিৰ ৪৬ দফাৰ লগতে আইনে যিমান অধিকাৰ দিছে সকলো ব্যৱহাৰ কৰক৷ অসমত আইনৰ শাসন চলিছে, আইনৰ শাসন চলিব৷ আইনৰ ভিতৰত আৰক্ষীৰ যি অধিকাৰ আছে, সেয়া ব্যৱহাৰ কৰিব দিব লাগিব৷

সদনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পাঠাই হত্যা কৰি ধর্ষণ কৰা মৰিগাঁৱৰ ৯ বছৰীয়া ছোৱালীজনীৰ বাবে কান্দিব নে পাঠাৰ বাবে কান্দিব? ড্রাগ্ছৰ বাবে এটা এটাকৈ ঘৰ ধ্বংস হোৱাসকলৰ বাবে কান্দিব নে ড্রাগ্ছ ব্যৱসায়ীৰ বাবে কান্দিব, সেই বিষয়ে সিদ্ধান্ত লওক৷ অসম আৰক্ষীৰ বর্তমানৰ ভূমিকাক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্রী ড০ শর্মাই একে সময়তে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান, বিশেষ আৰক্ষী সঞ্চালকপ্রধানক সকীয়নি দি কয় যে কোনো নিৰপৰাধী ব্যক্তিক আৰক্ষীয়ে কেতিয়াও আইনৰ বিৰুদ্ধে গৈ, আইনৰ মাজত থাকি দুয়োটা অৱস্থাতে অত্যাচাৰ কৰিব নোৱাৰিব৷

আৰক্ষীৰ সন্মিলনত দিয়া ভাষণৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গৰু সৰবৰাহৰ বেহা বীৰভূমৰ চুক বজাৰৰ পৰা চলে৷ সেই বৈঠকত তেওঁ তাৰ পৰা গৰু অসমলৈ অহাটো বন্ধ কৰি দিয়াৰ কথা কৈছে৷ বন্ধ কৰি দিলে এফ আই আৰ দিয়াৰ প্রশ্ণই নাহে৷ ইতিমধ্যে ৯০ শতাংশ গৰু অহা বন্ধ হৈছে৷ অহা বছৰ এই সংক্রান্তত কোনো এফ আই আৰ নাথাকিব বুলি আশা কৰা হৈছে৷ অনুৰূপ ধৰণে অৰুণাচলৰ পৰা অসম, নাগালেণ্ডলৈ অৰুণাচলী সুৰাৰ চোৰাং বেহা বন্ধৰ প্রসংগতো পৰহিলৈ বৈঠক এখন আয়োজন কৰাৰ বিষয়ে সদনক অৱগত কৰি তেওঁ কয় যে সেই অবৈধ বেহাৰ সৈতে জড়িত ব্যৱসায়ীসকলৰ লগতে আবকাৰী মন্ত্রী, বিষয়াসকল উপস্থিত থাকি তেওঁলোকক সেই ব্যৱসায়ৰ পৰা আঁতৰি অহাৰ নির্দেশ দিব৷

You might also like