নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমন্বয় আৰু সংস্কৃতিৰ ছন্দোময় যাত্রাঃ এখন চোতাল, এটা মন্দিৰ আৰু এটা পুথিভঁৰাল

ড০ অখিল ৰঞ্জন দত্ত

ক্ষমতা দখলৰ ৰাগিত চলি থকা ৰাজনৈতিক পাশা খেলৰ ঊর্ধ্বতো যে এখন উদাৰ আৰু চিন্তাশীল সমাজ আছে আৰু তেনে সমাজত জীৱনৰ অভিনৱ ছন্দ এতিয়াও অব্যাহত আছে, সেই কথা আমি বহু সময়ত পাহৰি যাওঁ৷ ৰাজনৈতিক নেতাই সিৰ ফুলাই দিয়া ভাষণ, যি ভাষণে ঘৃণাৰ অশুভ বৃষ্টি নমাই আনে, তেনে অশুভতাক ভেটিবলৈকো এই সমাজত নিৰন্তৰ প্রচেষ্টা চলি আছে৷ আৰু তেনে প্রচেষ্টাৰেই এক সুন্দৰ নিদর্শন এখন চোতাল– নলবাৰী জিলাৰ চামতা অঞ্চলৰ বিহামপুৰৰ দ্বিজেন্দ্র নাৰায়ণ শর্মাৰ পৰিয়ালৰ চোতাল৷

এটা পৰিয়ালৰ এখন ঘৰুৱা চোতাল যে ধর্ম–সমাজ–সংস্কৃত্ আৰু বৌদ্ধিক চিন্তাৰ কমাৰশাল হ’ব পাৰে, সেইটো নিজে নেদেখিলে–নুশুনিলে বিশ্বাসেই কৰিব নোৱাৰি৷ আটাইতকৈ লক্ষণীয় কথাটো হ’ল– একেখন চোতালতে পিতৃয়ে গাঁঠিৰ ধন ভাঙি বনোৱা মন্দিৰ আৰু পুত্রৰ উদ্যোগত স্ব–উপার্জিত ধনেৰে নির্মিত এটা পুথিভঁৰাল অভিনৱ ছন্দেৰে চলি আছে৷ মন্দিৰত শলিতা জ্বলোৱাজন যেনেকৈ পুথিভঁৰাললৈ আহিছে, ঠিক সেইদৰে পুথিভঁৰালত পঢ়িবলৈ অহাজনেও মন্দিৰৰ চোতাল সাৰি থৈ গৈছে৷

অসমৰ ৰাজনীতিকসকললৈ মোৰ আহ্বান, বিশেষকৈ ধর্মনিষ্ঠ মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীলৈ আহ্বান যে ধর্মান্ধ নোহোৱাকৈও যে ধর্মনিষ্ঠ হ’ব পাৰি আৰু ধর্মনিষ্ঠ হৈও যে উদাৰ চিন্তাৰে জ্ঞান অন্বেষণৰ মুক্ত বাতাৱৰণ নির্মাণ কৰিব পাৰি, সেই কথা এই বিশেষ চোতালখনৰ পৰা শিকাৰ হকে নৱপ্রজন্মক উৎসাহিত কৰক৷

দ্বিজেন্দ্র নাৰায়ণ শর্মাৰ পিতৃৰ নাম সুৰেন্দ্র নাৰায়ণ শর্মা আৰু মাতৃৰ নাম গিৰিবালা দেৱী৷ তিনি পুত্র আৰু দুই কন্যাৰ পিতৃ সুৰেন্দ্র নাৰায়ণে ৰে’লৱে বিভাগত কেৰাণীৰ চাকৰি কৰিছিল৷ তেওঁ এগৰাকী অতি ধর্মনিষ্ঠ ব্যক্তি আছিল আৰু চাকৰি কালত ভাৰতবর্ষৰ বহু মন্দিৰ ভ্রমণ কৰিছিল৷ দক্ষিণ ভাৰতীয় মন্দিৰৰ স্থাপত্যই তেওঁক আকর্ষিত কৰিছিল৷ ১৯৯৫ চনত চাকৰিৰ পৰা অৱসৰ লোৱা সুৰেন্দ্র নাৰায়ণে নিজৰ সমস্ত অৱসৰকালীন ধন খৰচ কৰি নিজৰ চোতালত কালভৈৰৱী লিংগৰাজ মন্দিৰ নির্মাণ কৰে৷

২০০০ চনৰ ফেব্রুৱাৰী মাহত উদ্বোধন কৰা এই মন্দিৰ নির্মাণত প্রায় ১২–১৩ লাখ টকা খৰচ হয়৷ মন্দিৰৰ আর্হিত দক্ষিণ ভাৰতীয় স্থাপত্য বিদ্যমান৷ এই মন্দিৰত দেৱালীৰ কালীপূজা, নাগ পঞ্চমী পূজা আৰু নিতৌ শালগ্রাম গোসাঁইৰ পূজা অনুষ্ঠিত হয়৷ সুৰেন্দ্র নাৰায়ণ জীয়াই থকালৈকে তেৱেঁই আছিল মন্দিৰৰ পূজাৰী৷ ২০১৩ চনত এইগৰাকী ধর্মপ্রাণ ব্যক্তিৰ মৃত্যু হয়৷

২০০০ চনৰ ফেব্রুৱাৰী মাহত মন্দিৰ উদ্বোধন হোৱাৰ সমান্তৰালকৈ একেখন চোতালতে পুত্র দ্বিজেন্দ্র নাৰায়ণে আৰম্ভ কৰে এটা পুথিভঁৰাল৷ প্রায় দুটা দশক ধৰি নিজৰ আর্জিত ধনেৰে নির্মাণ কৰি উলিওৱা তিনি মহলীয়া এই পুথিভঁৰালৰ বাবে দ্বিজেন্দ্র নাৰায়ণে এতিয়ালৈকে প্রায় ৩৫ লাখ টকা খৰচ কৰিছে৷ পুথিভঁৰালটো চলাবৰ বাবে প্রয়োজনীয় খৰচ মাহে প্রায় পাঁচ হাজাৰ টকা তেৱেঁই বহন কৰে৷ কিন্তু পুথিভঁৰালটো দ্বিজেন্দ্র নাৰায়ণৰ পৰিয়ালৰ ব্যক্তিগত সম্পত্তি হৈ ৰোৱা নাই৷ ই এক সমূহীয়া সম্পদৰ মর্যাদা লাভ কৰিছে৷

এই পুথিভঁৰাল এতিয়া নলবাৰীৰ চামতা অঞ্চলৰ এক লক্ষ্যস্থল হৈ উঠিছে৷ এই পুথিভঁৰালক কেন্দ্র কৰি গঢ়ি উঠিছে এক বিদ্যায়তনিক–শৈল্পিক আৰু সাংস্কৃতিক পৰিমণ্ডল৷ ২০২০ বর্ষৰ ১৫ নৱেম্বৰত এই পুথিভঁৰালত সংযোজন হৈছে অসমৰ সমাজ জীৱনৰ বিবেক স্বৰূপ প্রসিদ্ধ চিন্তাবিদ ড০ হীৰেন গোহাই অধ্যয়ন কক্ষ৷ কৈ থোৱা ভাল হ’ব যে সুৰেন্দ্র নাৰায়ণ এগৰকী অত্যন্ত বিদ্যানুৰাগী আৰু নাট্যৰসিক ব্যক্তিও আছিল৷ সেয়েহে নিজে মন্দিৰ নির্মাণেৰে মুক্তিৰ পথ ৰচিব খোজা পিতৃয়ে পুত্রই সমাজত পোহৰ বিলাবৰ বাবে নিজৰ চোতালত পুথিভঁৰাল নির্মাণৰ বাবে লোৱা উদ্যোগত আন্তৰিকতাৰে সহযোগ কৰিলে৷

২০১৩ চনত সুৰেন্দ্র নাৰায়ণৰ মৃত্যুৰ পিছত মন্দিৰ চোৱাচিতাৰ দায়িত্ব পুথিভঁৰালৰ দায়িত্বত থকাসকলেই কান্ধ পাতি লৈছে আৰু হিন্দু–মুছলমান সকলোৰে বাবে যাতে মন্দিৰৰ দুৱাৰ খোলা থাকে, সুৰেন্দ্র নাৰায়ণৰ সেই প্রজ্ঞা উত্তৰ পুৰুষেও বর্তাই ৰাখিছে৷  ‘প্রেৰণা’ পুথিভঁৰালৰ ইতিহাস দীঘলীয়া আৰু এক অর্থত দ্বিজেন্দ্র নাৰায়ণৰ দীঘলীয়া সংগ্রাম আৰু সংঘাতৰ ফলশ্রুতি৷ বর্তমান দক্ষিণ নলবাৰী জুনিয়ৰ কলেজৰ গণিতৰ প্রবক্তা দ্বিজেন্দ্র নাৰায়ণে নৱম শ্রেণীত পঢ়ি থাকোঁতেই সমনীয়াৰ স’তে লগ লাগি খাৰশিঠা উন্নয়ন সমিতি গঠন কৰিছিল৷ সভাপতিৰ দায়িত্ব তেওঁৰ কান্ধতেই পৰিছিল৷ সেই সময়ত গাঁও সভাৰ সভাপতি আছিল দেউতাক সুৰেন্দ্র নাৰায়ণ৷

এই উন্নয়ন সমিতিয়ে সংকীর্তন দল খোলাৰ উপৰি খোল বজোৱা, নাম দিয়া আদি অনুষ্ঠানো কৰিছিল৷ কিন্তু ভিন্ন উপলক্ষত বৰঙণি সংগ্রহক কেন্দ্র কৰি গাঁও সভাৰ লগত এই উন্নয়ন সমিতিৰ সংঘাত হয়৷ এই সংঘাতৰ পৰিণতিত গাঁও সভাই এই সমিতি ভংগ কৰি দিয়ে আৰু সমিতিৰ সংগৃহীত ধন বাজেয়াপ্ত কৰে৷ অর্থাত গাঁও সভাৰ সভাপতি পিতৃয়ে উন্নয়ন সমিতিৰ সভাপতি পুত্রৰ অনুষ্ঠানটো ভংগ কৰি দিয়ে৷ কিন্তু সেই দিনটোত দেউতাকে পুতেকক এটা সাধুৰ জৰিয়তে এক গুৰুত্বপূর্ণ বার্তাও শুনালে৷ দেউতাকে কোৱা সাধুটো আছিল এনেকুৱা– এদিন এজন দৰিদ্র ব্রাহ্মণ গংগা নদীৰ পাৰেদি খোজ কাঢ়ি গৈ থাকোঁতে দেখিলে যে এদল মানুহে নদীত মাছ ধৰি আছে৷ মানুহৰ ধৰণ–কৰণ দেখি তেওঁৰ সন্দেহ হ’ল৷

কিন্তু তাৰ কোনো উৱাদিহ নাপালে৷ আবেলি সেই পথেৰে ঘূৰি আহেহাতে দেখিলে মানুহজাকে তেতিয়াও মাছ ধৰি আছে৷ তেতিয়া তেওঁ এজনক ওচৰলৈ মাতি আনি সুধিলে– কি কাৰণে ইমান দীর্ঘ সময় তেওঁলোকে মাছ ধৰাত ব্যস্ত আছে৷ মানুহজনে ক’লে যে ৰজাৰ নির্দেশ যে তেওঁক মানুহৰ নিচিনা এটা মাছ লাগে অথচ তেনে মাছ তেওঁলোকে ধৰিব পৰা নাই৷ সেই মাছ বেলি ডুবাৰ আগেয়ে দিব নোৱাৰিলে তেওঁলোকৰ চৰম শাস্তি হ’ব৷ তেতিয়া ব্রাহ্মণে ভাবি–চিন্তি ক’লে যে তেনে মাছৰ সম্ভাৱনা নাই আৰু সেয়েহে তেওঁ এটা উপায় দিলে৷ নদীত বহু মৰা মানুহ উটুৱাই দিয়া হয়৷

গতিকে, তেনে এটা মৃতদেহ তেওঁলোকে ৰজাক দি সেইটোৱেই ৰজাই বিচৰা মাছ বুলি ক’ব পাৰে৷ সেই মানুহজনে ৰাইজক কথাটো ক’লেগৈ– ৰাইজৰ মুখ উজ্জ্বল হ’ল৷ কিন্তু সমস্যাটো হ’ল– বেলি ডুবাৰ সময় হ’ল অথচ মৃতদেহ উটি নাহিল৷ তেতিয়া তেওঁলোকে সেই ব্রাহ্মণকে বধ কৰি ৰজাক দিলেগৈ৷ এই সাধুটো কৈ উঠি সুৰেন্দ্র নাৰায়ণে পুত্র দ্বিজেন্দ্র নাৰায়ণক বুজালে যে দ্বিজেন্দ্র নাৰায়ণৰ গতিও সেই দুর্ভগীয়া ব্রাহ্মণজনৰ নিচিনাই হৈছে৷ তেওঁ সৎ উদ্দেশ্যেই উন্নয়ন সমিতি কৰিছে৷ কিন্তু ৰাইজৰ চিন্তা বেলেগত৷ সেয়েহে তেওঁৰ ওপৰত এনে শাস্তি৷ পুত্রক তেওঁ নিৰাশ নহৈ উপযুক্ত সময়লৈ অপেক্ষা কৰিবলৈ ক’লে৷

১৯৮৭ চনত আকৌ দ্বিজেন্দ্র নাৰায়ণে তেওঁৰ সমনীয়াৰ স’তে আৰম্ভ কৰিলে জীৱনজ্যোতি চ’ৰা আৰু জীৱনজ্যোতি পুথিভঁৰাল৷ প্রায় দহ বছৰ ধৰি জীৱনজ্যোতি চ’ৰাৰ উদ্যোগত সমবায়ভিত্তিক খেতি–বাতি আৰু ৰাজহুৱা খেলা–ধূলা অনুষ্ঠিত কৰিলে৷ কিন্তু এটা দশকৰ পিছত ১৯৯৭ চনত স্থানক লৈ বিতর্ক হ’ল আৰু জীৱনজ্যোতি চ’ৰা আৰু পুথিভঁৰাল ভাঙি গ’ল৷ ১৯৯৩ চনত বিজ্ঞানৰ স্নাতক শিক্ষক হোৱা দ্বিজেন্দ্র নাৰায়ণে ২০০১ চনত প্রাদেশীকৃত দক্ষিণ নলবাৰী কনিষ্ঠ মহাবিদ্যালয়ত গণিতৰ শিক্ষক হিচাপে যোগদান কৰি নতুন উদ্যমেৰে পুথিভঁৰাল নির্মাণৰ কামত মনোনিৱেশ কৰে৷

১৯৯৯ চনৰ ৩১ ডিচেম্বৰ অর্থাৎ শতিকাৰ শেষ দিনটোত সাহিত্য–সংস্কৃতি–ক্রী ইত্যাদিৰ এশটা কার্যসূচী ৰূপায়ণ কৰি নতুন শতিকাৰ নতুন দিনটোৰ পৰা নতুন পথৰ সন্ধান কৰে সাধনা সাহিত্য চ’ৰাৰ জৰিয়তে৷ এখন পুথি দানেৰে পুথিভঁৰালৰ সদস্য হোৱাৰ নীতি প্রৱর্তন কৰি ২০০০ চনৰ ২৭ ফেব্রুৱাৰীত অর্থাৎ দেউতাকে নির্মাণ কৰা মন্দিৰ উন্মোচনৰ দিনাই পুথিভঁৰালৰো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ প্রথম অৱস্থাত পুথিভঁৰালৰ নাম মাক– দেউতাকৰ নামেৰে সুৰেন্দ্র–গিৰি পুথিভঁৰাল কৰিব খুজিছিল৷ কিন্তু তেনে কৰিলে সেই পুথিভঁৰাল ব্যক্তিগত সম্পত্তি হৈ পৰিব বুলি আশংকা কৰি অৱশেষত তাৰ নামকৰণ কৰা হয় ‘প্রেৰণা’ পুথিভঁৰাল৷ অৱশ্যে ভৱনটোৰ নাম মাকৰ নামেৰে গিৰিবালা ভৱন ৰাখিলে৷

দ্বিজেন্দ্র নাৰায়ণৰ এই যাত্রাৰ অন্যতম অনুপ্রেৰণা তেওঁৰ জ্যেষ্ঠ ভাতৃ ডাঃ বীৰেন্দ্র নাৰায়ণ শর্মা৷ অসম আন্দোলনৰ সমালোচক আৰু ছাত্রাৱস্থাতে বামপন্থী ৰাজনীতিৰ স’তে জডিত হৈ পৰা বীৰেন্দ্র নাৰায়ণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ শ্রেষ্ঠ সাহিত্যিক আছিল৷ অসম প্রকাশন পৰিষদে প্রকাশ কৰা নলিনীধৰ ভট্টাচার্যৰ নির্বাচিত প্রবন্ধ সংকলন সম্পাদনা কৰিছে ডাঃ বীৰেন্দ্র নাৰায়ণ শর্মাই৷ ২০০৬ চনত ড০ হীৰেন গোহাঁয়ে প্রেৰণা পুথিভঁৰাল নির্মাণকার্যৰ শুভাৰম্ভ কৰে৷ যোৱা ডেৰটা দশক উপার্জিত ধনেৰে এতিয়ালৈকে প্রায় ৩৫ লাখ টকা খৰচ কৰি নির্মাণ কৰি তোলা তিনি মহলীয়া পুথিভঁৰালটো বোধহয় অসমৰ ব্যক্তিগত প্রয়াসত গঢ়ি উঠা একমাত্র ৰাজহুৱা পুথিভঁৰাল৷ এই পুথিভঁৰালক কেন্দ্র কৰি গঢ়ি উঠিছে এক বৌদ্ধিক আৰু সাংস্কৃতিক পৰিমণ্ডল৷

শিশুসকলৰ স্বাস্থ্য চর্চা, সংগীত আৰু নাট্য চর্চাৰ পৰা আৰম্ভ কৰি সমসাময়িক বিষয়ৰ ওপৰত চিন্তাশীল আলোচনা– এইবোৰে সেই বিশেষ চোতালখনক ভৱিষ্যৎ সমাজ নির্মাণৰ কমাৰশালৰ মর্যাদা প্রদান কৰিছে৷ আৰু এইবোৰৰ জৰিয়তে সেই চোতালখন আৰু পুথিভঁৰালটোৱে লাভ কৰিছে সামূহিক চৰিত্র৷ দ্বিজেন্দ্র নাৰায়ণ আৰু তেওঁৰ পৰিয়াল হৈ পৰিছে সেই সামূহিক সাংস্কৃতিক যাত্রাৰ নিঃস্বার্থ পথিক৷

অসমৰ ভিন্ন প্রান্তৰ এচাম জ্ঞানপিপাসু সাংস্কৃতিক কর্মীক লৈ গঢ়ি উঠিছে এই পুথিভঁৰালৰ কর্ণধাৰ সমিতি৷ এই সমিতিত আছে শিৱজিৎ দত্ত, ড০ ধনেশ্বৰ বৈশ্য, কমলনয়ন মিশ্র, হিমাদ্রী মেধি, কিশোৰ শৰ্মা, নিপন কুমাৰ ডেকা, তিলক কুমাৰ শর্মা, দেৱজিৎ নাথ, গৌতম বর্মন, বীৰেন বর্মন, হার্কিউলিয়েন বর্মন আৰু শান্তনু কোঁৱৰ৷ পৰিচালক মণ্ডলীত এইসকলৰ উপৰি আছে– অটল ডেকা, প্রদীপ ডেকা, মামণি দেৱী, সুশীল মালাকৰ, অৰুণ কুমাৰ গোস্বামী, মফিজুৰ ৰহমান, বনজিৎ ডেকা, তৰালী শর্মা, ভিতালী ডেকা, কাকলি বর্মন, চুমি বর্মন, দীপশিখা দত্ত, নৱনীতা শালৈ, ভূপেন কুমাৰ দাস, চন্দন দাস, হাৰকিউলিয়েন বৰ্মন, মৃগাংক ভাগৱতী, ভাস্কৰ তালুকদাৰ, ব্ৰজেন তালুকদাৰ, অমলেশ ডেকা, বনজিত পাটগিৰি, মছপিকা বেগম, গগন দাস, নীলোৎপল তালুকদাৰ, শুভ্ৰজ্যোতি শৰ্মা, অংকুৰ তালুকদাৰ, বিশ্বজিত তালুকদাৰ, মানৱজ্যোতি শইকীয়া, অমিত গোস্বামী, জয়শ্ৰী তালুকদাৰ, হৃষীকেশ বৰপূজাৰী, অৰ্ণৱ বৰ্মন, কৰৱী হালৈ, অভিনৱ নাৰায়ণ শৰ্মা, মৃন্ময় হালৈ আদি। দ্বিজেন্দ্ৰ নাৰায়ণৰ ককায়েক ডা০ বীৰেন্দ্ৰ নাৰায়ণ শৰ্মা, বৌৱেক ড০ ৰূপালী শৰ্মা, মাজু ককায়েক খনিন্দ্ৰ শৰ্মা, মাজু বৌৱেক মীনাক্ষি দেৱী, পত্নী মামণি দেৱী আৰু সামগ্ৰিকভাবে সুৰেন্দ্ৰ নাৰায়ণৰ জী-জোঁৱাইৰ সহযোগিতাও অনস্বীকাৰ্য।

ইতিমধ্যে প্রেৰণা পুথিভঁৰালৰ সৰুক্ষেত্রী শাখা আৰু নতুন দেহৰ শাখা গঢ়ি উঠিছে আৰু অনতি পলমে অসমৰ আন বহু ঠাইৰ পৰাও কেইবাটাও শাখাৰ প্রস্তাৱ আহিছে৷ ১৫ নৱেম্বৰ, ২০২০ তাৰিখে এই পুথিভঁৰালত ড০ হীৰেন গোহাঁই অধ্যয়ন কক্ষ মুকলি কৰা হৈছে৷ এই অধ্যয়ন কক্ষত অসমৰ বিশিষ্ট সাহিত্যিক, সাংস্কৃতিক পুৰোধা আৰু চিন্তাবিদ জ্যোতিপ্রসাদ, বিষ্ণু ৰাভা, ড০ ভূপেন হাজৰিকা, হোমেন বৰগোহাঞি, হীৰেন গোহাঁই, চৈয়দ আব্দুল মালিক, মামণি ৰয়ছম গোস্বামীকে প্রমুখ্য কৰি প্রায়সকলৰ গ্রন্থ সংগৃহীত হৈছে৷ বিভিন্ন বিষয়ৰ প্রয়োজনীয় কিতাপ পৃথককৈ ৰখাৰো ব্যৱস্থা কৰা হৈছে৷ অসমৰ বিভিন্ন ঠাইৰ লোকে জন্মদিনত এই পুথিভঁৰালৰ বাবে গ্রন্থ উপহাৰ দিয়াৰ পৰম্পৰা গঢ়ি উঠিছে৷ বিদেশত থকা অসমীয়া মানুহৰো উপহাৰ লাভ কৰিছে এই পুথিভঁৰালে৷

কিন্তু গ্রন্থ সংগ্রহ বা সংৰক্ষণ এই পুথিভঁৰালৰ প্রধান প্রাপ্তি নহয়৷ এই পুথিভঁৰালৰ প্রাপ্তি হ’ল– গ্রন্থ আৰু সংস্কৃতিৰ সুবাস বিচাৰি নিতৌ সমাগম হোৱা এচাম জ্ঞানপিপাসুৰ প্রাণোচ্ছল ছন্দ৷ ক্ষমতা দখলৰ বাবে যিকোনো পর্যায়লৈকে নামি যাব পৰা ৰাজনৈতিক হৈ–চৈৰ বিপৰীতে এইবোৰেই ভৱিষ্যৎ নির্মাণৰ আন্তৰিক অনুশীলন৷ এনে অনুশীলন সমাজৰ চাৰিওফালে লৈ যাব পাৰিলেহে আমাৰ ভৱিষ্যৎ সুৰক্ষিত হ’ব৷

You might also like