নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভেকচিনঃ প্রত্যাহ্বান আৰু সুযোগ

 অহা বছৰৰ জুলাই–আগষ্টৰ ভিতৰত ক’ৰোনা ভাইৰাছৰ প্রায় ৫০০ নিযুত ড’জ ভেকচিন ভাৰতত উপলব্ধ৷– এই আশাৰ বার্তা দিছে স্বাস্থ্যমন্ত্রী হর্ষবর্ধনে৷ এইপর্যন্ত পৰীক্ষামূলক প্রয়োগৰ তথ্যসমূহ যদি গণ টিকাকৰণৰ ক্ষেত্রতো সত্য প্রমাণিত হয়, তেন্তে কার্যকাৰিতা আৰু সুৰক্ষা দুয়োটা দিশৰ পৰাই নিশ্চিত হ’ব পৰা যাব৷ ক’ৰোনাৰ বিৰুদ্ধে বছৰজোৰা সংগ্রামত ভেকচিনেই হ’ব প্রধান অস্ত্র৷ বিশ্বৰ ৰাষ্ট্রসমূহে এই ব্রহ্মাস্ত্র প্রয়োগ কৰাৰ সময়ত সুপৰিকল্পিত আঁচনি গ্রহণ কৰাটো প্রয়োজনীয়৷

প্রায় সকলোবোৰ দেশেই ক’ৰোনা ভেকচিনৰ নামত বৃহৎ অর্থ ব্যয় কৰিবলৈ সাজু হৈছে৷ ইয়াৰ প্রধান কাৰণ হ’ল– প্রতিজন নাগৰিকে যাতে বিনামূলীয়াকৈ এই ভেকচিন লাভ কৰে, সেইটো নিশ্চিত কৰা৷ বিশেষকৈ ভাৰতৰ দৰে দেশত বিনামূলীয়া ভেকচিনৰ প্রয়োজনীয়তা অপৰিসীম৷ ভেকচিনক লৈ ৰাজনীতি নকৰি কেন্দ্রীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰসমূহে সম্পূর্ণ গণ টিকাকৰণ নিশ্চিত কৰিবই লাগিব৷

কিয়নো অর্থৰ অভাৱত যদি কোনো লোকে ভেকচিন ল’বলৈ অসমর্থ হ’ব লগা পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে বিশ্বজোৰা মহামাৰীৰ সৃষ্টি কৰা এই ভাইৰাছৰ বিৰুদ্ধে জয় সুনিশ্চিত কৰাটো সম্ভৱ নহ’ব৷ এই মুহূর্তত কেন্দ্রীয় চৰকাৰৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– কম মূল্যত ভাল ভেকচিন পর্যাপ্ত পৰিমাণত আহৰণৰ ব্যৱস্থা কৰা৷ এষ্ট্রাজেনেকা–অক্সফ’ডৰ ভেকচিন আহৰণৰ বাবে ইতিমধ্যে পদক্ষেপ গ্রহণ কৰা হৈছে৷

কিন্তু সমগ্র বিশ্বৰ চাহিদা অনুপাতে ভেকচিন প্রস্তুত কৰাটো যিহেতু হ’ব এক ডাঙৰ প্রত্যাহ্বান, সেয়ে কেইবাটাও প্রতিষ্ঠানৰ পৰা ভেকচিন আহৰণ কৰাটো প্রয়োজনীয় হৈ পৰিব৷ মডার্না আৰু ফাইজাৰৰ সৈতেও ভাৰতে ভেকচিন আহৰণ সন্দর্ভত প্রাৰম্ভিক আলোচনা কৰিছে৷ প্রাৰম্ভিক তথ্য অনুসৰি, আন কোম্পানীৰ ভেকচিনৰ তুলনাত মডার্না আৰু ফাইজাৰৰ ভেকচিন অধিক ব্যয়বহুল হ’ব৷ সেয়ে ৰাছিয়াই প্রস্তুত কৰা স্পুটনিক–ভি আহৰণৰ বাবে চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে৷ উদ্বেগৰ বিষয়টো হ’ল– উন্নত আৰু ধনী দেশসমূহে ক’ৰোনাৰ ভেকচিনক লৈ ৰাজনীতি কৰাৰ এটা অশুভ প্রৱণতা ইতিমধ্যে দৃষ্টিগোচৰ হৈছে৷

সেয়ে কেৱল ভেকচিন প্রস্তুতকাৰকৰ সৈতে চুক্তিতে নিজকে আবদ্ধ নাৰাখি ভাৰতে সংশ্লিষ্ট দেশসমূহৰ চৰকাৰৰ সৈতেও আলোচনা কৰাটো জৰুৰী৷ সাধাৰণ হিচাপ মতে, সম্পূর্ণ গণ টিকাকৰণৰ বাবে ভাৰতত প্রয়োজন হ’ব ২৬০ কোটিৰো অধিক ড’জ৷ কিয়নো প্রতিজন ব্যক্তিয়ে এমাহৰ অন্তৰত দুটা ড’জ লোৱাটো জৰুৰী৷ ইমানসংখ্যক ভেকচিন আহৰণ কৰাটো প্রথম পর্যায়তে এক বৃহৎ প্রত্যাহ্বান হিচাপে থিয় দিয়াটো নিশ্চিত৷ নৰেন্দ্র মোদী চৰকাৰে প্রয়োজনীয় পৰিমাণত ভেকচিন আহৰণ সুনিশ্চিত কৰিব বুলি সকলোৱেই আশাবাদী৷

কিয়নো এই কথা সন্দেহাতীতভাৱে ক’ব পাৰি যে সম্পূর্ণ গণ টিকাকৰণ সময়মতে নিশ্চিত কৰাটো হ’ব চৰকাৰৰ সাফল্যৰ অন্যতম মাপকাঠী৷ ইয়াৰ উপৰি স্বাস্থ্য বিভাগৰ সন্মুখত আছে আন বৃহৎ প্রত্যাহ্বান৷ ভেকচিন কিদৰে বিতৰণ কৰা হ’ব, তাৰ আগতীয়া পৰিকল্পনা অবিহনে এই অভিযানত কেৰোণ লগাৰ আশংকা আছে৷ নিটি আয়োগৰ সদস্য তথা ক’ভিড–১৯ৰ টাস্ক ফ’চৰ মুৰব্বী ডাঃ ভি কে পালে স্বীকাৰ কৰিছে যে একে সময়তে সমগ্র দেশৰ বাবে ভেকচিন আহৰণ কৰাটো সম্ভৱ নহ’ব৷

সেয়ে কিদৰে ভেকচিন বিতৰণ কৰা হ’ব আৰু ভেকচিন প্রদানৰ বাবে কাক সর্বাধিক প্রাধান্য দিয়া হ’ব, সেইক্ষেত্রত সুপৰিকল্পনাৰ প্রয়োজন৷ স্বাস্থ্যমন্ত্রী হর্ষবর্ধনে ইতিমধ্যে প্রকাশ কৰিছে যে ক’ভিড যোদ্ধা আৰু স্বাস্থ্যকর্মীসকলক প্রথমেই ভেকচিন প্রদান কৰা হ’ব৷ ইয়াৰ পিছতেই বয়োজ্যেষ্ঠ নাগৰিক আৰু বিভিন্ন জটিল ৰোগত আক্রান্ত ব্যক্তিক প্রাধান্য দিয়া হ’ব৷ কিয়নো বয়োজ্যেষ্ঠ নাগৰিক আৰু জটিল ৰোগত আক্রান্ত ব্যক্তি ক’ৰোনা ভাইৰাছৰ আক্রমণৰ ফলত সর্বাধিক ক্ষতিগ্রস্ত হৈছে৷ কিন্তু এইখিনিতে আৰু এটা বিষয় গুৰুত্বপূর্ণ৷

সেয়া হ’ল– কম বয়সীয়া লোকৰ তুলনাত বয়োজ্যেষ্ঠ মানুহৰ দুর্বল ৰোগ নিৰাময় ক্ষমতা৷ এই শ্রেণীৰ লোকৰ ক্ষেত্রত যদি ভেকচিনে আশানুৰূপ সঁহাৰি নজনায়, তেন্তে চৰকাৰে বিকল্প চিন্তা কৰাটো প্রয়োজনীয় হ’ব৷ যিহেতু এনে এক পৰিস্থিতিৰ সম্ভাৱনা বিজ্ঞানীসকলে নুই কৰা নাই, সেয়ে ইয়াৰ বাবে আগতীয়াকৈ সাজু হৈ থাকিব লাগিব৷ তদুপৰি, ভেকচিন মজুত ৰখাৰ বাবে প্রয়োজন হ’ব পর্যাপ্ত শীতলীকৰণ ব্যৱস্থাৰ, যিটো এই সময়ত ভাৰতত উপলব্ধ নহয়৷ এইক্ষেত্রতো বৃহৎ অর্থৰ প্রয়োজন হ’ব চৰকাৰৰ৷ ক’ৰোনাৰ ভেকচিন ভাৰতৰ বাবে যিদৰে এটা ডাঙৰ প্রত্যাহ্বান, সেইদৰে এই দীঘলীয়া যুদ্ধই সুযোগৰো সৃষ্টি কৰিছে৷ ভাৰত হ’ল বিশ্বৰ সর্বাধিক ভেকচিন প্রস্তুতকাৰী দেশ৷ এই সুযোগতে ভাৰতে ভেকচিনৰ বিতৰণ ব্যৱস্থাও উন্নত ৰাষ্ট্রৰ সমকক্ষ কৰি তোলাৰ সুযোগ লাভ কৰিছে৷

You might also like