নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : নমো ড্রোন দিদি

ডাঃ মনসুখ মাণ্ডৱিয়া

এখন শক্তিশালী আৰু উন্নত ৰাষ্ট্র গঢ়াৰ মূল চাবিকাঠী হিচাপে মহিলা সবলীকৰণৰ বিষয়টো গুৰুত্বপূর্ণ বিষয় হিচাপে বিবেচিত হৈছে৷ দেশ এখনৰ মহিলাসকলে অর্থনৈতিকভাৱে শক্তিশালী হৈ গ্রাম্য অর্থনীতিৰ বিকাশত অৰিহণা যোগাব পাৰিলেহে দেশ এখনে প্রকৃত বিকাশৰ পথত খোজ পেলাব পাৰে৷ বিকশিত ভাৰত সংকল্প যাত্রাত হিতাধিকাৰীসকলৰ সৈতে বার্তালাপৰ সময়ত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰা এক বিশেষ ঘোষণা হৈছে নমো ড্রোন দিদি আঁচনি৷ এহ আঁচনিৰ লক্ষ্যই হৈছে কৃষিখণ্ডৰ উন্নয়নৰ উদ্দেশ্যে ১৫,০০০ মহিলা আত্মসহায়ক গোটক ড্রোন প্রদান কৰা৷ গাঁৱৰ মহিলাসকলক গ্রাম্য অর্থনীতিৰ সমৃদ্ধিৰ ক্ষেত্রত এক নতুন যুগৰ সূচনা কৰিবলৈ শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে প্রযুক্তিগত নৱ উদ্ভাৱন ব্যৱহাৰ কৰাটো অতি প্রয়োজনীয় হৈ পৰিছে৷ সেই উদ্দেশ্যেই মহিলা আত্মসহায়ক গোটক ড্রোন প্রদানৰ পৰিকল্পনা কৰা হৈছে৷ এহ বহুমুখী আঁচনিখনে গ্রাম্য মহিলাসকলৰ হাতত অত্যাধুনিক প্রযুক্তি তুলি দি আমাৰ কৃষি পদ্ধতিৰ আধুনিকীকৰণ আৰু কৃষি উৎপাদনশীলতা বৃদ্ধি কৰাত অভূতপূর্বভাৱে সহায় কৰিব৷ এই পদক্ষেপে মহিলাসকলক গ্রাম্য অর্থনীতিৰ বিকাশৰ কেন্দ্রবিন্দু কৰি তোলাৰ লগতে তেওঁলোকক এক নব্য কৃষি বিপ্লৱ সূচনাৰ নেতৃত্ব দিবলৈ অনুপ্রাণিত কৰিব৷ এই আঁচনিখনে দেশৰ ষ্টার্টআপসমূহৰ বাবে ড্রোন এৰোনটিক্সৰ ক্ষেত্রখনত প্রৱেশ কৰাৰ নতুন সুযোগ প্রদান কৰিব৷ যিবোৰ ষ্টার্টআপৰ সম্ভাৱনা এতিয়াও বহু ক্ষেত্রত অবিকশিত তথা অব্যৱহৃত হৈ আছে৷

নেনো ইউৰিয়া আৰু নেনো ডিএপিৰ দৰে অভিনৱ নতুন তৰল সাৰৰ উদ্ভাৱনে এতিয়া কৃষিখণ্ডলৈ বৈপ্লৱিক পৰিৱর্তন আনিছে৷ এনে উদ্ভাৱনসমূহে এতিয়া আধুনিক প্রযুক্তিৰে কৃষিখণ্ডৰ বিকাশৰ প্রয়োজনীয়তাক অধিক গুৰুত্বপূর্ণ কৰি তুলিছে৷ দক্ষ সাৰ প্রয়োগৰ বিষয়টোৱে অগ্রাধিকাৰ লাভ কৰিছে৷ এনে সময়তে প্রধানমন্ত্রীয়ে আত্মসহায়ক গোটৰ মহিলা সদস্যসকলৰ হাতত ড্রোন প্রযুক্তি তুলি দি এক উজ্জ্বল ভৱিষ্যতৰ ধাৰণাক বাস্তৱ ৰূপ দিব বিচাৰিছে৷

ভাৰত যদিও সাৰৰ দ্বিতীয় সর্ববৃহৎ উৎপাদক দেশ, তথাপি প্রাকৃতিক সম্পদ যেনে– গেছ, ফছফেটিক আৰু পটাছ সম্পর্কীয় খনিজ পদার্থ আদিৰ অপর্যাপ্ত উপলব্ধতাৰ বাবে আমাৰ দেশ সাৰৰ দ্বিতীয় সর্ববৃহৎ আমদানিকর্তাও৷ আমদানিৰ বিষয়ত থকা আমাৰ এই নির্ভৰশীলতা দূৰ কৰিবলৈ চৰকাৰে কেইবাটাও বন্ধ হৈ থকা সাৰ উৎপাদন গোট পুনৰুজ্জীৱিত কৰাত সহায় কৰিছে আৰু ‘আত্মনির্ভৰ ভাৰত’ আঁচনিৰ অধীনত নতুন সাৰ উৎপাদন গোট স্থাপনত উৎসাহ প্রদান কৰি আহিছে৷ এই পদক্ষেপবোৰে দেশৰ কৃষকসকলক আন্তঃৰাষ্ট্রীয় বজাৰত সাৰৰ মূল্যৰ ক্ষেত্রত বিদ্যমান অস্থিৰতাৰ পৰা নিৰাপদভাৱে মুক্ত কৰি ৰাখিব পাৰিছে৷ সাৰৰ ৰাজসাহায্যৰ জৰিয়তে চৰকাৰে এই কথা নিশ্চিত কৰিবলৈ সক্ষম হৈছে যে সঠিক সময়ত সঠিক মূল্যত কৃষকসকলে পর্যাপ্ত পৰিমাণৰ সাৰ লাভ কৰিব পাৰে৷ ক’ভিড মহামাৰী আৰু শেহতীয়াকৈ বিশ্বব্যাপী চলি থকা ভূ–ৰাজনৈতিক অস্থিৰ পৰিস্থিতি আদিয়ে কিছুক্ষেত্রত কঠিন প্রত্যাহ্বানৰ সৃষ্টি কৰিছে৷ সমগ্র বিশ্বতে সাৰৰ মূল্য আকাশলংঘী হৈ পৰিছে৷ কিন্তু আমি এনে প্রত্যাহ্বানবোৰক সুযোগলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লৈছিলোঁ৷ চৰকাৰে বৈকল্পিক সাৰৰ বিকাশৰ বাবে থলুৱা গৱেষণাক উৎসাহিত কৰি আহিছে৷ যি প্রচেষ্টাৰ পৰিণতিত তৰল নেনো সাৰৰ পথ প্রশস্ত কৰিবলৈ আমি সক্ষম হৈছোঁ৷ তৰল নেনো সাৰৰ দৰে এই নতুন আৱিষ্কাৰৰ পৰৱর্তী প্রত্যাহ্বান হিচাপে থিয় দিছিল এটা দক্ষ সাৰ প্রয়োগ প্রণালী বিকশিত কৰাৰ বিষয়টোৱে৷ এই প্রত্যাহ্বানৰ সমাধানৰ পথো আমি লাভ কৰিছো৷ নতুন ড্রোন প্রযুক্তিয়ে এনে প্রত্যাহ্বান সহজে দূৰ কৰিবলৈ সক্ষম হ’ব৷

কিষাণ ড্রোনে কৃষি পদ্ধতিৰ বিপ্লৱৰ দিশত অকল্পনীয় সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিছে৷ হাতেৰে ধৰি পাম্পৰ জৰিয়তে কৃষিক্ষেত্রত কীট্নাশক আৰু তৰল সাৰ ছটিওৱাৰ পৰম্পৰাগত পদ্ধতিটো কেৱল সময় সাপেক্ষই নহয়, ইয়াক ব্যৱহাৰ কৰাৰ সময়ত বিষাক্ত সৰীসৃপ, বন্যজন্তু আদিৰ পৰা হ’ব পৰা বিপদৰো ভয় থাকে৷ কিন্তু পৰম্পৰাগত সাৰ প্রয়োগৰ তেনে পদ্ধতিৰ সলনি কৃষি–ড্রোনৰ জৰিয়তে সাৰ আৰু কীট্নাশক স্প্রে প্রণালীৰ স্বয়ংক্রিয়কৰণে সময় ৰাহি কৰাৰ উপৰি দক্ষ প্রয়োগ প্রণালীক গতি প্রদান কৰিছে৷ কিষাণ ড্রোনৰ প্রয়োজনীয়তাই এতিয়া নতুন ষ্টার্টআপবোৰৰ বাবে এক নতুন সুযোগ মুকলি কৰি দিছে৷ ড্রোন নির্মাণৰ কামে দেশৰ যুৱসকলৰ বাবে ব্যাপক হাৰত নিযুক্তিৰ সুযোগ সৃষ্টি কৰিছে৷ পিছলৈ এই নতুন ক্ষেত্রখনে গ্রাম্য মহিলা পাইলট (ড্রোন পৰিচালনাৰ বাবে), মেকানিক আৰু স্পেয়াৰ পার্ট ডীলাৰ আদিৰ দৰে সংস্থাপনৰ সুযোগো সৃষ্টি কৰিব৷

মই এই কথা দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ‘বিকশিত ভাৰত’ বা উন্নত ভাৰতৰ ধাৰণাক বাস্তৱ ৰূপ প্রদান কৰাৰ বাবে মহিলা সবলীকৰণ এক প্রাথমিক চর্ত৷ নমো ড্রোন দিদি আঁচনিয়ে মহিলাসকলক নতুন সুযোগ প্রদান কৰি তেওঁলোকক গ্রাম্য অর্থনীতিৰ মেৰুদণ্ডস্বৰূপ হৈ পৰাত সহায় কৰিব৷ এই ব্যৱস্থাই আমাৰ কৃষিভিত্তিক সংস্কৃতিক অধিক শক্তিশালী কৰি তোলাতো সহায় কৰিব৷ এক কথাত ক’বলৈ গ’লে এগৰাকী মহিলা ড্রোন পাইলটে কৃষি উৎপাদনশীলতা আৰু কৃষিখণ্ডত কামৰ দক্ষতা বৃদ্ধিত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে৷ ড্রোনৰ জৰিয়তে কীট্নাশক আৰু তৰল সাৰৰ প্রয়োগে কেৱল কৃষকসকলৰ শাৰীৰিক পৰিশ্রমেই লাঘৱ নকৰিব, ইয়াৰ ফলত কামৰ গতি দ্রুত হ’ব আৰু অধিক উৎপাদনশীল কামৰ বাবে ব্যৱহৃত মূল্যৱান সময় ৰাহি কৰিব৷ নমো ড্রোন দিদি আঁচনিয়ে নিশ্চিতভাৱে এটা এইক্ষেত্রত কল্পনীয় পৰিৱর্তন সাধন কৰিব পাৰিব৷ ই মহিলা সবলীকৰণৰ এক নতুন অধ্যায়ৰ সূচনা কৰিব আৰু ড্রোনৰ এনে প্রয়োগে গ্রাম্য মহিলাসকলক অর্থনৈতিক কার্যকলাপ তথা গ্রাম্য সমৃদ্ধিৰ গুৰুত্বপূর্ণ ব্যক্তিত পৰিণত কৰি তুলিব৷ এই ব্যৱস্থাই কৃষিখণ্ডৰ একাধিক সমস্যা কার্যকৰীভাৱে সমাধান কৰাত অৰিহণা যোগাব৷ আমি আশাবাদী যে প্রধানমন্ত্রী কৃষি সমৃদ্ধি কেন্দ্রই ভাৰতৰ দৰে এখন কৃষিপ্রধান দেশত আধুনিক কৃষি বিপ্লৱৰ সূচনা কৰাত নিশ্চিতভাৱে সহায় কৰিব আৰু এনে সমৃদ্ধিয়ে সকলোৰে চকুত সুন্দৰকৈ ধৰা দিব৷

লেখক সাৰ আৰু ৰসায়ন আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ দপ্তৰৰ কেন্দ্রীয় মন্ত্রী

You might also like