নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খঁকুৱা অম্বেশ্বৰ ৰাজখোৱাই নাক কাটিলে অসম আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্রীয়ে ড·হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিপৰায়ণ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ঠিক সেই সময়তে গড়াজান আৰক্ষী পহৰা চকীৰ এগৰাকী খঁকুৱা সহকাৰী উপ পৰিদৰ্শকৰ কৰ্ম-কাণ্ডই লজ্জানত কৰিছে অসম আৰক্ষীক। উল্লেখ্য যে জিলাখনৰেই বটদ্ৰৱা আৰক্ষীয়ে হাঁহ আৰু ধন লোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাওঁতেই গড়াজান পহৰা আৰক্ষী চকীৰ অম্বেশ্বৰ ৰাজখোৱা নামৰ সহকাৰী উপ পৰিদৰ্শকে আৰক্ষী চকীত বহি কৰ্তব্যৰত অৱস্থাত এজাহাৰকাৰীৰ পৰা ধন লোৱাৰ লগতে মদৰ বটল আৰু কুকুৰাৰ মাংস বিচৰা কাৰ্যই আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ তথা কথিত দুৰ্নীতি মুক্ত আৰক্ষীৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে। দুৰ্নীতিপৰায়ণ খঁকুৱা আৰক্ষী বিষয়া অম্বেশ্বৰ ৰাজখোৱাই গোচৰ আদালতলৈ প্ৰেৰণ কৰাৰ নামত লৈছিল এহেজাৰ টকা আৰু টকা লোৱাৰ সমগ্ৰ দৃশ্য আবদ্ধ হৈ ৰয় গোপন কেমেৰাত। পূৱ ফুটলজাৰৰ আব্দুল ছাত্তাৰ নামৰ লোকজনে নিজৰ কিশোৰী কন্যাক জোৰ জবৰদস্তি কৰি অপহৰণ কৰি নিব বিছাৰিছিল আৰিফুল হকৰ লগতে ৬জনকৈ লোকে৷ এই অপহৰণ সন্দৰ্ভত গড়াজান আৰক্ষী পহৰা চকীত গোচৰ ৰুজু কৰিছিল। উক্ত গোচৰটো আদালতত পঠোৱাৰ বাবেই কৰ্তব্যৰত অৱস্থাতেই খঁকুৱা আৰক্ষী বিষয়া অম্বেশ্বৰ ৰাজখোৱাই আব্দুল ছাত্তাৰৰ পৰা টকা এক হাজাৰ লোৱাৰ লগতে মদৰ বটল আৰু কুকুৰাৰ মাংস বিচাৰিছিল। আগন্তুক সময়ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে এই গৰাকী খঁকুৱা আৰক্ষীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহন কৰে সেয়া হ’ব লক্ষনীয়।

প্ৰেৰক জহিৰুল ইছলাম

You might also like