নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তিশগড়ৰ নতুন মুখ্যমন্ত্ৰী বিষ্ণুদেৱ ছাইৰ শপতগ্ৰহণ

বিশেষ বাৰ্তা, ১৩ ডিচেম্বৰঃ বিষ্ণুদেৱ ছাইয়ে ছত্তিশগড়ৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপালে তেওঁক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীকে ধৰি বহু বিশিষ্ট নেতা উপস্থিত থাকে। মঞ্চত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰি আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। বহু ৰাজ্যৰ মুখ্যমন্ত্ৰীকো মঞ্চত দেখা যায়। প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু ৰমন সিঙো থাকে উপস্থিত। শপত গ্ৰহণ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।

#বাৰ্তা ডেস্ক

You might also like