নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুলি সৰিছে নেকি? নসৰিবলৈ কৰক এইকেইটা অভ্যাস

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ চুলি সৰাৰ সমস্যা প্ৰায়ভাগ মহিলা বা পুৰুষৰ ক্ষেত্ৰতে দেখা যায়। সৌন্দৰ্য সাধনাৰ বাবে প্ৰতিখন সৰু-বৰ চহৰতে গঢ়ি উঠিছে বিউটী পাৰ্লাৰ। কিন্তু নাই চুলি সৰাৰ সমস্যাৰ পৰা মুক্তি হোৱা সম্ভৱ হোৱা নাই। অথচ চুলি হৈছে সৌন্দৰ্যৰ আকৰ। তেন্তে উপায় কি?

উপায় আছে, সেয়া হ’ল জীৱন শৈলীৰ পৰিৱৰ্তন।


কি কৰিব?

ডায়েটৰ পৰিৱৰ্তনঃ সুষম আহাৰ অৰ্থাত স্বাস্থ্যসন্মত খাদ্য চুলি সৰা বন্ধ কৰাৰ বাবে প্ৰয়োজনীয়। মাছ, মাংস, বাদাম, জামু, সতেজ শাক-পাচলি বেছিকৈ খাব লাগে। নতুনকৈ চুলি গজাবলৈ বায়োটিন, ভিটামিন এ আৰু বি, বিটা কেৰোটিন খাব লাগে।

ছেম্পুৰ ব্য়ৱহাৰঃ অতিৰিক্ত ৰাসায়নিক মিশ্ৰণ থকা ছেম্পুৰ ব্যৱহাৰ কৰিব নালাগে। মৃদু বা ছফ্ট ছেম্পু ব্যৱহাৰ কৰা ভাল। এইক্ষেত্ৰত ভেষজ ছেম্পু ব্যৱহাৰ কৰিব পাৰে।

মানসিক চাপঃ মানসিক চাপৰ ফলতো চুলি সৰিব পাৰে। সেয়ে ষ্ট্ৰেছ বা চাপ নিয়ন্ত্ৰণ কৰা দৰকাৰ। যোগাভ্যাসৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যায়।

ধূমপান বৰ্জনীয়ঃ গৱেষণাৰ পৰা জনা গৈছে যে ধূমপানৰ ফলত চুলিৰ ডি এন এ ভাঙি যায়। গতিকে ধূমপান বৰ্জন কৰা দৰকাৰ।

ৰ’দঃ সূৰ্যৰ ৰদৰ বাবে চুলিৰ প্ৰটিন ভাঙি যায়। সেয়ে ৰ’দত চুলি শুকোৱা বা বেছি সময় প্ৰখৰ ৰ’দত ওলাব নালাগে। ওলালেও পাতল টুপী পিন্ধা দৰকাৰ।

চুলিৰ বাবে ডিভাইচঃ আজিকালি বজাৰত চুলিৰ কামৰ বাবে বিভিন্ন ডিভাইচ উপলব্ধ। কিন্তু ব্লো ড্ৰায়াৰ্ছ আৰু ষ্ট্ৰেইটনাৰ্ছৰ ব্যৱহাৰ অধিক হাৰত কৰা অনুচিত। এইবোৰে চুলিৰ গুৰি কমজোৰ কৰি পেলায় আৰু ফলত চুলি সৰিবলৈ আৰম্ভ কৰে।

You might also like