নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেনিটাইজাৰৰ অধিক ব্যৱহাৰ কৰে নেকি? কি কয় বিশেষজ্ঞই…

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ ক’ৰোনাৰ আতংক, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সৰ্বসাধাৰণে মাস্ক, ছেনিটাইজাৰ, আৰু সামাজিক দূৰত্ব বজাই চলিছে। কিন্তু এই সময়তে বিশেষজ্ঞসকলে মন্তব্য কৰিছে যে যদি চাবোন উপলব্ধ নহয়, তেতিয়াহে ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে।

এলকহলেৰে নিৰ্মিত ছেনিটাইজাৰ আৰু কীটাণুনাশক চাবোনৰ চাহিদা দিনক দিনক বৃদ্ধি পাইছে।
মন কৰিবলগীয়া যে হেণ্ড ছেনিটাইজাৰত এলকহল আৰু ইথানলৰ পৰিমাণ বেছি হ’ব লাগে, তেতিয়াহে ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ সক্ষম হয়।

আনহাতে বহু সময়ত ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ ফলত ইয়াৰ অপকাৰিতাও দেখা দিছে। এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে মূলতঃ ছেনিটাইজাৰ ব্যৱহাৰৰ কৰাৰ বাবেই হাতত খজুৱতি, হাত ৰঙচুৱা হোৱা, হাতৰ ছাল উখহি যোৱাৰ দৰে উপসৰ্গই দেখা দিছে।

ইণ্ডিয়ান ইনস্টিটিউট  অফ টক্সিলজিৰৰ অধ্যক্ষ ড০ আলোক ধৱনে কয় যে ছেনিটাইজাৰ সেইটো সময়ত ব্যৱহাৰ কৰিব লাগে যি সময়ত চাবোন অথবা পানী কম থাকে। ছেনিটাইজাৰক দুই তিনি মিলিলিটাৰ ব্যৱহাৰ কৰিব লাগে আৰু ভালদৰে শুকোৱাৰ পিছত কোনো ধৰণৰ সমস্যা নহয়।

কিন্তু কাকো ২০ মিনিটৰ অন্তৰে অন্তৰে কাকো হাত চাফা কৰিবলৈ পৰামৰ্শ দিয়া হোৱা নাই। যদি নিৰ্ধাৰিত সময়তকৈ বেছি হাত ছেনিটাইজ কৰা হয় তেতিয়া ইয়াৰ বিৰূপ প্ৰভাৱ পৰাটো নিশ্চিত।
বিশ্ব স্বাস্থ্য সংগঠনে ছেনিটাইজাৰত ইথানল, গ্লিছাৰিল আৰু হাইড্ৰ’জেন পেৰাঅক্সাইড ব্যৱহাৰ কৰা পোষকতা কৰি আহিছে।

দিল্লীৰ মেক্স হাস্পাতলৰ ইউৰ’লজিৰ প্ৰফেচাৰ ড০ অনুপ কুমাৰে কয় যে ছেনিটাইজাৰ বেছিকৈ ব্যৱহাৰ কৰিলে কোনো ধৰণৰ বিশেষ অপকাৰ নহয় কিন্তু যদি ছেনিটাইজাৰ পেটলৈ যায় তেতিয়া বৃক্ক ৰোগ, যকৃত ৰোগৰ সমস্য়াই দেখা দিব পাৰে।

You might also like