নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশীৰ দৌৰাত্ম্য: ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দি খিলঞ্জীয়াক কৰিছিল আক্রমণ

 বিমলা প্রসাদ চলিহা চৰকাৰৰ সোপাঢ়িলা আৰু সংখ্যালঘু তোষণ নীতিৰ বাবেই ষাঠিৰ দশকতে পাকিস্তানী অনুপ্রৱেশকাৰীয়ে অসমত খিলঞ্জীয়া গাঁৱত আক্রমণ চলাবলৈ সক্ষম হৈছিল৷ ৰাজনৈতিক সমর্থনপুষ্ট এইসকল লোকে আনকি অসমৰ মাটিত ধর্মীয় শ্লোগানৰ লগতে ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দিয়াৰো দুঃসাহস দেখুৱাইছিল৷ একে সময়তে এনে দুষৃকতিকাৰীয়ে পূব পাকিস্তানৰ পৰা পলাই আহি ভাৰতত আশ্রয় লোৱা হিন্দু শৰণাথ্ শিবিৰতো আক্রমণৰ ঘটনা সংঘটিত কৰিছিল৷ পাকিস্তানী অনুপ্রৱেশকাৰীৰ এনে দৌৰাত্ম্যই অসম বিধানসভাৰ মজিয়াও বাৰুকৈয়ে ডত্তাল কৰি তুলিছিল৷ পাকিস্তানী অনুপ্রৱেশকাৰীৰ এনে দুষ্কার্য সন্দর্ভত ১৯৬৪ চনত বিধানসভাত এক মনোযোগ আকর্ষক প্রস্তাৱ ডত্থাপন কৰি যোৰহাটৰ বিধায়ক দুলাল চন্দ্র বৰুৱাই বক্তব্য দাঙি ধৰিছিল– ‘১৯৬৪ চনৰ ১৬ ফেব্রুৱাৰীৰ বিয়লি পাঁচ বজাত পাঁচ হাজাৰৰো অধিক পাকিস্তানী অনুপ্রৱেশকাৰী মুছলিম লোকে নগাঁৱৰ ধিঙৰ জুৰীয়াহাটত এক আক্রমণ সংঘটিত কৰাৰ চেষ্টা চলাইছিল৷ এই লোকসকলে এক সমদল উলিয়াই ‘পাকিস্তান জিন্দাবাদ’ ধবনি দি এখন বাছত আক্রমণ চলাই বাছখনৰ ক্ষতিসাধনো কৰিছিল৷ পৰিস্থিতিৰ ইমানেই অৱনতি ঘটে যে সমগ্র এলেকাটোত ১৪৪ ধাৰা জাৰি কৰিব লগা হয়৷ এই লোকসকলে অঞ্চলটোৰ দোকান–বজাৰত আক্রমণৰ চেষ্টা চলোৱাৰ পৰিপ্রেক্ষিতত আতংকিত একাংশ স্থানীয় লোকে এখন বাছত ডঠি ডপায়ুক্তক পৰিস্থিতিৰ বিষয়ে জনোৱাৰ বাবে যাত্রা কৰিছিল৷ সেই সময়তে ডন্মত্ত লোকসকলে বাছখনত আক্রমণ চলাই বাছখন সম্পূর্ণ বিধবস্ত কৰে৷ জিলা ডপায়ুক্তই পৰিস্থিতিৰ ডমান পাই ততাতৈয়াকৈ ঘটনাস্থলীলৈ ৰাওনা হোৱাৰ লগতে ১৪৪ ধাৰা জাৰি কৰে৷ এই ঘটনাই ৰাজ্যত তৎপৰ প্রতিক্রিয়াশীল চক্রই ঘটাব পৰা বিপদৰ আগজাননী দিয়াৰ লগতে সিহঁতৰ ভয়ংকৰ অভিসন্ধিৰো স্পষ্ট ডমান দিছে৷… এই তথাকথিত সংখ্যালঘু লোকসকলে ‘পাকিস্তান জিন্দাবাদ’, ‘আল্লাহু আকবৰ’ আদি ধবনি দি যি ডত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে, সময় সাপেক্ষ পদক্ষেপ গ্রহণ নকৰিলে ই আমাৰ ভৱিষ্যতৰ বাবে ভয়ংকৰ বিপদ কঢ়িয়াই আনিব আৰু তেতিয়া আমাৰ হাতত পৰিস্থিতিৰ কোনো সমাধান নাথাকিবগৈ৷… মুখ্যমন্ত্রীয়ে সদনক এই কথা জনাবনে যে প্রতিক্রিয়াশীল চক্রৰ এনে তৎপৰতাৰ বিপৰীতে ৰাজ্যৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে চৰকাৰে কি পদক্ষেপ গ্রহণ কৰিছে? ধর্মনিৰপেক্ষতাৰ নামত এনেবোৰ ঘটনা ঘটি থাকিবলৈ দিয়া ডচিতনে? সমাজৰ সুৰক্ষা আৰু সম্প্রীতি অটুট ৰখাৰ স্বার্থত এনেবোৰ প্রতিক্রিয়াশীল চক্রক মষিমূৰ কৰাৰ বাবে চৰকাৰে কি নির্দিষ্ট নীতি গ্রহণ কৰিব?’ (অসম বিধানসভাৰ কার্যবিৱৰণী)

‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দিছিল দুর্বৃত্তই: মুখ্যমন্ত্রী

দুলাল চন্দ্র বৰুৱাৰ এই মনোযোগ আকর্ষক প্রশ্ণৰ ডত্তৰত মুখ্যমন্ত্রী বিমলা প্রসাদ চলিহাই বিধানসভাত জনাইছিল–‘১৯৬৪ চনৰ ১৬ ফেব্রুৱাৰীত ঈদৰ পাছত ৰূপহী বজাৰৰ ওচৰৰ হাতীপুখুৰী (ঘেহুৱা চাৰিআলিৰ ওচৰত) আৰু গডাজানত সন্ধিয়া প্রায় সাত বজাত এদল লোকে ‘নাৰায়ে তকবীৰ’, ‘আল্লাহু আকবৰ’ আদি শ্লোগান দিবলৈ আৰম্ভ কৰে৷ মুহূর্ততে পার্শ্বৱর্তী মুছলিম বসতিপ্রধান খাটোৱাল, কাৱামাৰী, দলনিজুৰীয়া, নগাবন্ধা, শিঙিয়া আদি অঞ্চলৰ বাসিন্দাসকলে একেধৰণে শ্লোগান দিবলৈ আৰম্ভ কৰে৷ পিছ মুহূর্ততে মেহেৰীপাৰ, লালুংগাঁও, কলনীজলা, বৰুণগুৰি, বহাকুন্দা, ধিং চাপৰি আৰু ধিং পথাৰ অঞ্চলৰো একাংশ লোকে একেই শ্লোগান দিবলৈ ধৰে৷ কলনীজলা অঞ্চলৰ একাংশ লোকে ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দিয়াও শুনা যায়৷ স্বাভাৱিকতে ইয়াৰ ফলত জুৰীয়া, চানধৰা, গডাজান, ফুটলজাৰ আদি হিন্দু বসতিপ্রধান এলেকাত চৰম আতংক বিয়পি পৰে৷ ডল্লেখ্য যে এই এলেকাত হিন্দু বাসিন্দাসকল সংখ্যালঘু৷ হিন্দু সম্প্রদায়ৰ জ্যেষ্ঠ লোকসকলে গোটখাই নিজৰ নিৰাপত্তাৰ বাবে সমগ্র পৰিস্থিতি সন্দর্ভত প্রশাসনক অৱগত কৰাৰ সিদ্ধান্ত লয়৷… একাংশ হিন্দু যুৱকে স্থানীয় ভিডিপিৰ সৈতে এখন বাছত নগাঁও অভিমুখে যাত্রা আৰম্ভ কৰে৷ কিন্তু যাত্রা আৰম্ভ কৰি তেওঁলোক শিঙিয়া পোৱাৰ মুহূর্ততে সশস্ত্র মুছলিম দুষৃকতিকাৰীয়ে বাছখনত আক্রমণ চলায়৷ পাছত বাছৰ যাত্রীসকলে নগাঁও থানাত ডপস্থিত হৈ পৰিস্থিতিৰ বিষয়ে প্রশাসনক অৱগত কৰে৷ লগে লগে জিলা বিষয়াসকলে সশস্ত্র বাহিনীসহ ছখন গাডীত জুৰীয়ালৈ যাত্রা কৰে৷ এই কনভয় জুৰীয়াত ডপস্থিত হোৱাৰ সময়ত মুছলিম লোকসকলে শ্লোগান দিয়া বন্ধ কৰে যদিও হিন্দু বসতিপূর্ণ এলেকাৰ আতংকিত মহিলা আৰু শিশুসকলে কেইটামান ঘৰত জুম বান্ধি গোটখাই থকা প্রত্যক্ষ কৰে৷… ঘটনাৰ সময়ত হিন্দু বসতিপূর্ণ হালধি সুঁতিৰপাৰ, ধিং পথাৰ, ধিং চাপৰি আদি অঞ্চলৰ আতংকিত হিন্দু লোকসকলে নিজৰ ঘৰ–দুৱাৰ এৰি পলাই গৈ নিৰাপদ স্থানত আশ্রয় লয়গৈ৷ অৱশ্যে নিশা কোনো অবাঞ্ছিত ঘটনা সংঘটিত নোহোৱাৰ পৰিপ্রেক্ষিতত পিছদিনা এই লোকসকল নিজ নিজ ঘৰলৈ ডভতি যায়৷ তাৎপর্যপূর্ণভাৱে এই এলেকাৰ মুৰব্বী মুছলিম লোকসকলে ‘পাকিস্তান জিন্দাবাদ’, ‘আল্লাহু আকবৰ’ আদি শ্লোগান দিয়া সন্দর্ভত নিজৰ অজ্ঞতা প্রকাশ কৰি কাষৰীয়া এলেকালৈহে অভিযোগৰ আঙুলি টোঁৱাইছে৷ অৱশ্যে কোনো কোনোৱে সন্ধিয়া বৃহৎ জুই দেখি মুছলিম গাঁৱত আক্রমণ সংঘটিত হোৱাৰ আশংকা কৰি এনেদৰে চিঞৰ–বাখৰ কৰা বুলি প্রকাশ কৰিছে৷ প্রকৃততে সেইদিনা লাওখোৱা সংৰক্ষিত বনাঞ্চলত বনজুইহে লাগিছিল আৰু এয়া বনাঞ্চলৰ এক স্বাভাৱিক পৰিঘটনা৷’ (অসম বিধানসভাৰ কার্যবিৱৰণী)

শৰণার্থী শিবিৰত চলাইছিল আক্রমণ

১৯৬৪ চনৰ ২৪ অক্টোবৰত কৰিমগঞ্জৰ ছাৰগোলাৰ কল্যাণপুৰত দুষৃকতিকাৰীয়ে শৰণার্থী শিবিৰত এক ভয়ংকৰ আক্রমণৰ ঘটনা সংঘটিত কৰিছিল৷ পূব পাকিস্তানৰ পৰা পলাই আহি ভাৰতত আশ্রয় লোৱা হিন্দু শৰণার্থীসকলক এই দুষৃকতিকাৰীসকলে আক্রমণৰ লক্ষ্য কৰি লৈছিল৷ দুষৃকতিকাৰীৰ দলে বিভিন্ন সাম্প্রদায়িক শ্লোগান দিয়াৰ লগতে আনকি এখন বিদ্যালয়ৰ ভৱনো জ্বলাই দিছিল৷ ১৯৬৫ চনৰ বিধানসভা অধিৱেশনত এই বিষয়টো ডত্থাপন কৰি কাটিগডাৰ বিধায়ক তাৰাপদ ভট্টাচার্যই কৈছিল যে ১৯৬৪ চনৰ ২৪ অক্টোবৰত এজন ব্যক্তিয়ে দলং এখন ভাঙি থকা দেখা পাই কর্তব্যৰত হোমগার্ডে তেওঁক গ্রেপ্তাৰ কৰি কাষৰ শৰণার্থী শিবিৰলৈ লৈ গৈছিল৷ কিন্তু ইয়াৰ পাছতে প্রায় ২০০ লোকে শিবিৰটো ঘেৰাও কৰি শিবিৰটোৰ কমাণ্ডেণ্টক গ্রেপ্তাৰ কৰা ব্যক্তিজনক মুকলি কৰি দিবলৈ দাবী জনায়৷ কমাণ্ডেণ্টে ধৃত ব্যক্তিজনক এৰি দিবলৈ অস্বীকাৰ কৰাৰ বিপৰীতে ইতিমধ্যে ঘটনাস্থলীত প্রায় ৫–৬ হাজাৰ লোক গোটখায় আৰু তেওঁলোকে ছাৰগোলাৰ শৰণার্থী শিবিৰটোত আক্রমণ চলায়৷ আৰক্ষীয়ে ডত্তেজনা প্রশমনৰ চেষ্টা চলায় যদিও ইতিমধ্যে দুষৃকতিকাৰীয়ে সমীপৱর্তী এখন বিদ্যালয়ৰ গৃহ জ্বলাই সম্পূর্ণ ভস্মীভূত কৰে৷ আৰক্ষীয়ে কেইজনমান দুষৃকতিকাৰীক আটক কৰাৰ চেষ্টা চলায় যদিও সমৱেত লোকসকলে সেই ক্ষেত্রতো আৰক্ষীক বাধা দিয়ে৷

এই মনোযোগ আকর্ষক প্রস্তাৱৰ ডত্তৰত মুখ্যমন্ত্রী বিমলা প্রসাদ চলিহাই সদনক জনাইছিল– ‘ছাৰগোলাৰ শৰণার্থী শিবিৰটোৰ একাংশ ছাকমা শৰণার্থীৰ সৈতে ধান ক্রয়ৰ বিষয়ক লৈ একাংশ মুছলিম লোকৰ মতানৈক্য হৈছিল৷ ইয়াকে লৈ কেইজনমান ছাকমা শৰণার্থীক স্থানীয় বজাৰৰ পৰা ডভতি অহাৰ পথত এদল মুছলিম লোকে আক্রমণ চলায় আৰু তেওঁলোকক আহত কৰে৷ একে সময়তে আব্দুল লতিফ নামৰ এজন ব্যক্তিয়ে শৰণাথ্ শিবিৰৰ কাষৰ এখন দলঙৰ ক্ষতি কৰি থকা দেখা পাই কর্তব্যৰত হোমগার্ডে লতিফক আটক কৰি আনে৷ পাছত লতিফৰ দেডতাকে শিবিৰলৈ আহি এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰি ডভতি যোৱাৰ পথত হঠাৎ ‘আল্লা–আল্লা–আল্লা’ বুলি চিঞৰিবলৈ ধৰে৷ লগে লগে দলংখনৰ সমীপত বহু লোকৰ সমাগম ঘটে৷ তৎমুহূর্ততে ঘটনাস্থলীলৈ ৰাওনা হৈ নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ ইফালে ৰিয়াছৰ আলী নামৰ এজন ব্যক্তিৰ ঘৰত বহু লোক সমৱেত হোৱাৰ তথ্য লাভ কৰি আৰক্ষীৰ দল ঘটনাস্থলীলৈ ৰাওনা হয় আৰু পাঁচজন মুছলিম লোকক আটক কৰি আনে৷ লগে লগে শৰণার্থী শিবিৰৰ সন্মুখত বৃহৎসংখ্যক মুছলিম লোকে সমৱেত হৈ ‘আল্লাহু আকবৰ’ ধবনি দিবলৈ আৰম্ভ কৰে৷ ইয়াৰ সমান্তৰালভাৱে শিবিৰৰ ছাকমা আৰু বেংগলী শৰণাথ্সকলেও ‘জয় হিন্দ’, ‘বন্দে মাতৰম’ শ্লোগান দিবলৈ ধৰে৷ লগে লগে সমীপৱর্তী মুছলিম গাঁওবিলাকত বহু লোক গোটখাই ‘আল্লাহু আকবৰ’, ‘নাৰায়ে–ই–তগবীৰ’ শ্লোগান দিবলৈ আৰম্ভ কৰে৷ মুহূর্ততে মুছলিম লোকসকলে হাতত যাঠী–জোং লৈ শৰণার্থী শিবিৰটোলৈ আহিবলৈ আৰম্ভ কৰে আৰু ৪–৫ হাজাৰ মুছলিম লোক শিবিৰটোৰ সন্মুখত গোটখায়৷ পৰিস্থিতিৰ ক্রমাৎ অধিক অৱনতি ঘটাত ৰাতাবাৰী থানাৰ ভাৰপ্রাপ্ত বিষয়াই আটক কৰা আটাইকেইজন লোকক মুকলি কৰি দিয়ে৷ ইয়াৰ মাজতে এদল দুর্বৃত্তই গৈ শৰণার্থী শিবিৰটোৰ সন্মুখৰ এখন বিদ্যালয় ভৱনত জুই লগাই দিয়ে৷ ফলত বিদ্যালয় ভৱনটো সম্পূর্ণ ভস্মীভূত হয়৷ এই সন্দর্ভত ৰাতাবাৰী থানাত চাৰিটা গোচৰ পঞ্জীভুক্ত কৰি ৭৬জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷’
এই ঘটনাপ্রৱাহে ষাঠিৰ দশকতে অসমত পাকিস্তানী অনুপ্রৱেশকাৰীৰ দৌৰাত্ম্যই কেনে পর্যায় লাভ কৰিছিল তাক স্পষ্টভাৱে প্রতিফলিত কৰে৷ দুর্ভাগ্যৰ বিষয় এয়ে যে পৰিস্থিতিৰ এনে চৰম অৱনতি সত্ত্বেও তদানীন্তন বিমলা প্রসাদ চলিহা চৰকাৰে মুছলিম তোষণ নীতি গ্রহণ কৰি অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণৰ পৰা বিৰত আছিল৷ পাক অনুপ্রৱেশকাৰীক বহিষ্কাৰ কৰাৰ পৰিৱর্তে পাকে–প্রকাৰে সুৰক্ষা দি অসমতে স্থায়ীভাৱে থিতাপি লোৱাৰ সুযোগহে প্রদান কৰা হৈছিল৷ হয়তো ভোটবেংকৰ অংকতে তদানীন্তন কংগ্রেছ নেতৃত্বই এই বিদেশীপ্রীতি নীতি গ্রহণ কৰিছিল৷ সেই সময়ছোৱাৰ বিধানসভাৰ কার্যবিৱৰণী তথা সদনৰ বিতর্কই অন্ততঃ তাকেই প্রতিপন্ন কৰে৷

বিদেশী বহিষ্কাৰৰ বিৰুদ্ধে পদত্যাগৰ ভাবুকি কংগ্রেছৰ মুছলীম বিধায়কৰ

লক্ষণীয়ভাৱে ১৯৬৪–৬৫ চনত অসমৰ পৰা পাকিস্তানী অনুপ্রৱেশকাৰীক বহিষ্কাৰৰ দাবী সজোৰে ডত্থাপন হৈছিল৷ আনকি প্রদেশ কংগ্রেছৰ নেতৃত্বয়ো তেতিয়াৰ বিমলা প্রসাদ চলিহা চৰকাৰক এইক্ষেত্রত তীব্র চাপ দিছিল৷ কেন্দ্রীয় চৰকাৰেও বিদেশী বহিষ্কাৰৰ বাবে তৎপৰ পদক্ষেপ গ্রহণ কৰিবলৈ চলিহা চৰকাৰক স্পষ্ট নির্দেশনা দিছিল৷ এনে পৰিস্থিতিত বিভিন্ন পক্ষৰ হেঁচাত চলিহা চৰকাৰে বিদেশী বহিষ্কাৰৰ বাবে কিছু তৎপৰতা আৰম্ভ কৰিছিল যদিও কংগ্রেছৰে একাংশই বিদেশী বহিষ্কাৰৰ প্রক্রিয়াটোক ব্যাহত কৰাৰ বাবে ব্যাপক কুচকাৱাজ আৰম্ভ কৰে৷ এটা পর্যায়ত পৰিস্থিতিয়ে এনে পর্যায় পায়গৈ যে কংগ্রেছৰ একাংশ মুছলিম বিধায়কে বিদেশী বহিষ্কাৰৰ ক্ষেত্রত মুছলিম লোকক হাৰাশাস্তি কৰাৰ অভিযোগ তুলি বিধানসভাৰ পৰাই পদত্যাগৰ ভাবুকি দিছিল৷ বিধানসভাত বাতৰিকাকতত প্রকাশিত বাতৰিৰ ডদ্ধৃতিৰে এই প্রসংগ ডত্থাপন কৰি যোৰহাটৰ বিধায়ক দুলাল চন্দ্র বৰুৱাই কৈছিল– ‘বিদেশী বহিষ্কাৰ প্রসংগত চৰকাৰৰে মতানৈক্যৰ বাবে একাংশ বিধায়কে পদত্যাগৰ ভাবুকি দিয়া বুলি বাতৰি প্রকাশ পাইছে৷ এয়া নিঃসন্দেহে দেশদ্রোহী কার্য৷ এই বিধায়কসকল যিহেতু শাসক দলৰে সদস্য, সেয়ে তেওঁলোকে নিজৰ মাজতে আলোচনা কৰি বিষয়টোৰ সমাধান কৰিব পাৰে৷ কোনোবা ৰজাই হওক বা বিধায়কেই হওক, তেওঁ এনে পদক্ষেপ লোৱা ডচিত নহয়, যিয়ে আমাৰ দেশখনক দুর্বল কৰি তুলিব৷ এয়া নিশ্চিতভাৱে আমাৰ সকলোৰে বাবে এক সকীয়নি৷’ ডল্লেখ্য যে ১৯৬৫ চনৰ ১৫ জুনত‘Assam Tribune’ কাকতত প্রকাশিত মুছলিম বিধায়কৰ পদত্যাগৰ ভাবুকি শীর্ষক বাতৰি সন্দর্ভত বিধায়ক দুলাল চন্দ্র বৰুৱাই বিধানসভাত এক মনোযোগ আকর্ষক প্রস্তাৱো ডত্থাপন কৰিছিল৷ কিন্তু সেই সময়তে ভাৰত–পাকিস্তানৰ যুদ্ধ আৰম্ভ হোৱাত পৰিস্থিতিৰ জটিলতাৰ প্রতি লক্ষ্য ৰাখি বিধায়ক বৰুৱাই এই প্রস্তাৱটো প্রত্যাহাৰ কৰে৷ লক্ষণীয়ভাৱে এই ভাৰত–পাকিস্তান যুদ্ধৰ সময়তে ১৯৬৫ চনৰ ১৩ ছেপ্ঢেম্বৰত মানকাচৰ সমষ্টিৰ বিধায়ক জেহিৰুল ইছলামক দেশদ্রোহিতাৰ গোচৰত গ্রেপ্তাৰ কৰা হৈছিল৷ অৱশ্যে পাছত অসম চৰকাৰে গোচৰ প্রত্যাহাৰ কৰাত ১৯৬৫ চনৰ ২৭ নৱেম্বৰত বিধায়কজনক মুকলি কৰি দিয়া হৈছিল৷

এই সামগ্রিক প্রেক্ষাপটে এই কথা নিশ্চিত কৰে যে লোকপ্রিয় গোপীনাথ বৰদলৈ আৰু বিষুৰাম মেধিৰ মুখ্যমন্ত্রিত্বৰ কালত বিদেশী অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে কংগ্রেছ চৰকাৰে যি কঠোৰ নীতি অৱলম্বন কৰিছিল, বিমলা প্রসাদ চলিহাৰ কার্যকালত সেই নীতিৰ ক্রমাৎ পৰিৱর্তন ঘটিছিল৷ পূর্বৰ বিদেশী অনুপ্রৱেশকাৰীবিৰোধী কঠোৰ নীতি পৰিহাৰ কৰি চলিহাৰ কার্যকালত এক আপোচৰ কৌশলহে গ্রহণ কৰা হৈছিল৷ কংগ্রেছ দল–চৰকাৰ ক্রমাৎ মুছলিম ভোটবেংকৰ ওপৰত নির্ভৰশীল হৈ পৰিছিল আৰু বিধানসভাৰ সেই সময়ৰ কার্যবিৱৰণীয়েই এই কথা নিশ্চিভাৱে প্রতিপন্ন কৰে৷ আনকি চিনাক্ত হোৱাৰ পাছতো লাখ লাখ বিদেশীক বহিষ্কাৰ নকৰি সংস্থাপিত কৰাৰহে ব্যৱস্থা কৰা হৈছিল৷ বিৰোধী দলৰ লগতে কংগ্রেছৰ ভিতৰচ’ৰাতো বিদেশী বহিষ্কাৰৰ প্রবল দাবী ডত্থাপন হৈছিল যদিও ন্যস্তস্বার্থ জডিত চক্রৰ প্রৰোচনাত সেই দাবীক হেলাৰঙে ডপেক্ষা কৰা হৈছিল৷ কংগ্রেছ চৰকাৰৰ বিদেশী অনুপ্রৱেশকাৰীৰ ক্ষেত্রত এই নীতিৰ পৰিৱর্তন, ভোটবেংকৰ ৰাজনীতিত কংগ্রেছৰ ক্রমবর্ধিত নির্ভৰশীলতা আৰু মুছলিম তোষণ নীতিৰ পৰিণতিতে কেইটামান দশকৰ ভিতৰতে অসমৰ সামাজিক–ৰাজনৈতিক পৰিস্থিতিৰ অভাৱনীয় পৰিৱর্তন ঘটিল৷ সেই সময়ৰ কংগ্রেছ নেতৃত্বৰ এনে আত্মঘাতী স্থিতিৰ বাবেই অসমৰ খিলঞ্জীয়া জনসাধাৰণে সম্প্রতি অস্তিত্বৰ সংকটত ককবকাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ নেতৃত্বৰ এনে বিশ্বাসঘাটকতাৰ পৰিণতিতে অসমৰ খিলঞ্জীয়া জনসাধাৰণে জাতিৰ তথা নিজৰ ভৱিষ্যৎ সন্দর্ভত এতিয়া চৰম অনিশ্চয়তাত ভুগিবলগীয়া হৈছে৷ ছটা দশকৰ পূর্বেই আৰম্ভ হোৱা এই দেশ তথা জাতিধ্বংসী অভিযানৰ চৰম পৰিণতি যে বর্তমান প্রজন্মই ভুগিবলগীয়া হৈছে, সেয়া ১৯৬৪–৬৫ চনৰ সময়ছোৱাৰ বিধানসভাৰ কার্যবিৱৰণীয়েই স্পষ্ট ৰূপত প্রতিপন্ন কৰে৷

You might also like