নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্ছেদৰ পাছত বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলত বাঘৰ বিচৰণ

নিয়মীয়া বাৰ্তা, ১২ মার্চ: ৰাজ্য চৰকাৰে বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলত চলোৱা উচ্ছেদ অভিযানৰ পাছত এতিয়া অঞ্চলটোত প্রৱেশ ঘটিছে বন্যপ্রাণীৰ৷ বিগত সময়ছোৱাত সেই অঞ্চল জনবসতিপূর্ণ হৈ পৰাত কার্যতঃ ‘গৃহহীন’ হৈ পৰিছিল বন্যপ্রাণীসমূহ৷ যাৰ ফলত বিভিন্ন সময়ত নিজৰ আশ্রয়স্থলী নথকাৰ বাবে জনাঞ্চলত প্রৱেশ কৰিছিল৷ যোৱা ৭ আৰু ৯ মার্চত বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলৰ প্রায় দুহাজাৰ হেক্টৰ মাটিত উচ্ছেদ অভিযান সম্পন্ন কৰে৷ বেদখলকাৰীসকলক আঁতৰাই পঠিওৱাৰ পাছতেই সেই অভয়াৰণ্যত খোজ দিয়ে হাতীয়ে৷ শেহতীয়াকৈ সংৰক্ষিত বনাঞ্চলখনলৈ উভতি আহিছে বাঘো৷ উচ্ছেদৰ পাছত কেমেৰাত ধৰা পৰিছে বনাঞ্চলখনৰ ভিতৰত দুটাকৈ প্রকাণ্ড বাঘৰ বিচৰণ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমত দুটাকৈ প্রকাণ্ড বাঘৰ বিচৰণৰ আলোকচিত্র শ্বেয়াৰ কৰি কয়–The Big Cat comes back home! মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্যৰ ভূমি বেদখলমুক্ত কৰিবলৈ চৰকাৰ দায়বদ্ধ৷

You might also like