নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিকে যিবোৰ কথা জনা উচিত

২০০৫ চনৰ ২২ ছেপ্টেম্বৰত প্রধানমন্ত্রী ড০ মনমোহন সিঙে চণ্ডীগড় প্রেছ ক্লাবক সম্বোধন কৰি দিয়া এটা বত্তৃণতাত ভাৰতৰ সংবাদ মাধ্যমৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ তেওঁ কৈছিল যে বজাৰ–দখলৰ প্রতিযোগিতাই সংবাদ–মাধ্যমক উন্মত্ত কৰি তোলাৰ ফলত সাংবাদিকসকলক দায়িত্বহীন আৰু অসংযত হ’বলৈ উচটনি দিয়া হৈছে৷ প্রকৃত সত্য উদ্ঘাটন কৰিবলৈ তেওঁলোকে যিমান সময় আৰু শক্তি খৰচ কৰা উচিত সমানখিনি নকৰে৷ তেওঁলোকৰ আচৰণক তুলনা কৰিব পাৰি সেইসকল ড্রাইভাৰৰ লগত– যিসকল ড্রাইভাৰে পথচাৰীক গাড়ীৰে খুন্দিয়াই ঘুণীয়া কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ প্রধানমন্ত্রীয়ে সাংবাদিকসকলক সকীয়নি দি কয় যে এনে ধৰণৰ অশুভ প্রতিযোগিতাই সত্যক কেনেকৈ বিকৃত কৰে, সেই কথা সাংবাদিকসকলে চিন্তা কৰি চোৱাৰ সময় আহিছে৷
সংবাদ মাধ্যমৰ ওপৰত প্রধানমন্ত্রী ৰুষ্ট হৈ পৰাৰ এটা বিশেষ কাৰণ আছিল৷ তাৰ কিছুদিনৰ আগতে দুখনমান বাতৰিকাকত আৰু এটা ব্যক্তিগত টিভি চেনেলত এনে এটা খবৰ প্রচাৰিত হৈছিল যে ষ্টক মার্কেটক প্রভাৱিত কৰাৰ কাৰণে ব্যৱস্থা ল’বলৈ প্রধানমন্ত্রীৰ কার্যালয়ত এখন বিশেষ বৈঠক অনুষ্ঠিত হৈছিল৷ তেনে এখন বৈঠক হোৱাৰ কথা প্রধানমন্ত্রীৰ কার্যালয়ে জোৰেৰে অস্বীকাৰ কৰিছিল৷ খবৰটো যে ভিত্তিহীন আছিল, সেই কথাও পিছত প্রমাণিত হৈছিল৷
প্রধানমন্ত্রীৰ অভিযোগৰ গুৰুত্ব অনুধাৱন কৰি সেই বিষয়ে অনুসন্ধান কৰিবলৈ এডিটৰছ্ গিল্ড অৱ ইণ্ডিয়াই প্রবীণ সাংবাদিক অজিত ভট্টাচার্যৰ নেতৃত্বত এখন কমিটী গঠন কৰি দিছিল৷ কমিটীখনে দায়িত্বহীন সাংবাদিকতা তথা ইচ্ছাকৃত ভুল বাতৰি পৰিৱেশনৰ দুটা প্রধান কাৰণ চিহ্ণিত কৰিছিল৷ এটা হ’ল প্রচাৰ সংখ্যা বৃদ্ধিৰ কাৰণে বাতৰিকাকতবোৰৰ মাজত হোৱা তীব্র প্রতিযোগিতা৷ আনটো হ’ল বাতৰিৰ উৎস প্রকাশ কৰিবলৈ অনিচ্ছা, অর্থাৎ সেই ক্ষেত্রত অৱলম্বন কৰা অস্বচ্ছতা৷ দায়িত্বহীন আৰু ইচ্ছাকৃত ভুল বাতৰি পৰিৱেশনে যে ব্যক্তি আৰু সমাজৰ অপূৰণীয় ক্ষতি কৰিব পাৰে, সেই কথা স্বীকাৰ কৰি লৈ সমিতিখনে কেইটামান প্রতিকাৰমূলক ব্যৱস্থাৰ পৰামর্শও আগবঢ়াইছিল৷ সেইবোৰৰ ভিতৰত প্রধান পৰামর্শটো হ’ল এই যে প্রতিখন বাতৰিকাকতৰ এনে এটা স্বাধীন কর্তৃত্বশীল সংস্থা থাকিব লাগে– যিটো সংস্থাই বাতৰিকাকতখনত প্রকাশিত সকলো ভুল আৰু দায়িত্বহীন বাতৰিৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিষয়ে তদন্ত কৰি প্রয়োজন অনুযায়ী সেইবোৰৰ শুধৰণি প্রকাশ কৰাৰ ব্যৱস্থা কৰিব পাৰে৷ এনে এটা সংস্থাৰ ওপৰত বাতৰিকাকতখনৰ সম্পাদকীয় আৰু ব্যৱসায় দপ্তৰৰ কোনো নিয়ন্ত্রণ থাকিব নালাগিব৷
ভাৰতৰ দি হিন্দু নামৰ আগশাৰীৰ বাতৰিকাকতখনে এনে এটা ব্যৱস্থা ইতিমধ্যেই কার্যকৰী কৰিছে৷ কিন্তু হিন্দুৱে অজিত ভট্টাচার্য কমিটীৰ নির্দেশত এই কাম কৰা নাই তেওঁলোকে এই কাম কৰিছে ইংলেণ্ডৰ বিখ্যাত দি গার্ডিয়েন নামৰ বাতৰিকাকতখনৰ আর্হিত৷ ২০০৬ চনৰ জানুৱাৰী মাহত হিন্দুৱে গার্ডিয়েনৰ সম্পাদক এলান ৰাছব্রিজাৰ আৰু একেখন কাকতৰে ‘পাঠকৰ সম্পাদক’(Reader’s Editor) ইয়ান মেয়িছক ভাৰতলৈ নিমন্ত্রণ কৰি আনিছিল৷ এলান ৰাছব্রিজাৰৰ বত্তৃণতাৰ বিষয় আছিল– ‘বাতৰিকাকতৰ এটা ভৱিষ্যৎ আছেনে?’ বত্তৃণতা প্রসংগত তেওঁ কোৱা বিভিন্ন কথাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূর্ণ কথাটো আছিল এই যে যিবোৰ বাতৰিকাকতে কেতিয়াও নিজৰ ভুল হোৱাৰ কথা স্বীকাৰ নকৰে বা নিজকে সম্পূর্ণ ত্রুটিহীন বুলি দাবী কৰিব খোজে, তেনেবোৰ বাতৰিকাকতক পাঠকসকলে কেতিয়াও বিশ্বাস কৰিব নালাগে৷ নিজৰ ভুল স্বীকাৰ কৰিলে বাতৰিকাকতৰ বিশ্বাসযোগ্যতা নেহেৰায়৷ বৰং বাতৰিকাকতৰ বিশ্বাসযোগ্যতা কেৱল তেতিয়াহে হেৰায়– যেতিয়া বাতৰিকাকতে নিজৰ ভুলবোৰ নিজে আৱিষ্কাৰ কৰিব নোৱাৰে, বা ভুল স্বীকাৰ কৰিবলৈ আনে তেওঁলোকক জোৰ কৰি বাধ্য কৰিবলগীয়া হয়৷ তাৰ লগতে তেওঁ এই কথাও সদৰী কৰে যে গার্ডিয়েনে বছৰি প্রায় ১,৬০০টা ভুলৰ শুধৰণি প্রকাশ কৰে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ কেইবাখনো ডাঙৰ বাতৰিকাকতে বছৰি প্রকাশ কৰা ভুলৰ শুধৰণিৰ সংখ্যা ইয়াতকৈও বেছি, প্রায় ২,০০০৷ এইটো এটা অতি তাৎপর্যপূর্ণ তথ্য৷ নিজৰ অজস্র ভুল স্বীকাৰ কৰি আৰু মাত্র এটা বছৰতে সহস্রাধিক ভুলৰ শুধৰণি নিজৰ বাতৰিকাকততে প্রকাশ কৰি এই বাতৰিকাকতবোৰে প্রমাণ কৰি দেখুৱাইছে যে তেওঁলোকৰ আনুগত্য কেৱল সত্যৰ প্রতি আৰু পাঠক সমাজৰ প্রতি৷ তেওঁলোক চালিত হৈছে এক উচ্চ নৈতিক আদর্শৰ দ্বাৰা কেৱল লাভ–লোকচানৰ হিচাপৰ দ্বাৰা নহয়৷
বাতৰিকাকতৰ ভৱিষ্যৎ কি? বা ভৱিষ্যতৰ বাতৰিকাকত কেনেকুৱা হ’ব লাগিব? প্রথম প্রশ্ণটোৰ উত্তৰ এই যে বাতৰিকাকতৰ ভৱিষ্যৎ অতি উজ্জ্বল৷ টেলিভিছনে বাতৰিকাকতৰ প্রতি ভাবুকি সৃষ্টি কৰিব বুলি যি আশংকা কৰা হৈছিল, সি মিছা বুলি প্রমাণিত হ’ল৷ টেলিভিছনৰ তৰল সাংবাদিকতা আৰু ক্ষণস্থায়ী উত্তেজনা কেতিয়াও বাতৰিকাকতৰ বিকল্প হ’ব নোৱৰে৷ বৰং এইবুলিহে ক’ব পাৰি যে টেলিভিছনে বাতৰিকাকতক প্রতিযোগিতাৰ কাৰণে প্রত্যাহ্বান জনাই বাতৰিকাকতৰ এটা ডাঙৰ উপকাৰ কৰিলে৷ প্রতিযোগিতাত টিকি থাকিবলৈ বাতৰিকাকতে নিজকে নতুন ৰূপত সজাব লগা হ’ল আৰু নিত্য–নতুন উদ্ভাৱনী প্রতিভাৰ পৰিচয় দিব লগা হ’ল৷ আন কথাত ক’বলৈ গ’লে বাতৰিকাকত কেৱল বাতৰিৰ ব্যৱসায় কৰা বৃত্তি হৈ নাথাকি সি পৰিণত হ’ল বিচিত্র–গামী উচ্চ চিন্তাৰ এক মাধ্যমত৷
বাতৰিকাকতৰ ভৱিষ্যৎ উজ্জ্বল কিন্তু সকলো বাতৰিকাকতৰ নহয়৷ বাতৰিকাকতবোৰৰ নিজৰ মাজতো তীব্র প্রতিযোগিতা আৰম্ভ হৈছে৷ এই প্রতিযোগিতাত কেৱল সেইবোৰ বাতৰিকাকতহে টিকি থাকিব পাৰিব– যিবোৰ বাতৰিকাকতে এতিয়াতকৈ বেছি সত্যনিষ্ঠা, নৈতিক দায়বদ্ধতা আৰু নিত্য–নতুন উদ্ভাৱনী প্রতিভাৰ পৰিচয় দিব পাৰিব৷ এই কথাটো উপলব্ধি কৰিছে কাৰণেই ‘হিন্দু’ৱে বিলাতৰ ‘গার্ডিয়েন’ৰ আর্হি অনুকৰণ কৰি নিজকে সম্পূর্ণ নতুন ৰূপত সজাই পেলাইছে৷ কাকতখনৰ নিৰপেক্ষতা আৰু বিশ্বাসযোগ্যতা ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে এজনombudsman–ও নিয়োগ কৰিছে৷ আনবোৰ বাতৰিকাকতেও আজি নহ’লেও কাইলৈ একেটা পথকে ল’ব লাগিব৷ অজিত ভট্টাচার্য কমিটীৰ প্রতিবেদনে তাৰেই আগলি বতৰা দিছে৷ ভাৰতীয় সাংবাদিকসকলে এই সত্যটো উপলব্ধি কৰাৰ সময় আহিছে যে সাংবাদিকতা আধুনিক সভ্যতাৰ এটা প্রধান চালিকা–শক্তিত পৰিণত হৈছে সেই কথা সততে মনত ৰাখি সাংবাদিকসকলে সাংবাদিকতাক এনে এটা কঠিন সাধনাৰ বিষয় হিচাপে গ্রহণ কৰিব লাগিব– যিটো অর্থত সাহিত্যিকে সাহিত্যক বা বিজ্ঞানীয়ে বিজ্ঞানক সাধনাৰ বিষয় হিচাপে গণ্য কৰে৷
মোৰ অধ্যয়নৰ এটা প্রিয় বিষয় হ’ল পৃথিৱীৰ শ্রেষ্ঠ বাতৰিকাকতবোৰৰ উত্থান–পতনৰ ইতিহাস৷ এই অধ্যয়নে মোক এটা কথা শিকাইছে যে আন যিকোনো বৃত্তিৰ দৰেই সাংবাদিকতাৰ ক্ষেত্রতো আত্মসন্তুষ্টি হ’ল উন্নতিৰ পথত প্রধান অন্তৰায়৷ কৃতকার্যতাৰ সহজ ফর্মূলাৰ যান্ত্রিক পুনৰাবৃত্তি কৰি থকা কোনো বাতৰিকাকতেই পাঠকৰ নিত্য–নতুন প্রত্যাশাক পূৰণ কৰিব নোৱাৰে– যাৰ ফলত তেনেবোৰ বাতৰিকাকত ক্রমবর্ধমান প্রতিযোগিতাত টিকি থাকিব নোৱাৰা হয়৷ প্রতিযোগিতাত টিকি থাকিবলৈ বা নতুন নতুন প্রত্যাহ্বানৰ সন্মুখীন হ’বলৈ বাতৰিকাকতে কেনেকুৱা পন্থা অৱলম্বন কৰিব লগা হয়, তাৰ এটা উদাহৰণ স্বৰূপে আমেৰিকাৰ লছ এঞ্জেলেছ নামৰ বাতৰিকাকতখনৰ কথা উল্লেখ কৰিব পাৰি৷
লছ এঞ্জেলেছ টাইমছক আমেৰিকাৰ ছখন শ্রেষ্ঠ বাতৰিকাকতৰ এখন বুলি ধৰা হয়৷ বাতৰিকাকতখন ব্যৱসায়িকভাৱে অতি সফল হোৱা সত্ত্বেও কাকতখনৰ স্বত্বাধিকাৰী নর্মান চেণ্ডলাৰে অনুভৱ কৰি আছিল যে তেওঁৰ কাকতখন নিউইয়র্ক টাইমছৰ লগত তুলনা কৰিব পৰা ভাল কাকত হোৱা নাই৷ কাকতখনত এটা পৰিৱর্তন আনিবলৈ মন কৰি তেওঁ নিক উইলিয়ামছক মেনেজিং এডিটৰ নিয়োগ কৰি তেওঁ বিচৰা ধৰণৰ পৰিৱর্তনৰ সূচনা কৰিবলৈ নতুন মেনেজিং এডিটৰজনক নির্দেশ দিলে৷ তেওঁ নিক উইলিয়ামছক দিয়া নির্দেশবোৰ আছিল এনেধৰণৰ ঃ‘I want you to push… Then I want some investigative reporting. I want to find out what’s going on. I want reporters to go out there and dig. Above all, I want the paper to be fair.’ That last was particularly significant to Nick Williams becsuse it confirmed, as he had suspected, that Norman Chandler thought the paper had not been fair in the past, that it was the wrong kind of newspaper. (The Powers That Be : David Halberstam).

নর্মান চেণ্ডলাৰে লছ এঞ্জেলেছ টাইমছত যি পৰিৱর্তনৰ সূচনা কৰিছিল, তাক আৰু বহুত বেছি দূৰলৈ আগুৱাই লৈ গ’ল তেওঁৰ পুত্র অটিছ চেণ্ডলাৰে৷ কাকতখনৰ দায়িত্ব লৈয়েই তেওঁ ঘোষণা কৰিলে–‘We are going to spend as much money as it takes to be the best newspaper in the country, and I mean, specifically, The New York Times.’

আমেৰিকাৰ আটাইবোৰ বাতৰিকাকতেই গুণগত দিশত যিখন কাকতৰ আর্হি অনুসৰণ কৰিব খোজে, সেই নিউইয়র্ক টাইমছ কিন্তু আমেৰিকাৰ সর্বাধিক প্রচাৰিত বাতৰিকাকত নহয়– যিদৰে নহয় ভাৰতৰ ‘হিন্দু’৷

You might also like