নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৱী দুর্গাক সন্মান জনোৱাসকলে দেশৰ মহিলাকো সন্মান জনাওকঃ প্রধানমন্ত্রী

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ শাৰদীয় দুর্গাপূজাৰ ষষ্ঠীত পশ্চিমবংগৰ ছল্টলেকত বিজেপিয়ে আয়োজন কৰা এক কার্যসূচীত অংশ লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক পূজাৰ শুভেচ্ছা  জ্ঞাপন কৰে৷ ছল্টলেকৰ ইষ্টার্ন জ’নেল কালচাৰেল চেণ্টাৰত আয়োজিত কার্যসূচীত ভিডি’যোগে অংশ লৈ প্রধানমন্ত্রী মোদীয়ে পূজা তথা উৎসৱৰ বতৰত জনতাক সামাজিক দূৰত্ব বর্তাই ৰখাৰ লগতে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনায়৷

কেন্দ্রৰ ভিজন আত্মনির্ভৰ ভাৰত অভিযান বংগৰ পৰাই শক্তিশালী হ’ব বুলি দাবী কৰি প্রধানমন্ত্রী মোদীয়ে বংগৰ মনীষীসকলৰ দেশ গঢ়াৰ অৱদানৰ বিষয়ে অৱগত কৰে৷ উৎসৱত অংশগ্রহণকাৰীসকলে ক’ভিড–১৯ প্রট’কল মানি চলিবলৈ আহ্বান জনোৱা প্রধানমন্ত্রী মোদীয়ে মহিলা সবলীকৰণৰ ওপৰতো প্রাধান্য দিয়ে৷

প্রধানমন্ত্রীগৰাকীয়্ কয় যে দেৱী দুর্গাক সন্মান জনোৱাসকলে দেশৰ মহিলাকো সন্মান জনাওক৷ দেৱী দুর্গাক পূজা কৰাটো শক্তিৰ প্রতীক বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে তেওঁৰ চৰকাৰে মহিলা সবলীকৰণৰ ক্ষেত্রত অহৰহ কাম কৰি আহিছে বুলি কয়৷ ক’ভিড–১৯সৃষ্ট পৰিস্থিতিৰ বাবে এই বছৰ দুর্গাপূজা সীমিত পৰিসৰত উদযাপন কৰিলেও উছাহ এতিয়াও সীমিত নহয় বুলি কয় প্রধানমন্ত্রীগৰাকীয়ে৷ ভিডিঅ’যোগে প্রধানমন্ত্রী মোদীয়ে অংশ লোৱা বিজেপিৰ এই কার্যসূচীত দলটোৰ শীর্ষ নেতা কৈলাস বিজয়বার্গিয়া, মুকুল ৰয় আৰু কেন্দ্রীয় মন্ত্রী বাবুল সুপ্রিয় উপস্থিত থাকে৷ গায়ক তথা ৰাজনীতিক বাবুল সুপ্রিয়ই ভাষণৰ লগতে সংগীত পৰিৱেশন কৰে৷ উল্লেখ্য যে শাৰদীয় দুর্গোৎসৱত শুভেচ্ছা বার্তা প্রেৰণ কৰাৰ লগতে প্রধানমন্ত্রী মোদীয়ে  এই কার্যসূচীৰে পশ্চিমবংগ দখলৰ অভিযানো আৰম্ভ কৰে৷

You might also like