নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিষেক টেষ্টত অভিলেখ অক্ষৰৰ

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ অভিষেক টেষ্টত ৫ উইকেট দখল কৰা নৱমগৰাকী ভাৰতীয় ক্রিকেটাৰ হিচাপে অভিলেখ ৰচিছে টীম ইণ্ডিয়াৰ উদীয়মান বাঁওহতীয়া স্পিনাৰ অক্ষৰ পেটেলে৷ চেন্নাইত আজি টীম ইণ্ডিয়াৰ বৃহৎ জয়ত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি দ্বিতীয় ইনিংছত ৫টা উইকেট দখল কৰি গুজৰাটৰ স্পিনাৰগৰাকী এই অভিলেখৰ অধিকাৰী হয়৷ ইংলেণ্ডৰ দ্বিতীয় ইনিংছত অক্ষৰে ডম চিবলি, জেক লিচ, জ’ ৰুট, অ’লি পপ আৰু অ’লি ষ্টনৰ উইকেট দখল কৰে৷

ইয়াৰ পূর্বে মহম্মদ নিচাৰে ১৯৩২, ভমন কুমাৰে ১৯৬১, চৈয়দ আবিদ আলীয়ে ১৯৬৭, দিলীপ ডোশীয়ে ১৯৬৯, নৰেন্দ্র হিৰ’ৱানিয়ে ১৯৮৮, অমিত মিশ্রই ২০০৮, ৰবিচন্দ্রন অশ্বিনে ২০১১ আৰু মহম্মদ ছামিয়ে ২০১৩ত টেষ্ট অভিষেকত পাঁচটা উইকেট দখলৰ কৃতিত্ব অর্জন কৰিছিল৷ ইফালে, এই কৃতিত্ব অর্জন কৰা অক্ষৰ পেটেল হ’ল ভাৰতৰ দ্বিতীয়গৰাকী বাঁওহতীয়া স্পিনাৰ৷ টেষ্ট অভিষেকত পাঁচ উইকেট দখল কৰা আনগৰাকী বাঁওহতীয়া স্পিনাৰ আছিল দিলীপ ডোশী৷

You might also like