নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনক সকীয়াই আহি আছে বিধ্বংসী ৰাফেল; ২৯ জুলাইত হাৰিয়ানাৰ আম্বালাত বায়ুসেনা বাহিনীৰ ঘাটিত হ’ব অন্তর্ভুক্ত

নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ সমৰসজ্জাত চীনক প্রত্যাহ্বান জনাবলৈ কঁকালত টঙালি বান্ধিছে ভাৰতে৷ যাৰ বাবে ভাৰতীয় সেনাবাহিনীৰ অস্ত্র ভাণ্ডাৰ শক্তিশালী কৰিবলৈ ইতিমধ্যে বিপুল পৰিমাণৰ পুঁজি কেন্দ্রীয় চৰকাৰে ধার্য কৰিছে৷ ইয়াৰ মাজতে সকলো বিতর্ক আৰু প্রতীক্ষাৰ অৱসান ঘটাই ফ্রান্সৰ পৰা ভাৰতৰ দিশে ৰাওনা হৈছে পাঁচখনকৈ অত্যাধুনিক ৰাফেল যুদ্ধ বমান৷ ফ্রান্সৰ মেৰিগ্নেক এয়াৰ বেছৰ পৰা বহু প্রতীক্ষাৰ অন্তত আজি চীনক সকীয়াই এই বিধ্বংসী যুদ্ধ বিমানকেইখন ভাৰতৰ সমৰসজ্জা সুদৃঢ় কৰাৰ লক্ষ্যৰে উৰা মাৰে৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি, অহা ২৯ জুলাইত হাৰিয়ানাৰ আম্বালা বায়ুসেনাৰ ঘাটিত ‘গ’ল্ডেন এৰ–১৭’ নম্বৰ এয়াৰ স্কোৱাড্রেনৰ অন্তর্ভুক্ত হ’ব বহু প্রতীক্ষিত ৰাফেল যাক সামৰিক পৰিভাষাত কোৱা হয় মাল্টিৰোল কমবেট এয়াৰক্রাফ্ট৷ ৰঙা চীনে ধাৰাবাহিক আগ্রাসনেৰে ভাৰত ভূখণ্ডত অধিকাৰ সাব্যস্ত কৰাৰ চেষ্টা চলাই অহাৰ মাজতে এয়া দেশৰ প্রতিৰক্ষা খণ্ডত এক বৃহৎ সংযোজনৰূপে বিবেচিত হৈছে৷

বেইজিঙৰ ৰক্তচাপ কার্যতঃ বৃদ্ধি কৰি ভাৰতীয় পাইলটে অত্যাধুনিক ৰাফেলক নিজ দেশ অভিমুখে আকাশমার্গেৰে উৰুৱাই অনাটো আজিৰ তাৰিখত চিহ্ণিত হৈছে যথেষ্ট গুৰুত্বপূর্ণৰূপে৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি সকলো ঠিকে ঠাকে থাকিলে অত্যাধুনিক ক্ষেপণাস্ত্র তথা প্রযুক্তিসম্পন্ন ৰাফেলক মোতায়েন কৰা হ’ব পাৰে লাডাখ সীমান্তত৷ উল্লেখ্য যে ২০১৬ চনত ফ্রান্স ভ্রমণলৈ যোৱাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাফেল যুদ্ধ বিমান ক্রয়ৰ চুক্তি সম্পর্কীয় ঘোষণা কৰিছিল৷ ৫৯ হাজাৰ কোটি টকাৰ চুক্তি মর্মে ফ্রান্সৰ যুদ্ধ বিমান প্রস্তুতকাৰী সংস্থা ডাচাল্ট এভিয়েচনৰ সৈতে ৩৬খন ৰাফেল যুদ্ধ বিমান ক্রয়ৰ বুজাবুজি সম্পন্ন কৰিছিল ভাৰতে৷ কিন্তু এই চুক্তিক কেন্দ্র কৰি বিগত সময়ছোৱাত বিতর্কৰ সৃষ্টি হয়৷ নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰৰ সিদ্ধান্তৰ কার্যতঃ বিপৰীত মেৰুত অৱস্থান কৰে কংগ্রেছসহ একাংশ বিৰোধী দলে৷ আনকি বিষয়টোৱে উচ্চতম ন্যায়ালয়ৰ মজিয়াও পাইছিলগৈ৷ বিৰোধীৰ অভিযোগ আছিল অধিক মূল্যৰ বিপৰীতে চুক্তিত স্বাক্ষৰ কৰিছে চৰকাৰে৷

অৱশ্যে উচ্চতম ন্যায়ালয়ে ৰাফেল যুদ্ধ বিমান চুক্তিত কোনোধৰণৰ বিসংগতি নাই বুলি স্পষ্ট কৰি দিয়ে৷ এনেধৰণৰ বিতর্কৰ মাজতে সোমবাৰে ভাৰত অভিমুখে প্রথম পর্যায়ত উৰা মাৰে পাঁচখনকৈ অত্যাধুনিক ৰাফেল যুদ্ধ বিমানে৷ মন কৰিবলগীয়া কথাটো হ’ল যে ইতিপূর্বে ফ্রান্সত ভাৰতীয় বায়ুসেনাৰ ১২জনকৈ পাইলটক ৰাফেল যুদ্ধ বিমান উৰণৰ প্রশিক্ষণ প্রদান কৰা হৈছিল৷ অকল পাইলটে নহয়, ফ্রান্সলৈ প্রেৰণ কৰা হৈছিল ভাৰতীয় বায়ুসেনাৰ কেইবাজনো অভিযন্তাকো৷ এতিয়া সেইসকল পাইলট–ভিযন্তাই ভাৰতলৈ লৈ আহিছে দেশৰ সার্বভৌমত্ব–খণ্ডত্ ৰক্ষাৰ অত্যাধুনিক যুদ্ধাস্ত্র ৰাফেলক৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি ভাৰতলৈ উৰণৰ পথত মঙলবাৰে কিছু সময়ৰ বাবে এই পাঁচখন ৰাফেল যুদ্ধ বিমান অৱতৰণ কৰিব সংযুক্ত আৰব আমিৰ শ্বাহীস্থিত ফৰাচী বায়ুসেনাৰ ঘাটিত৷ তাৰ পিছতেই অত্যাধুনিক যুদ্ধ বিমানকেইখনে পুনৰ ভাৰত অভিমুখে অগ্রসৰ হ’ব৷ আকাশী পথেৰে সমগ্র যাত্রাপথৰ দৈর্ঘ্য হ’ব প্রায় ৭ হাজাৰ কিলোমিটাৰ৷ আম্বালাৰ বায়ুসেনাৰ ঘাটিত উপস্থিত হোৱাৰ পিছতে ভাৰতীয় সামৰিক খণ্ডক সমৃদ্ধ কৰিবলগীয়া ৰাফেল যুদ্ধ বিমানকেইখনক আদৰণি জনাবলৈ সকলো ধৰণৰ প্রস্তুতি ইতিমধ্যে সম্পন্ন কৰা হৈছে৷ অকল প্রস্তুতিয়েই নহয়, আম্বালা বিমান ঘাটিৰ পৰিকাঠামো আৰু প্রযুক্তিগত ক্ষেত্রলৈ অনা হৈছে বহু পৰিৱর্তনো৷

স্মর্তব্য যে ফ্রান্সৰ পৰা ভাৰত অভিমুখে প্রথম পর্যায়ত পাঁচখনকৈ ৰাফেল যুদ্ধ বিমান উৰণৰ সময়ত উপস্থিত আছিল পেৰিছস্থিত ভাৰতীয় ৰাষ্ট্রদূত ব’ন ভ’য়াজে৷ তেওঁ ভাৰতীয় পাইলটসকলক উদ্দেশ্যি নিৰাপদে নিজৰ দেশৰ মাটিত অৱতৰণৰ শুভেচ্ছা জনায়৷ ইয়াৰ সমান্তৰালভাৱে এক টুইটত ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা কোৱা হৈছে এইদৰে– ‘অত্যাধুনিক প্রযুক্তিৰ এই যুদ্ধ বিমান উৰুওৱাৰ বাবে পাইলট আৰু গ্রাউণ্ড ক্রুসকলে ইতিমধ্যে প্রশিক্ষণ গ্রহণ কৰিছে৷ দেশৰ মাটিত উপস্থিত হোৱাৰ পিছতে ৰাফেল যুদ্ধ বিমান সঠিকভাৱে মোতায়েন কৰাটোৱে হ’ব মূল লক্ষ্য৷’ ইফালে, দ্বিতীয় পর্যায়ত ফ্রান্সৰ পৰা আহিবলগীয়া ৰাফেল যুদ্ধ বিমানকেইখনক মোতায়েন কৰা হ’ব পশ্চিমবংগৰ হাছিমাৰাস্থিত বায়ুসেনাৰ বিমানঘাটিত৷ আধুনিক প্রযুক্তিগত এই যুদ্ধ বিমানকেইখন ভাৰতীয় বায়ুসেনাত চামিল হোৱাৰ লগে লগে শত্রু ৰাষ্ট্রক প্রত্যুত্তৰ দিবলৈ দেশৰ সেনাবাহিনীৰ মনোবল যে অধিক বৃদ্ধি পাব, সেই ক্ষেত্রত কোনো সন্দেহ নাই৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে ৰাফেল যুদ্ধ বিমান অন্তর্ভুক্তিৰ কাৰণেই আম্বালা আৰু হাছিমাৰাস্থিত বায়ুসেনা ঘাটিৰ পৰিকাঠামো উন্নত কৰাৰ কাৰণে ব্যয় কৰা হৈছে প্রায় ৪০০ কোটি টকা৷

You might also like