আজিৰে পৰা ভাৰত–ইংলেণ্ডৰ প্রথম টেষ্ট
নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ ইংলেণ্ডৰ মাটিত ব্যর্থতাৰ ইতিহাস সলনি কৰাৰ লক্ষ্যৰে টীম ইণ্ডিয়াই আজিৰে পৰা পাঁচখন মেচৰ টেষ্ট শৃংখলাত অভিযান আৰম্ভ কৰিব৷ ট্রেণ্ট ব্রীজত অনুষ্ঠিত হ’বলগীয়া প্রথম টেষ্টত বিৰাট কোহলি নেতৃত্বাধীন দলটো ইংলেণ্ডৰ বিৰুদ্ধে আঘাতৰ সমস্যা নেওচি খেলপথাৰত নামিবলৈ সাজু হৈছে৷ মায়ংক আগৰৱাল, শুভমন গিল আৰু ৱাশ্বিংটন সুন্দৰ আঘাতৰ সন্মুখীন হৈ শৃংখলা আৰম্ভ হোৱাৰ পূর্বেই দলৰ পৰা বাহিৰ হোৱাত আলহী দলটোৱে মূল একাদশ গঠনক লৈ সমস্যাৰ সন্মুখীন হৈছে৷ আঘাতৰ সমস্যাৰ বাবে দলীয় মেনেজমেণ্টে উদীয়মান অ’পেনাৰ পৃথ্বি শ্ব আৰু মিডল অর্ডাৰ বেটছমেন সূর্য কুমাৰ যাদৱক ইংলেণ্ডলৈ মাতি পঠিয়াইছে যদিও শ্রীলংকা ভ্রমণত ক’ভিড পজিটিভ ক্র’নাল পাণ্ডিয়াৰ সংস্পর্শলৈ অহাৰ বাবে বেটছমেন দুগৰাকীৰ ইংলেণ্ড যাত্রাত বিলম্ব ঘটিছে৷ তেওঁলোকে আজিহে ইংলেণ্ড অভিমুখে ৰাওনা হৈছে৷
নিয়মীয়া অ’পেনাৰৰ সমস্যাত ভোগা টীম ইণ্ডিয়াই এতিয়া প্রথম টেষ্টত লোকেশ ৰাহুলক ইনিংছ মুকলিৰ দায়িত্ব অর্পণ কৰিব৷ কাউণ্টি একাদশৰ বিৰুদ্ধে প্রস্তুতি মেচত ৰাহুলে দর্শনীয় শতক অর্জন কৰি ইতিমধ্যে সুন্দৰ ফর্মৰ ইংগিত দিছে৷ ইংলেণ্ডৰ তাৰকা সমৃদ্ধ বেগী বলিং আক্রমণৰ বিৰুদ্ধে টীম ইণ্ডিয়াক সুন্দৰ আৰম্ভণি দিবলৈ ৰাহুল আৰু ৰোহিত শর্মাই দীঘলীয়া ইনিংছ খেলাটো আৱশ্যক হ’ব৷ মিডল অর্ডাৰত ভাৰতীয় বেটিং বিভাগৰ দায়িত্ব চম্ভালিব অধিনায়ক বিৰাট কোহলি, শ্বেতেশ্বৰ পূজাৰা, আজিংক্য ৰাহানেৰে গঠিত বেটিং ত্রিমূর্তিয়ে৷ বিগত অষ্ট্রেলিয়া ভ্রমণত বিস্ফোৰক বেটিঙেৰে মেচৰ গতি সলনি কৰা উদীয়মান উইকেট ৰক্ষক ঋষভ পণ্টৰ ওপৰতো ভাৰতীয় দলৰ সাফল্য বহুখিনি নির্ভৰ কৰিব৷
ইফালে যশপ্রীত বুমৰাহ, মহম্মদ ছামী, ঈশান শর্মাই ভাৰতীয় বেগী বলিং আক্রমণৰ দায়িত্ব বহন কৰিব৷ শেষ মুহূর্তত দলে হয়তো দুই অভিজ্ঞ স্পিনাৰ ৰবিচন্দ্রন অশ্বিন আৰু ৰবীন্দ্র জাদেজা উভয়কে দলত অন্তর্ভুক্ত কৰিব পাৰে৷ মন কৰিবলগীয়া যে ভাৰত আৰু ইংলেণ্ডৰ এই শৃংখলাৰ জৰিয়তে আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দ্বিতীয়টো চক্র৷ ইংলেণ্ডৰ মাটিত ভাৰতে এতিয়ালৈকে মাত্র তিনিখনহে টেষ্ট শৃংখলাত সফলতা অর্জন কৰিছে৷ ১৪ বছৰ পূর্বে দ্রাবিড়ৰ নেতৃত্বত ভাৰতে ইংলেণ্ডত অন্তিমবাৰৰ বাবে টেষ্ট শৃংখলা জয় কৰিছিল৷